
এইবাৰ চোতালে চোতালে কংগ্ৰেছ
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১০ ফেব্ৰুৱাৰীঃ কংগ্ৰেছে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান৷ এই অভিযানৰ নাম দিয়া হৈছে ‘চোতালে চোতালে কংগ্ৰেছ’৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ১০ফেব্ৰুৱাৰীৰ পুৱাৰে পৰা ‘চোতালে চোতালে কংগ্ৰেছ’ শীৰ্ষক ৰাইজৰ মনৰ কথা শুনা অনুষ্ঠান আৰম্ভ হৈছে৷ আজিৰ দিনটোত মাৰ্ঘেৰিটা আৰু মাকুমত দুখন সভাৰ উপৰিও ৰাইজৰ চোতাললৈ গৈ সুখ-দুখৰ বুজ ল’লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ ৰাইজৰ মনৰ কথা শুনাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নেতৃত্বত চলা দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু গুণ্ডাৰাজৰ তথ্য পৃষ্ঠাই পৃষ্ঠাই মুকলি কৰে৷ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে উপ-সভাপতি গুণকান্ত গগৈ, ৰূপা দেউৰী, বালিকা পেগু, সাধাৰণ সম্পাদক ৰাজেশ যোশী, দুৰ্গা ভূমিজ, ৰাজু চাহু. ৰামান্না বৰুৱা, তিনিচুকীয়া জিলা সভাপতি জয়ন্ত কলিতা প্ৰমুখ্যে নেতা-কৰ্মীসকল উপস্থিত থাকে৷ ১১ ফেব্ৰুৱাৰীত ডিগবৈ আৰু চাবুৱা-লাহোৱাল সমষ্টিত চোতালে চোতালে কংগ্ৰেছৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ পিছত অসমৰ আটাইকেইখন জিলাতে পৰ্যায়ক্ৰমে ৰাইজৰ মনৰ কথা বুজ লোৱাৰ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব৷ এই কাৰ্যসূচীত কংগ্ৰেছে ৰাইজৰ কথাৰ আঁত ধৰি ভৱিষ্যত দিনসমূহৰ বাবে এক কৰ্মসূচী প্ৰস্তুত কৰিব৷ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ সময়ত ৰাইজৰ এই মনৰ কথাক গুৰুত্ব দিয়া হ’ব৷
মাৰ্ঘেৰিটাত ভূপেন বৰা
‘আমাৰ অসম’ৰ লিডুৰ প্ৰতিবেদকঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱা স্বাভাৱিক৷ সকলো ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাইছে৷ কংগ্ৰেছ দলো পিছপৰি ৰোৱা নাই এইক্ষেত্ৰত৷ বিৰোধী দল কংগ্ৰেছেও নিজৰ দলীয় সংগঠন শক্তিশালী কৰি জনসাধাৰণক ৰাজনৈতিকভাৱে সজাগ কৰি তোলাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী৷ পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে ৰাইজৰ কাষ চাপিবলৈ লৈছে নতুন কৰ্মসূচী৷ দলীয় সংগঠন শক্তিশালী কৰাৰ বাবে কংগ্ৰেছ দলে গ্ৰহণ কৰা চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সভাপতি ভূপেন কুমাৰ বৰাই৷ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ মাছে গাঁৱত আজি অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ চোতালে চোতালে কংগ্ৰেছ কাৰ্যসূচী৷ এই কাৰ্যসূচীত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ভাষণত চোতালে চোতালে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ ৰাইজৰ সমস্যাবিলাকৰ বুজ লোৱা তথা ৰাইজৰ মনৰ কথা জানিবৰ বাবে কংগ্ৰেছ দলে চেষ্টা কৰিব৷ অসমৰ সকলো ঠাইতে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ ৰাইজৰ সমস্যাসমূহ ৰাইজৰ চোতালতে উপস্থাপন কৰাৰ সুবিধা পাব বুলি মন্তব্য কৰে নেতাজনে৷ আজিৰ সভাত উপস্থিত থকা বিভিন্ন এলেকাৰ পৰা অহা লোকৰ বক্তব্যৰ আঁত ধৰি এতিয়াও অসমৰ বহু অঞ্চল আছে য’ত আজিও উন্নয়ন হোৱা নাই৷ উন্নয়নৰ আৰু পৰিৱৰ্তনৰ নামত বিজ্ঞাপন আৰু বেনাৰ লগাই প্ৰচাৰ হে চলিছে বুলি অভিযোগ কৰে৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে দিল্লীৰ নিৰ্বাচনৰ ফলাফলে বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগ সন্দৰ্ভত পুনৰ বিবেচনাৰ কৰা হ’ব বুলি তাৎপৰ্যপূৰ্ণ পূৰ্ণ মন্তব্য কৰে সভাপতিজনে৷ মাছে গাঁৱত সভাপতিজন আহি উপস্থিত হোৱাত নেতাজনক উষ্ম আদৰণি জনোৱা হয়৷ সভাপতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, উপ-সভাপতি, বালিকা লাহন পেগু, নবীন গগৈ আৰু ৰাজু চাহু, সাধাৰণ সম্পাদক দুৰ্গা ভূমিৰ আৰু প্ৰাঞ্জল ঘাটোৱাৰ, সম্পাদক অমিত গগৈ, অবিনাশ গগৈ আৰু প্ৰসেনজিত চৌধুৰী, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি জয়ন্ত কলিতা আদিকে ধৰি কেইবাজনো দলীয় নেতাই অংশগ্ৰহণ কৰে৷ নজৰুল হুছেইন আৰু আলফাজ আহমেদে আঁত ধৰা অনুষ্ঠানত পৌৰোহিত্য কৰে ব্লক কংগ্ৰেছৰ সভাপতি তাৰা প্ৰসাদ দিহিঙীয়াই৷ আজিৰ অনুষ্ঠানত কেইবাজনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰে৷ সভাপতি ভূপেন কুমাৰ বৰাই নতুনকৈ দললৈ অহাসকলক আদৰণি জনায়৷ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত ভালেসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে৷ কংগ্ৰেছ দলৰ এই কাৰ্যসূচীয়ে দলটোক কিদৰে লাভান্বিত কৰে সেয়া লক্ষণীয় হ’ব৷