
পূজাৰ পৰা বিহুলৈ... শকত ধনৰ টোপোলা লৈ মৰ্মিতাৰ পদূলিত ভিৰ উদ্যোক্তাৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ ফেব্ৰুৱাৰীঃ ‘ফাষ্টৰ্ ক’পি’ক লৈ আমি অভ্যস্ত৷ নহ’লে ‘ছেকেণ্ড ক’পি’, ‘থাৰ্ড ক’পি হ’লেও চলি যায়৷ ‘ফাষ্টৰ্ ক’পি’ মানে বুজা নাইঞ্জ মানে ডুপ্লি*কেট৷ আগতে ডুপ্লি*কেট শব্দটোৱেই ব্যৱহাৰ হৈছিল, আজিকালি ষ্টাইলত ‘ফাষ্টৰ্ ক’পি’, ‘ছেকেণ্ড ক’পি’ বুলি কয়৷ পল্টন বজাৰত ‘থাৰ্ড ক’পি’ এডিডাছ টি-শ্বাৰ্ট লৈ, ফেন্সি বজাৰৰ ‘ছেকেণ্ড ক’পি’ গুচ্চিৰ ভেনিটী বেগ লৈ বা শ্বিলঙৰ পুলিচ বজাৰৰ পৰা ‘ফাষ্টৰ্ ক’পি’ কেলভিন ক্লেইন জেকেট লৈ আমি গৰ্বৰ অধিকাৰী হ’ব পাৰো৷ ‘ফাষ্টৰ্ ক’পি’ বা ডুপ্লি*কেটত আমি অভ্যস্ত বাবে এতিয়া আমি সকলো জুবিন গাৰ্গৰ ‘ফাষ্ট ক’পি’ত আছন্ন৷ জুবিন গাৰ্গৰ ‘ফাষ্টৰ্ ক’পি’ কোন সেয়া আৰু এতিয়া অসমীয়া দৰ্শকক বুজাই দিবলগীয়া অৱস্থা হৈ থকা নাই৷ ‘হাঁহিলে তুমি মুকুতা মণি সৰে...’ বুলি ৰাজ্যৰ মঞ্চ টিভি চেনেলৰ ষ্টুডিঅ’ কঁপাই ফুৰা পশ্চিম বংগৰ ‘অখ্যাত’ গায়িকা মৰ্মিতা মিত্ৰত এতিয়া অসমবাসী মগ্ন৷ পৰ্টেলৰ পৰা ছেটেলাইট চেনেললৈ, বুম লৈ ঘূৰি ফুৰা সাংবাদিকৰ পৰা ষ্টুডিঅ’ত বহি ইণ্টাৰভিউ লোৱা মেনেজিং এডিটৰলৈ–সকলোৱেই এতিয়া মৰ্মিতা মিত্ৰত গভীৰভাৱে আসক্ত৷ ৰাজ্যৰ চুকে কোণে এতিয়ালৈকে চিনি নোপোৱা দৰ্শককো মৰ্মিতা মিত্ৰৰ গ্লেমাৰ চিনাকি কৰি দিবলৈ তেওঁলোক দায়বদ্ধ৷
জুবিন গাৰ্গ, কেৱল জুবিন গাৰ্গৰ গান গাই অসমত এতিয়া অভাৱনীয় জনপ্ৰিয়তা বুটলিছে পশ্চিম বংগৰ পৰা আহি অসমত ‘ফাষ্টৰ্ ক’পি’ৰে লহৰ তোলা মৰ্মিতা মিত্ৰই৷ প্ৰতিখন ফাংচনত কেৱল জুবিন, জুবিন, জুবিন আৰু জুবিন৷ আক্ষৰিক অৰ্থতেই জুবিন গাৰ্গৰ ডুপ্লিকেট এতিয়া মৰ্মিতা মিত্ৰ৷ গানৰ মাজত কথা কওঁতেও জুবিন দা, জুবিন দা, সাক্ষাৎকাৰৰ মাজৰ কথাতো জুবিন দা, জুবিন দা৷ ছেটেলাইট চেনেলৰ একোটা সাক্ষাৎকাৰত সহস্ৰবাৰ জুবিন গাৰ্গৰ নাম, ডিজিটেল মিডিয়াৰ বাইটত শতবাৰ জুবিন দাৰ প্ৰতি ‘ক্ৰাছ’ৰ কথা৷ এক অৰ্থত কেইদিনমান আগলৈকে কোনেও চিনি নোপোৱা, তামাৰহাটত