Logo
image

ইউপিপিএলত খাম্ফা-চন্দনৰ হাগ্ৰামাৰ হৈ চিআইডিগিৰি

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ১০ ফেব্ৰুৱাৰীঃ  ‘চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীক মই ইউপিপিএললৈ চিআইডি হিচাপে ডেপুটেশ্বনত পঠাইছোঁ৷ খাম্ফা বৰগয়াৰীয়ে প্ৰতিদিনে মোৰ সৈতে কথা পাতে আৰু ইউ পিপিএলৰ ভিতৰচ’ৰাৰ ৰিপ’ৰ্ট সদায় দি আছে৷ আমি প্ৰতিদিনে ফোনত কথা পাতো৷ চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰী ঘৰৰ ল’ৰা, তেওঁলোক আকৌ ঘৰলৈ উভতি আহিব৷’– এই মন্তব্য বিপিএফৰ      সভাপতি হাগ্ৰামা মহিলাৰীৰ৷ উল্লেখ্য, বিগত ২০০৩ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিএলটিৰ মাজত স্বাক্ষৰিত হৈছিল ত্ৰিপাক্ষিক ঐতিহাসিক বড়ো চুক্তি৷ সেই মৰ্মে প্ৰাক্তন বিএলটি নেতা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে প্ৰতিবছৰে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে৷ বিপিএফ দলে দিনজোৰা কাৰ্যসূচীৰে এইবেলি ২৩সংখ্যক বড়ো চুক্তি দিৱস নতুবা বিটিচি চুক্তি দিৱস উদযাপন কৰে৷ কাৰ্যসূচী অনুসৰি, পুৱা ৯ -৩০ বজাত বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলী তৰ্পন কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷ ইয়াৰ পিছতে হাগ্ৰামা মহিলাৰী সহিতে নেতা-কৰ্মী-সমৰ্থকসকলৰ স’তে সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰত উপস্থিত হয়৷ তাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে হাগ্ৰামা মহিলাৰীয়ে বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে থকা প্ৰতিগৰাকী ছহিদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কাৰ্যসূচী অনুসৰি বড়ো চুক্তি দিৱসৰ স’তে সংগতি ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য- গীতৰ প্ৰদৰ্শিত সভাত হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷  তেওঁ কয় যে ভাৰতৰ সংবিধানৰ সংশোধন কৰি ষষ্ঠ অনুসূচীৰ অধীনত ঐতিহাসিক বিটিচি চুক্তি স্বাক্ষৰিত কৰা হৈছে৷ গতিকে ঐতিহাসিক বড়ো চুক্তি দিৱস বিপিএফ দলে প্ৰতি বছৰে পালন কৰি আহিছে আৰু আগলৈও পালন কৰি যাব৷ চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীৰ দৰে দুগৰাকী সতীৰ্থ তথা বড়ো ৰাজনীতিৰ বলিষ্ঠ নেতা বিপিএফ দল ত্যাগ কৰি যোৱা সন্দৰ্ভত তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰিৱৰ্তে অত্যন্ত সহজভাৱে কয় যে চন্দন-খাম্ফা ইউ পি পি এল দলত গ’লেও কোনো প্ৰভাৱ নপৰে৷ তেওঁ লগতে চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীক ইউপিপিএল দলত চিআইডি হিচাপে ডেপুটেছনত পঠাইছোঁ বুলি মন্তব্য কৰে৷ এনেকি সদ্য বিপিএফ দল ত্যাগ কৰা খাম্পা বৰগয়াৰীৰ স’তে প্ৰতিদিনে তেওঁৰ বাৰ্তালাপ হয় বুলি দাবী কৰি তেওঁক প্ৰতিদিনে ৰিপ’ৰ্ট দি আছে বুলি জানিব দিয়ে৷ হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম, খাম্ফা বৰগয়াৰী আকৌ ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিব বুলি মন্তব্য কৰে৷ তেওঁ আজিও সংবাদ মাধ্যমৰ আগত আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ দলে ২৫খন আসনেৰে শীৰ্ষ স্থানত থাকিব আৰু বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ প্ৰমোদ বড়োই বিটিচিৰ কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত কৰি বৰঞ্চ ১৬টা বিভাগ দিছপুৰক গতাই দিছে বুলি কয়৷ গতিকে বিপিএফ শাসনত আহিলে উক্ত ১৬টা বিভাগ পুনৰ ওভোটাই অনা হ’ব বুলিও তেওঁ কয়৷ হাগ্ৰামা মহিলাৰীয়ে কয়– ইউপিপিএল দলে কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে এই কথা তেওঁলোকে জানে সেয়ে হাহাকাৰ লাগি আছে৷ যি তি বকি আছে বুলি কয়৷ নিৰ্বাচন এপ্ৰিলত হওক বা ছেপ্টেম্বৰতে হওক বিপিএফে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ ৰাজনীতিত ইটো দলৰ পৰা সিটো দলত গৈ থাকিব আহি থাকিব৷ গতিকে চন্দন-খাম্ফা গৈছে আৰু অইন কোনোবাও যাব পাৰে৷ উল্লেখ্য যে ২৩ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে আজি পুৱা ফকিৰাগ্ৰাম, দোতমা, বনৰগাঁও, নাৰাবাৰী, ছালাকাটি, তিনালী বিপিএফৰ ব্লক কাৰ্যালয়ৰ পৰা দেৱৰগাঁৱলৈ মটৰচাইকেল ৰেলী উলিওৱা হৈছিল৷ আনহাতে প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ময়ো সংবাদ মাধ্যমৰ আগত চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰী দলৰ পৰা আতঁৰি যোৱাত দলত কোনো প্ৰভাৱ পৰা নাই বুলি মন্তব্য কৰে৷ তেওঁ বি টি চিৰ ৰাইজে হাগ্ৰামা মহিলাৰীৰ লগতে আছে, আজিও হাগ্ৰামাকেই বিচাৰে ৰাইজে বুলি মন্তব্য কৰে৷ 

