Logo
image

আজিৰ পৰা উচ্চতৰ মাধ্যমিক, শনিবাৰৰ পৰা মেট্ৰিক পৰীক্ষা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ  বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ পৰীক্ষা৷ ৰাজ্যৰ মুঠ ৮৫৬ টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত সৰ্বমুঠ ৩,০৬,৯২৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷ ইয়াৰে ১,৪৪,৫০২ জন ছাত্ৰ আৰু ১,৬২,৫২৩ গৰাকী ছাত্ৰী৷ কলা শাখাত অৱতীৰ্ণ হ’ব ২,৩০,০৯১ গৰাকী৷ ইয়াৰে ৯০,১৪৬ জন ছাত্ৰ আৰু ১,৩১,৯৪৫ গৰাকী ছাত্ৰী৷ বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ৫৭,৭২৪ গৰাকী পৰীক্ষাৰ্থী৷ ইয়াৰে ৩২,৯৭৭ জন ছাত্ৰ আৰু ২৪,৭৪৭ গৰাকী ছাত্ৰী৷ বাণিজ্য শাখাত অৱতীৰ্ণ হ’ব ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী৷ ইয়াৰে ১২,৫৫৩ জন ছাত্ৰ    আৰু ৫,৩৬৬ গৰাকী ছাত্ৰী৷ আনহাতে, কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব  ১,২৪১ গৰাকী শিক্ষাৰ্থী৷ ইয়াৰে ৮২৬ গৰাকী ছাত্ৰ আৰু ৪১৫ গৰাকী ছাত্ৰী৷ আনহাতে, ১৫ ফেব্ৰুৱাৰীৰ (শনিবাৰ) পৰা চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব৷ মেট্ৰিকত অৱতীৰ্ণ হ’ব ৪,২৯,৪৪৮ গৰাকী পৰীক্ষাৰ্থী৷ মেট্ৰিকৰ বাবে সাজু কৰা হৈছে  ৯৪৪ টা পৰীক্ষাকেন্দ্ৰ৷


বিগত বৰ্ষৰ তুলনাত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী দুয়োটা পৰীক্ষাতে বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ সংখ্যা৷ নতুন শিক্ষানীতি অনুসৰি ছেবা আৰু উচ্চতৰ মাধ্যমিক সংসদক একত্ৰিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰাৰ পাছত বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিকৰ লগতে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা৷ নতুন পদ্ধতিৰে কাইলৈৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ বিগত শিক্ষাবৰ্ষৰ দৰে এইবাৰো দুয়োটা পৰীক্ষাতে ব্যৱহূত হ’ব অ’ এম আৰ শ্বীট৷ এইবাৰ অ’ এম আৰ শ্বীটসমূহৰ প্ৰতিখনেই এখনৰ পৰা আনখন পৃথক হ’ব৷ পৰীক্ষাসমূহ নিয়াৰীকৈ চলোৱাৰ বাবে প্ৰতি জিলাতে একোখনকৈ লীড কলেজ বাচনি কৰি দিয়া হৈছে৷ লীড কলেজৰ অধ্যক্ষসকলৰ তত্ত্বাৱধানত পৰীক্ষা পৰিচালিত হ’ব৷