পূজাৰ পেণ্ডেলত গান গাই থকা মৰ্মিতা মিত্ৰ এতিয়া জুবিনপ্ৰেমীৰ ‘ক্ৰাছ–‘ক্ৰাছ’ ভিজুৱেল মিডিয়াৰো৷ জুবিন, জুবিন শুনি অসমীয়া দৰ্শকে ভগা-ভগা উচ্ছাৰণেৰে অসমীয়া গান গোৱা বাঙালী মৰ্মিতা মিত্ৰৰ মাজত জুবিন গাৰ্গক বিচাৰি পাইছে৷ জুবিনৰ নাম উচ্চাৰণ বা গান গোৱাৰ বাবে যদি ৰয়েল্টি পোৱাৰ ব্যৱস্থা থাকিলহেঁতেন, তেন্তে অসমত জুবিন গাৰ্গৰ ‘ফাষ্টৰ্ ক’পি’ হিচাপে জনপ্ৰিয় হৈ পৰা মৰ্মিতা মিত্ৰৰ উপাৰ্জনৰ সিংহভাগ ৰয়েল্টিতে খৰচ হৈ গ’লহেঁতেন–মৰ্মিতা মিত্ৰ ইমানেই জুবিনৰ ডুপ্লিকেট৷
ৰাজীৱ শদিয়াক লৈ আমাৰ আবেগ আছে আৰু মৰ্মিতা মিত্ৰক দিবলৈ টকা আছে৷ ৰাজীৱ শদিয়াৰ গান আমি ফেচবুকত শুনো আৰু ‘লাভ’, ‘ছেড’ ৰিয়েকচন দি শেষত কমেণ্ট বক্সত ‘আৰআইপি’ লিখি সামৰণি মাৰো৷ হেনা-হুঁচা উচ্চাৰণ কৰিলেও আমি মৰ্মিতা মিত্ৰক ফাংচনলৈ মাতো আৰু এনিশাত ২১ পৰা ৩ লাখ টকা দিওঁ৷ ৰাজীৱ শদিয়াৰ পৰিয়ালৰ ভৱিষ্যত কি হ’ব আমি নাজানো, কিন্ত কলকাতাৰ পৰা আহি জুবিন গাৰ্গৰ ‘কপি’ কৰি গা-জোকাৰি জোকাৰি আমাক ফুৰ্টি কৰিবলৈ দিয়া মৰ্মিতা মিত্ৰক যে আমি ইতিমধ্যেই ৪-৫ কোটি টকা দি দিলো সেইটো দিয়াবোৰে হিচাপ নাৰাখিলেও আমি জানো৷
এটা সৰল অংক৷ এখন ফাংচনত ২ লাখ টকা৷ মৰ্মিতাৰ নিজৰেই ইণ্টাৰভিউত দাবী– এতিয়ালৈকে অসমত তেওঁ ২০০টা ষ্টেজ প্ৰগ্ৰেম কৰিলে৷ সৰল অংকটোৰ উত্তৰঃ ২,০০,০০০*২০০ = ৪, ০০, ০০, ০০০৷ মানে আমি হেনা-হুঁছা উচ্চাৰণেৰে, ‘মোৰ’ শব্দটো ‘মৰ’ বুলি গোৱা, পশ্চিমবংগৰ মঞ্চত থিয় হোৱাৰ সুযোগ নোপোৱা এগৰাকী ‘এভাৰেজ’ বা ‘বিল’ এভাৰেজ’ গায়িকাক এবছৰত ‘মাল্টি মিলিয়নাৰ’ বনাই দিলো৷
কাৰণ আমি ‘ক’পি’ ভাল পাওঁ, ‘ফাষ্টৰ্ ক’পি’ বা তাকো নাপালে ‘ছেকেণ্ড ক’পি’তো আমি সন্তুষ্ট৷ আমাৰেই ভাষা, আনে ভুলকৈ গাইছে, তাকে পইচা খৰচ কৰি শুনি আমাৰ যি ফুৰ্টি, যি আনন্দ, নাচি-বাগি ‘ৰজাৰ দৰে’ উপভোগ কৰি আমি অনিৰ্বৰ্চনীয় সুখত আছো৷