বৰপেটাৰোডত প্ৰাক্তন এমচিএলএসহ ৬,০৭০জন ইউপিপিএললৈ

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদকঃ  বিটিছি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰ অঞ্চলত আৰম্ভ হৈছে যোগদানৰ ঢৌ৷ আজি বৰপেটাৰোডত খাম্ফা বৰগয়াৰী আৰু চন্দন ব্ৰহ্মৰ উপস্থিতিত মঠনগুৰি সমষ্টিৰ প্ৰাক্তন নিৰ্দলীয় MCL মাখন স্বৰ্গীয়াৰিয়ে ৬০৭০ গৰাকী কৰ্মী লৈ UPPLত যোগদান কৰে৷ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে চন্দন ব্ৰহ্ম, নতুন কৈ UPPLত যোগদান কৰা খাম্ফা বৰগয়াৰীকে ধৰি কেবগৰাকীও UPPLৰ আগশাৰীৰ নেতা৷ যোগদান কাৰ্যসূচীত সাংবাদিকৰে হোৱা প্ৰশ্নত হাগ্ৰামা মহিলাৰীয়ে খাম্ফা বৰগয়াৰীয়ে ডেপুটেশ্বনত যোৱা সম্পৰ্কে কৰা মন্তব্য সংবাদ মাধ্যমৰ পৰা শুনিছে, তেওঁ কয়– মই ডেপুটেশ্বনত যোৱা নাই, মই UPPLত যোগদান কৰিছোঁ৷ আজি BTC বাসীয়ে UPPLক বিচাৰিছে৷ ৰাজনৈতিকভাৱে আৰু অধিক শক্তিশালী দল গঠন কৰি সমূহ BTC বাসীৰ উন্নয়ন হোৱাটো বিচাৰিছে বুলিও কয়৷ আজি মাখন স্বৰ্গীয়াৰী যোগদান কৰিছে, ১৪ তাৰিখে বাগসা জিলাৰ সভাপতি হিতেশ বসুমতাৰীও UPPL ত যোগদান কৰিব, ইতিমধ্যে BPFত চুনামি আৰম্ভ হৈছে বুলি কয় খাম্ফা বৰগয়াৰীয়ে৷ আনহাতে, চন্দন ব্ৰহ্মই BPF সম্পৰ্কে কয়– যি দলত ৰাইজ নাথাকে, দলীয় কৰ্মী নাথাকে, নেতাসকল নাথাকে সেই দলৰ কি অস্তিত্ব থাকিব বুলি কয়৷ আহি থকা দিনত BPF দল হিচাপে জীয়াই থকাৰ কোনো পৰিৱেশ নাই৷ হাগ্ৰামা মহিলাৰীৰ তৰল-পাতল, হাস্যকৰ মন্তব্যৰ বাবে চিন্তাশীল ব্যক্তিসকলে বেয়া পায়৷ তেওঁৰ বৰ্তমান সময়ত তেওঁ চীফ হোৱাটো অলিক সপোন বুলিও কয় চন্দন ব্ৰহ্মই৷


