Logo
image

‘সফল’ ছিংগাপুৰ ভ্ৰমণ সামৰি আজি উভতিব মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ  দেশ-বিদেশৰ আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে আগন্তুক ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনখন সাফল্যমণ্ডিত কৰি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে সাম্প্ৰতিক ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰী গেন কিম য়ঙক সাক্ষাৎ কৰে৷ ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত   মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ ক্ৰমবদ্ধিৰ্ত অংশীদাৰিত্বত অসমে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি ছেমিকণ্ডাক্টৰ, দক্ষতা আৰু সেউজ শক্তি তথা উদ্ভাৱন আধাৰিত উদ্যোগৰ অন্যতম কেন্দ্ৰ হিচাপে অসমক   পৰিগণিত কৰাৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আন্তৰিক পদক্ষেপৰ কথা ব্যক্ত কৰে৷ অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত দেখুওৱা দায়ৱদ্ধতাৰ বাবে আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰখনৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি পুৱা ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰ সকলৰ সৈতেও এক গুৰুত্বপূৰ্ণ তথা ফলপ্ৰসূ বৈঠকত মিলিত হয়৷ এই বৈঠকত অংশগ্ৰহণ কৰা টাটা ইলেক্টªনিকছ, ফুজি মেচিন মেনুফেকচাৰিং, কীচাইট টেক, নৰ্ডচন কৰ্প, লিনটেক কৰ্প, কহু ইংক, ইক’ছফ্‌ট, টপ্পান ফটোমাস্ক, ছিংগাপুৰ বিজনেছ ফেডাৰেচন আৰু ইণ্ডিয়ান অ’চিয়ান গোটৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বৈঠকত মন্তব্য কৰে যে ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক সন্মিলনত বিশ্বাসযোগ্য যোগান শৃংখল আৰু সংযোগৰ জৰিয়তে অসমক ছেমিকণ্ডাক্টৰ হাবলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে৷ আজিৰ এই বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে ছিংগাপুৰৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ মূল অংশীদাৰসকলক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁলোকে ‘এডভাণ্টেজ আছাম ২.০’ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আশা প্ৰকাশ কৰে৷ ছিংগাপুৰ ভ্ৰমণকালতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ৰাষ্ট্ৰখনত এখন ৰোড শ্ব’তো অংশগ্ৰহণ কৰে৷ ২০০ তকৈও অধিক প্ৰতিষ্ঠানৰ ব্যৱসায়িক নেতৃবৃন্দই অংশগ্ৰহণ কৰা এই ৰোড শ্ব’ত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী  সম্ভাৱ্য বিনিয়োগকাৰীক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি ‘এডভাণ্টেজ আছাম ২.০ ’ত অংশগ্ৰহণ কৰি অসমে আগবঢ়োৱা বিভিন্ন সুযোগ-সুবিধা অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ ভৌগোলিক স্থিতিৰ সুবিধা, ছিংগল-উইণ্ডো ক্লীয়াৰেন্স, সঠিক উদগণি, উন্নত আইন-শৃংখলা আৰু শৃংখলাবদ্ধ  কৰ্মচাৰীসকল অসমৰ বাণিজ্যিক সম্ভাৱনাৰ মূল বিশেষত্ব হিচাপে স্বীকৃত হৈ পৰিছে বুলি ব্যৱসায়িক নেতৃবৰ্গৰ আগত উল্লেখ কৰে৷ ছিংগাপুৰৰ বিনিয়োগকাৰীসকলে অসমে আগবঢ়োৱা অনন্য ব্যৱসায়িক সা-সুবিধাসমূহৰ প্ৰতি দেখুওৱা উৎসাহে ৰাজ্য চৰকাৰকো অধিক উৎসাহিত কৰি তুলিছে বুলিও মন্তব্য কৰে  মুখ্যমন্ত্ৰীয়ে৷ তেওঁ লগতে ২০২৩-২৪ বৰ্ষত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৩৫.