কিন্তু জীৱনকালত আমি ৰাজীৱ শদিয়াক একো নিদিলো৷ অকাল মৃ*ত্যুৰ পাছত আমি সকলোৱে মানি লৈছো, ৰাজীৱ শদিয়া এজন জাতীয়তাবাদী গায়ক আছিল, অসমৰ হৈ, জাতিৰ হৈ গান গাইছিল৷ তেওঁৰ গীতত জাতিৰ কথা আছিল আৰু গীত নিজৰ (অৰিজিনেল) আছিল৷ ৰাজীৱ শদিয়া কোনো জনপ্ৰিয় গায়কৰ ডুপ্লিকেট নাছিল, ‘ফাষ্টৰ্ ক’পি’ নাছিল৷ হৃদ*ৰোগত আক্ৰান্ত হৈ ৰাজীৱ শদিয়াৰ অকাল মৃত্যু হোৱাৰ পাছত আমি তেওঁৰ শিল্পীসত্বাক লৈ গভীৰ আবেগ দেখুৱাইছো৷ কিন্তু জীয়াই থাকোতে শিল্পী ৰাজীৱ শদিয়াক আমি কিমান সুযোগ দিছিলো? এতিয়া এই কথা লুকাই থকা নাই যে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাজীৱ শদিয়াৰ চিকিৎসাৰ বাবে কৰিবলগীয়া ব্যয়েই নাছিল৷ কিয়নো তেতিয়ালৈ ৰাজীৱ শদিয়া ইমান পৰিচিত-জনপ্ৰিয় গায়ক নাছিল৷ আনকি একেটা এলবামত গান গোলা জুবিন গাৰ্গেও ৰাজীৱ শদিয়াক চিনি পোৱা নাছিল৷ নিজস্ব ঢঙত সেয়া জুবিনেই দাবী কৰিছে, যি মৰ্মিতা মিত্ৰক ভালদৰে চিনি পায়, প্ৰশ্ৰয়ো দিয়ে৷ জীৱিত অৱস্থাত ৰাজীৱ শদিয়াক শিল্পী হিচাপে সকলোৱে ঠগিছিল৷ এতিয়াও তেওঁৰ ঘৰত পৰি থকা বাউন্স চেককেইখনে সেই নিৰ্মম সত্যক জোকাৰি আছে৷ একোটা অনুষ্ঠান তেওঁ ২০-৪০ হাজাৰত কৰিছিল, শেষত আয়োজকে এখন চেক হাতত তুলি দিছিল, য’ৰ কেইবাখনো পাছত বাউন্স হৈছিল৷ কেতিয়াবা তেওঁৰ গাড়ী এখন লৈ অনুষ্ঠানলৈ যাবলৈও হাতত ধন নাছিল৷ কেৱল সেয়াইনে? তেওঁৰ ঘৰ আছিল শদিয়াৰ বহু ভিতৰৰ টোপচিঙা গাঁৱত৷ মনোজ চুতীয়া নামৰ এজন শুভাকাংক্ষীয়ে ৰাজীৱ শদিয়াক তিনিচুকীয়াৰ গেলাপুখুৰীত এটুকুৰা মাটি [ৰ কঠা জ্জ লেচা] দান দিছিল, যাতে তেওঁ অনুষ্ঠান কৰিবলৈ, আয়োজকৰ সৈতে যোগাযোগ ৰাখিবলৈ সুবিধা হয়৷ পিছে তেওঁ দানত পোৱা সেই মাটিও এতিয়া পৰিয়ালৰ হাতৰ পৰা যাওঁ যাওঁ৷ মাটি টুকুৰা ৰাজীৱ শদিয়াৰ নামলৈ আনিবলৈ এটা দালালৰ সহায় লোৱা হৈছিল৷ কিন্তু আনন্দ ৰাচি ৱাছিয়া নামৰ দালালটোৱে তেতিয়াৰ ‘অৰিয়েণ্টেল বেংক অৱ কমাৰ্ছ’ৰ মেনেজাৰ অমৃত ঝাৰ সৈতে লগ লাগি মাটি টুকুৰা বন্ধকত ৰাখি ৫০ লাখ টকাৰ ঋণ ল’লে৷ এতিয়া সেই বেংক পঞ্জাৱ নেচনেল বেংকৰ বুকুত জীন গ’ল৷ ফলত ৰাজীৱ শদিয়াৰ বিধবা পত্নী আৰু পুত্ৰ শুভাশিসৰ হাতৰ পৰা সেই মাটিও যাওঁ যাওঁ৷ ৫০ লাখ টকা ক’ত পাব তেওঁৰ পৰিয়ালে?
