
নগাঁৱৰ ৰহঢলাৰ পুতৰি বিলত অব্যাহত পক্ষী নিধন যজ্ঞ
ডিজিটেল সংবাদ নগাঁও, ১১ ফেব্ৰুৱাৰীঃ পাখি আৰু মাংসৰ বাবে ৰাজ্যত অব্যাহত আছে পক্ষী নিধন যজ্ঞ। বনৰীয়া বা পৰিভ্ৰমী পক্ষীক লৈ গঢ়ি উঠা চোৰাং বজাৰখনৰ বাবেই এতিয়া অবাধ গতিত হত্যা কৰা হয় বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰাই। চোৰাং চিকাৰীয়ে আকাশী জাল বা ফান্দ পাতি গোপনে ধৰি আহিছে এই বিনন্দীয়া চৰাইসমূহ। নগাঁও জিলাৰ গোঁসাইবৰি ডাকঘৰৰ এলেকাধীন ৰহঢলা গাঁৱতো বৰ্তমানেও অব্যাহত আছে বন্য বিহংগ নিধনৰ প্ৰক্ৰিয়া। ৰহঢলাৰ বিখ্যাত আৰু বিশাল পুতৰি বিলত অঞ্চলৰ একাংশ চোৰাং চিকাৰীয়ে আকাশী জাল পাতি জাকে জাকে কৰায়ত্ত কৰি আহিছে বনৰীয়া চৰাই। হাতীচোং, জাগিয়াল আৰু ৰহা মৌজাক সামৰি থকা পুতৰি বিলত চিকাৰীয়ে পাতি থোৱা আকাশী জালত নিতৌ বন্দী হয় শৰালি, বনৰীয়া ৰাজহাঁহ আৰু নেজাল হাঁহকে ধৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী। জালত বন্দী হোৱা এই পক্ষীসমূহ ধল পুৱাতেই চোৰাং চিকাৰীয়ে কৰায়ত্ত কৰি লৈ যায় চোৰাং বজাৰলৈ। জন সমাগমৰ আঁৰত আৰু আছুতীয়া ঠাইত গঢ়ি উঠা এই বজাৰত প্ৰতিযোৰ শৰালি ৮০০ৰ পৰা ১০০০, প্ৰতিযোৰ ৰাজহাঁহ ১২০০ৰ ১৫০০ টকাৰ দৰত বিক্ৰী হোৱাৰো তথ্য পোৱা গৈছে।
ইয়াৰোপৰি একাংশ চোৰাং চিকাৰীয়ে তেওঁলোকৰ ঘৰৰ পৰাই এই অবৈধ বজাৰ চলাই থকাৰ বিষয়েও জানিব পৰা গৈছে। পুতৰি বিলৰ দাঁতিকাষৰীয়া একাংশ গাঁৱত এই বনৰীয়া চৰাইৰ ভজা মাংসৰ জুতি লৈয়ে এচামে নিশা বিশেষ পানীয় পান কৰি নিচাগ্ৰস্ত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ৰহঢলা অঞ্চলৰ একাংশ প্ৰকৃতিপ্ৰেমীয়ে বনৰীয়া পক্ষীকূলৰ সংৰক্ষণৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে যদিও সেয়া সকলো বৰ্তমান অসাৰ প্ৰতিপন্ন হৈছে। বনবিভাগে যদি শীঘ্ৰেই এই দুষ্কাৰ্য ৰোধ নকৰে তেন্তে পুতৰি বিলৰ ঐতিহ্য আৰু শোভা বিলীন হ'বলৈ আৰু বেছি পৰ নালাগিব। উল্লেখ্য যে বিগত প্ৰায় অৰ্ধ শতিকা ধৰি শীতকালছোৱাত এই বিলত বিচৰণ কৰি আহিছে শৰালি, কাম, ৰাজহাঁহ, পানী কাউৰী আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ বন্য পক্ষীয়ে। এক কথাত ক'বলৈ গ'লে দূৰ-দূৰণিৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ এক অন্যতম জিৰণিৰ স্থল এই পুতৰি বিল। কিন্তু এতিয়া চোৰাং চিকাৰীৰ দৌৰাত্ম্যত এই স্থান এতিয়া বন্য বিহংগৰ মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে। পুতৰি বিলত বনৰীয়া চৰাইৰ পাৰভঙা আনন্দৰ কিৰিলিৰ পৰিৱৰ্তে বৰ্তমান শুনা যায় পক্ষীৰ আৰ্তনাদ আৰু সংশয়ৰ বিননি।