
‘এআই’য়ে সমাজ-অৰ্থনীতি সলনি কৰিছে! পেৰিছত মোদী
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ ফেব্ৰুৱাৰীঃ চীনে এটা নতুন এ আই মডেল উদ্ভাৱন কৰি সমগ্ৰ বিশ্বক চমক দিয়াৰ সময়ত পেৰিছত অনুষ্ঠিত ‘এআই একচন’ শীৰ্ষ সন্মিলনত সহ-অধ্যক্ষতা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ বিশ্বক এ আইৰ প্ৰয়োজনীয়তা আৰু প্ৰভাৱ সন্দৰ্ভত বিশদভাৱে বুজাই দিছে৷ সমগ্ৰ বিশ্বই যে এতিয়া এ আই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত প্ৰৱেশ কৰিছে তাকো সেই শীৰ্ষ সন্মিলনৰ পৰা বিশ্বক পাত-পাতকৈ বিবৰি কৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ঘটনাবশতঃ ভাৰতত এতিয়াও উন্নতমানৰ, অৰ্থাৎ বিশ্বৰ আগশাৰীৰ এ আই মডেলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো এ আই মডেল উদ্ভাৱন হোৱা নাই৷ তাৰ অৰ্থ এয়া নহয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এ আই সন্দৰ্ভত অৱগত নহয়৷
এক তথ্যগধুৰ ভাষণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছৰ ‘এ আই একচন’ শীৰ্ষ বৈঠকত সেই সন্দৰ্ভত বিশদ ব্যাখ্যা দিলে৷ তেওঁ ক’লে–‘এ আইৰ আৱিৰ্ভাৱৰ ফলত মেচিন মানুহতকৈ শক্তিশালী হ’ব বুলি অনেকেই আশংকা কৰিছে৷ বহুলোক কৰ্মচ্যুত হ’ব বুলি আতংকিত হৈছে৷ কিন্তু মই কওঁ, তেনে নহয়৷ এ আই ব্যৱহাৰ কৰি এতিয়া অনেকৰ নতুন কৰ্মসংস্থান হ’ব৷ আমাৰ অদৃষ্ট মানুহৰ বাহিৰে মেচিনে কেতিয়াও লিখিব নোৱাৰে৷ আমাৰ ভাগ্য গঢ়ি তোলাৰ বাবে আমি সামুহিক প্ৰচেষ্টা চলাব লাগিব৷ সেই দায়িত্ববোধে আমাক প্ৰকৃত পথ দখুৱাব৷’ তেওঁ পুনৰ কয়–‘এ আয়ে ইতিমধ্যে আমাৰ অৰ্থনীতি, ৰাজনীতি, সমাজক সলনি কৰিছে, নতুন সাঁচত সংস্থাপন কৰিছে৷ আমাৰ নিৰাপত্তাৰ দিশৰ নতুন গতি দিছে৷ এ আয়ে একৈশ শতিকাৰ মানৱ সমাজ ভাগ্যলিপি লিখি আছে৷ ই আমাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক হৈ পৰিব৷’