ফেচবুকত আমি ৰাজীৱ শদিয়াক ভালপাওঁ, কিন্তু ফাংচনত ভুল অসমীয়া উচ্চাৰণ কৰি গান গালেও মৰ্মিতাৰ গ্লেমাৰ বেছি ভালপাওঁ৷ ৰাজীৱ শদিয়াৰ সৈতে একেলগে গীত পৰিৱেশন কৰা আন এজন জাতীয়তাবাদী গায়ক লোহিত গগৈ আজি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন৷ কিন্তু আমি তেওঁৰ খবৰ নাজানো৷ বাঙালীৰ জাতীয়তাবাদৰ ওচৰত আমি লাজ পাব লাগে, পাৰিলে অলপ জাতীয়তাবাদ তেওঁলোকৰ পৰা শিকিব লাগে৷ ভূপেন হাজৰিকা, জুবিন গাৰ্গ আৰু পাপনৰ বাহিৰে অসমৰ কোন গায়কে পশ্চিমবংগৰ চুকে কোনে গান গাই কোটিৰ ঘৰত টকা ঘটিছে? কোন অসমীয়া গায়কক পশ্চিমবংগৰ মঞ্চত বাঙালীয়ে অসমীয়াই মৰ্মিতাক দিয়াৰ দৰে সুযোগ দিছে? নিদিয়ে? অসমীয়া গায়কে বাংলা গাব নাজানে নেকি? সেয়া বাঙালীৰ জাতিপ্ৰেম৷
অথচ এতিয়া ব’হাগ বিহুৰ ফাংচনৰ বাবে মৰ্মিতা মিত্ৰৰ পদূলিত উদ্যোক্তাৰ ভিৰ৷ এতিয়া মৰ্মিতাৰ ডেট পোৱাই টান৷ পাৰিশ্ৰমিকো বাঢ়িছে আঢ়ৈ-তিনি লাখলৈ৷ সমগ্ৰ অসমজুৰি বিহুৰ অনুষ্ঠানৰ বাবে মৰ্মিতা মিত্ৰ হেনো ‘বুক৷’ অথচ অসমীয়াৰ ব’হাগ বিহু কি–সেয়া মৰ্মিতা মিত্ৰই চিনি পোৱা চাগৈ দুবছৰো হোৱা নাই৷ মৰ্মিতা মিত্ৰৰ দপদপনিত এতিয়া ‘অস্তিত্ব’ৰ সংকটত প্ৰিয়ংকা ভৰালী, দীপলীনা ডেকাৰ দৰে শিল্পী৷ তেওঁলোকৰ ‘ৰেট’ মৰ্মিতাতকৈ বেছি৷ তেওঁলোকে নিজৰ [অৰিজিনেল] গান গায়, জুবিনৰ গান গাই শ্ৰোতাক আমোদ নিদিয়ে৷’ ‘প্ৰেজেণ্টেচন’ বা পৰিৱেশনৰ ঢং প্ৰায় তিনিওৰে একেই৷ ইফালে আজিকালি প্ৰায় ফাংচনতে জুবিন গাৰ্গৰ উদ্ভণ্ডালি বাঢ়ি গৈছে৷ ’৯০ দশকৰ দৰে জুবিনে ফাংচনত দৰ্শকক আমোদ দিব নোৱাৰে৷ সেয়ে অসমৰ ‘ফাংচন উন্মাদ’ ৰাইজ এতিয়া জুবিন গাৰ্গৰ ‘ফাষ্টৰ্ ক’পি’তে মগ্ন, আছন্ন৷ বাংলাত কোৱাৰ দৰে–‘দুধেৰ স্বাদ ঘোলে মিটে’ৰ দৰে৷
সন্দেহ নাই মৰ্মিতা মিত্ৰ ‘স্মাৰ্ট৷’ নহ’লেনো তেওঁ ভক্তডোবা, তামাৰহাট, নলবাৰীৰ ‘টেষ্ট’ ইমান ভালকৈ বুজি পায়নে? চিনি পায়নে? ভক্তডোবাৰ কথা কওঁতে এটা সাক্ষাৎকাৰত এটা টেলিভিচন চেনেলৰ এজন মেনেজিং এডিটৰে মৰ্মিতাক বটদ্ৰৱা বুলি শুধৰাই দিছিল৷ কিন্তু মৰ্মিতাই সেই সাংবাদিকৰ ‘স্মাৰ্টনেছ’ ধুলিসাৎ কৰি ভক্তডোবা অসমৰ কোন জিলাত বুজাই দিলে৷ নলবাৰীৰ দৰ্শক যে জুবিন গাৰ্গৰ গানৰ বাবে উত্ৰাৱল তাকো বুজাই দিলে৷ মৰ্মিতাই বিহুও শিকি আছে–এইবাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুত অসমীয়াক বাংলা উচ্ছাৰণেৰে বিহু শুনাবলৈ আৰু লুটিবলৈ৷ কাক কেতিয়া কি লাগে, কাৰ টেষ্ট কি সেয়া বুজি উঠিছে ‘স্মাৰ্ট’ বাঙালী মৰ্মিতা মিত্ৰই৷ তাকে কয় ‘বাঙালী বুদ্ধি৷’