এবছু-এনডিএফবিয়ে দাবী-ধমকিৰে ধন লৈ উন্নয়ন স্থবিৰ কৰিছিলঃ  শোভাৰাম

‘আমাৰ অসম’ৰ গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ   বিপিএফৰ শাসনকালত এবছু আৰু এনডিএফবিয়ে বিটিচি এলেকাত অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি উন্নয়ন স্থৱিৰ কৰিছিল৷ বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰ, ৰাজ্য আৰু সশস্ত্ৰ সংগঠন বিএলটিৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক বিটিচি চুক্তিৰ পিছত শাসনত বহা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কাৰ্যকালত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ পৰা আৰম্ভ কৰি পৃথক ৰাজ্য গঠনৰ নামত আন্দোলনত নমা সকলেই উন্নয়ন নামত আৱণ্টিত ধন ভিচিডিচিৰ পৰা দাবী-ধমকিৰে সৰকাই বিটিচি এলেকাত উন্নয়ন কিছু পৰিমাণে স্থৱিৰ কৰিছিল৷ এই ভাষ্য প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিপিএফৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি শোভাৰাম বসুমতাৰীৰ৷ বিপিএফ দলৰ উদ্যোগত আজি গোসাঁইগাঁৱত উদ্‌যাপন কৰা ২৩ সংখ্যক বিটিচি চুক্তি দিৱসৰ মুকলি সভাত সভাপতি গৰাকীয়ে আৰু কয়– আজি যিসকলে বিটিআৰত শান্তি স্থাপন হোৱা বুলি ঢোল বজাই আছে, সেই সকলেই বিপিএফৰ শাসনকালত বিভিন্ন ধৰণে বিটিচি এলেকাত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছিল৷ যাৰ ফলত বিপিএফ দলে বিটিচিত স্থায়ী শান্তি আনিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও উত্তৰপাৰাস্থিত গান্ধী ময়দানত আয়োজন কৰা বিটিচি ২৩ সংখ্যক চুক্তি দিৱসৰ মুকলি সভাত দলৰ মুখ্য সাংগঠনিক সম্পাদক তথা মুখপাত্ৰ প্ৰদীপ কুমাৰ ব্ৰহ্মই ঐতিহাসিক বিটিচি চুক্তিৰ বিভিন্ন দিশ উল্লেখ কৰি বক্তব্য দিয়াৰ উপৰি এবছু আৰু এনডিএফৰ মাজত স্বাক্ষৰিত চুক্তি লোকসভা, ৰাজ্যসভা আদি কোনো এখন সদনত গৃহীত তথা ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ কোনো অনুমোদন নথকা বিটিআৰ চুক্তিক অসাংবিধানিক বুলি আখ্যায়িত কৰে৷ সেই হেতুকেই পূৰ্বতে বিটিচি চৰকাৰৰ হাতত থকা বিভিন্ন বিভাগ আৰু সীমা নিৰ্ধাৰণৰ ক্ষমতা ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ হাতলৈ হস্তান্তৰ হোৱা বুলিও মন্তব্য কৰে৷ আদিতে দলীয় পতাকা উত্তোলন কৰে সভাপতি শোভাৰাম বসুমতাৰীয়ে৷ একেদৰে শ্বহীদ সকলৰ স্মৃতিত কলা পতাকা অৰ্ধনমিত কৰি উত্তোলন কৰাৰ উপৰি মৌন প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷ সহস্ৰাধিক কৰ্মকৰ্তা আৰু সমৰ্থকে উপস্থিত থকা বিটিচি চুক্তি দিৱস উপলক্ষে বিপিএফ দলৰ গোসাঁইগাঁও জিলা কমিটীৰ অধীনৰ পাঁচটা প্ৰাইমাৰী কমিটীৰ কাৰ্যালয়ত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰি মটৰ চাইকেল সমদল উলিয়াই সদৰ চহৰৰ গান্ধী ময়দানত জিলা সমিতিয়ে আয়োজন কৰা বিটিচি চুক্তি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ জিলা কমিটীৰ সম্পাদক বিল্লা কুমাৰ ব্ৰহ্মই আঁত ধৰে মুকলি সভা৷ আনহাতে, শৰাইবিল ব্লক কমিটীৰ পতাকা উত্তোলন কৰে উপ-সভাপতি অশোক কুমাৰ মাৰাণ্ডীয়ে৷ সম্পাদক চক্ৰ সিং বৰগয়াৰীয়ে পৰিচালনা কৰি চুক্তি দিৱসত চিৰঞ্জীত ব্ৰহ্মই অৰ্ধনমিত কলা পতাকা উত্তোলন কৰি শ্বহীদ তৰ্পণ কৰে৷