৬ বিলিয়ন ডলাৰ হোৱাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে ছিংগাপুৰে ভাৰতবৰ্ষৰ ষষ্ঠ বৃহৎ বাণিজ্যিক সংগী হিচাপে উদ্ভাসিত হৈছে আৰু দুয়োখন দেশৰ এই বাণিজ্যিক সম্পৰ্কক অধিক আগবঢ়াই নিয়াৰ দিশত অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷


মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ১৪৩ বিলিয়ন ডলাৰৰ সম্ভাৱ্য জি এছ ডি পি, ১২.২ বিলিয়ন ডলাৰৰ আন্তঃগাঁথনি সবলীকৰণ, দৈনিক ১৫ কিলোমিটাৰ পথ নিৰ্মাণ, ৬ হাজাৰ মেগাৱাট সেউজ শক্তিৰ লক্ষ্য তথা ইতিমধ্যে আহৰণ কৰা ৪.৭ বিলিয়ন ডলাৰ ব্যক্তিগত বিনিয়োগেৰে অসমে বিনিয়োগকাৰীসকলক উৎকৃষ্ট সম্ভাৱনা আৰু বিনিয়োগভিত্তিক উত্তম লাভ প্ৰদান কৰিবলৈ সামৰ্থৱান৷ ছিংগাপুৰ ভ্ৰমণৰ দ্বিতীয় দিনটোত মুখ্যমন্ত্ৰীয়ে আজি মধ্যাহ্ন ভোজনৰ সময়তে দেশখনৰ কেইগৰাকীমান আগশাৰীৰ বিনিয়োগকাৰী তথা অংশীদাৰৰ সৈতেও বিশেষ বাৰ্তালাপত মিলিত হয়৷ মুখ্যমন্ত্ৰীয়ে আজি এ ই এম ছিংগাপুৰৰ চৌহদ পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ বিশ্বমানৰ পৰীক্ষণ সুবিধাসমূহৰ চাক্ষুষ অভিজ্ঞতা গ্ৰহণ কৰে৷ জাগীৰোডত নিৰ্মীয়মান টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমক এক গোলকীয় ছেমিকণ্ডাক্টৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰোৱাৰ দিশত ৰাজ্য চৰকাৰে যাৱতীয় পৰিকল্পনা আৰু পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে ছিংগাপুৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সংস্থা আৰু ছেমিকণ্ডাক্টৰৰ সৈতে জড়িত অন্যান্য খণ্ডৰ অংশীদাৰসকলকো সাক্ষাৎ কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ৰাজ্যখনত বিশ্বৰ অগ্ৰণী উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সহযোগত এক বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰি উদ্যোগ ৪.০ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ অৰ্থে দক্ষ কৰ্মীবাহিনী সৃষ্টিৰ বাবে এক বৃহৎ পৰিসৰৰ প্ৰচেষ্টা গ্ৰহণৰ বিষয়ে অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে আজিৰ এই সাক্ষাৎকালত উপস্থিত থকা এ ই এম হোল্ডিংছ, ক্লিনটেক, লেৱি ইঞ্জিনিয়াৰিং, ষ্টেটছ চিপ্পাক, এণ্টাৰপ্ৰাইজ এছ জিৰ নেতৃবৰ্গ, এক্ৰিবিছ ছীষ্টেমছ, পিইপি ইন’ভেশ্যন, এম টি আই আৰু টেমাছেক পলিটেকনিকৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি ছিলিকন খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান ‘ছিলিকন বক্স’ পৰিদৰ্শন কৰি প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ড॰ বিয়ং জুন হান তথা অন্যান্য বিষয়াসকলৰ সৈতে এক বৈঠকত মিলত হৈ উন্নত প্ৰযুক্তিৰ ‘চীপ’ নিৰ্মাণ প্ৰক্ৰিয়াৰ বিভিন্ন দিশৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে আজি ছিংগাপুৰত বসবাস কৰা একাংশ  ভাৰতীয় লোককো সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে বিভিন্ন বিষয় আলোচনা কৰে৷ উল্লেখ্য, সফল ছিংগাপুৰ ভ্ৰমণ সামৰি আজি উভটিব মুখ্যমন্ত্ৰী৷