Logo
image

সাংসদ-পত্নীৰ আইএছআই লিংক ! মুখ্যমন্ত্ৰী নিশ্চিত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফ্ৰেব্ৰুৱাৰীঃ  কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ সৈতে আইএছআই লিংক বিচাৰি পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত দিছে নিশ্চিতি৷ এডভাণ্টেজ আছাম ২.০১ প্ৰচাৰৰ বাবে ছিংগাপুৰত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে  সামাজিক মাধ্যমত দিয়া কেইবাটাও পোষ্টে বিশেষ তাৎপৰ্য বহন কৰিছে৷ কাৰো নাম উল্লেখ কৰা নাই যদিও মুখ্যমন্ত্ৰীৰ পোষ্টকেইটাত সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক টাৰ্গেট কৰা পৰিলক্ষিত হৈছে৷ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ নাম উল্লেখ নকৰাকৈ গৌৰৱ গগৈৰ পত্নীক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত কয়– ‘ছিংগাপুৰত ভাৰতীয় বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে৷ তদুপৰি অনুমতি পোৱাৰ পাছতো এক চৰ্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব৷ আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়৷ তদুপৰি সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কাল বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া৷ আন এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়– ‘কিছুমান গুৰুতৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব৷ আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ, ব্ৰেইনৱাছ কৰি যুৱক-যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাবাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সন্দৰ্ভত উঠা প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব৷ তদুপৰি ৰাষ্ট্ৰীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধৰ্মান্তৰকৰণ জোঁটত অংশগ্ৰহণ আৰু জৰ্জ ছৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূৰ্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি৷ কিছু ক্ষেত্ৰত দায়বদ্ধতাৰ প্ৰয়োজন হয়৷ কেৱল দায়িত্বচু্যত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব৷ আজি দেশে লুকঢাক নোহোৱাকৈ প্ৰকৃত সত্য জানিবলৈ বিচাৰে৷ সোনকালে হওক বা পলমকৈ হওক–জৰ্জ ছৰছৰ পৰিস্থিতিতন্ত্ৰৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তক প্ৰভাৱিত কৰিছিল, সেই কথা জানিবলৈ পোৱা যাব৷ আশা ৰাখিছোঁ, যথা সময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব৷’ একাংশ প্ৰচাৰ মাধ্যম আৰু দলৰ নেতাই এই বিষয়ক লৈ মাত মাতি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰো নাম উল্লেখ নকৰাকৈ কৰা মন্তব্যই উক্ত বিতৰ্কত সাৰ পানী যোগাইছে৷ কংগ্ৰেছ সাংসদ, লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পত্নীক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়– ‘নিৰ্বাচন আহিলেই মোৰ পত্নীৰ কথা ওলায়৷ এইবাৰ নিৰ্বাচনলৈ এবছৰ আছে যদিও এতিয়াই ওলাইছে৷ গাদী যোৱাৰ ভয়ত বিজেপিয়ে এনেধৰণৰ কথা উলিয়াই থাকে৷ বিজেপিয়ে ভয় খাই এইবোৰ কথা উলিয়াইছে৷ আমি সকলো ৰাইজৰ বিবেকৰ ওপৰত এৰি দিছোঁ৷ বিজেপি আৰু মুখ্যমন্ত্ৰীক লক্ষ্য কৰি তেওঁ কয়– ‘মই ভাবিছো ক’ৰবাত মুখ্যমন্ত্ৰীও অলপ শংকিত হৈছে নেকি৷ যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ নতুন সভাপতি আহিছে তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি? নহ’লে আমি দেখিছো বিজেপিত অন্তিম মুহূৰ্তত কাক মুখ্যমন্ত্ৰী বনাই দিয়ে কোনেও ধৰিব নোৱাৰে, অসম বিজেপিৰ দিলীপ শইকীয়া এতিয়া ভাবী মুখ্যমন্ত্ৰী প্ৰাৰ্থী নেকি? সেইটোক লৈ মুখ্যমন্ত্ৰী শংকিত হৈছে৷ তেওঁৰ মাটি সম্পৰ্ক, মানহানি গোচৰ এইবোৰ সকলো দিল্লীৰ কাণত পৰি আছে৷ সেয়ে শংকিত হৈ ছিংগাপুৰৰ পৰা টুইট কৰি আছে৷’ বুধবাৰে নলবাৰী জিলাৰ মুকালমুৱাত উপস্থিত হৈ এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে৷  


সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ ভাবমূৰ্তি ম্লান কৰাৰ উদ্দেশ্যে পৰিকল্পিত ষড়যন্ত্ৰঃ  ঋতুপৰ্ণ কোঁৱৰ

যোৱা দুদিন ধৰি Mr Sinha আৰু ৰিচি বাগ্ৰী নামৰ দুজন মিছা আৰু বিভেদকামী সাম্প্ৰদায়িক বাতৰি বিয়পোৱা বুলি সামাজিক মাধ্যমত পৰিচিত ব্যক্তিয়ে সাংসদ গৌৰৱ গগৈৰ সহধৰ্মিনীৰ বিৰুদ্ধে নানান ভুৱা অপযশ আনি সামাজিক মাধ্যম দ্ধত update দি আছে৷ যাৰ আলম লৈ অসমত দুটা বিশেষ সংবাদ মাধ্যমে বাতৰিও প্ৰচাৰ কৰাও পৰিলক্ষিত হৈছে৷ ইয়াৰ লগতে বিজেপি দল চৰকাৰৰ একাংশ সমৰ্থকে সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে নানান অভিযোগ আনি প্ৰচাৰ আৰম্ভ কৰিছে৷ যাৰ মূল লক্ষ্যই হৈছে ৰাজনৈতিক ভাবে আৰু সামাজিক ভাবে সাংসদ গৌৰৱ গগৈৰ ভাবমূৰ্তি অসমবাসীৰ সন্মুখত একেবাৰে বিনষ্ট কৰা৷ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসত্য অভিযোগ অনা ব্যক্তিজন কোন আৰু কিয় বিখ্যাত? আমি সামাজিক মাধ্যমত বিচাৰ-খোচাৰ কৰি তথ্য লাভ কৰিলো যে এই দুয়োজন ব্যক্তি সামাজিক মাধ্যমত ভুৱা বাতৰি,তথ্য বিকৃত কৰা আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰচাৰ কৰাৰ বাবে বিতৰ্কিত ব্যক্তি৷ তদুপৰি দুয়োজন অতি হিন্দুত্ববাদী আদৰ্শৰ সমৰ্থক আৰু ৰাজনৈতিকভাৱে বিজেপি দলৰ সমৰ্থক তথা ঘোৰ কংগ্ৰেছ বিৰোধী৷ Mr Sinha বোলাজন হ’ল গুজৰাট নিবাসী৷ এই ব্যক্তি জনৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভুৱা অপপ্ৰচাৰ আৰু বিভেদকামী মন্তব্য কৰাৰ বহু অভিযোগ আছে৷ বিশেষকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্য, সংসদৰ ভাষণ বিকৃত কৰা, সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে অপপ্ৰচাৰ আদি৷ পূৰ্বে সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য প্ৰচাৰৰ অভিযোগ উত্থাপন হৈছিল৷ ইতিমধ্যেই এখেতৰ বিৰুদ্ধে মানহানি গোচৰ আৰু সাম্প্ৰদায়িক উচতনিৰ বিৰুদ্ধে গোচৰ দিছিল৷ যাৰ বাবে Twitter কতৃৰ্পক্ষই নীতি-নিৰ্দেশনা উলংঘা কৰাৰ বাবে সিনহাৰ একাউণ্ট বন্ধ কৰি দিবলগীয়া হৈছিল৷ ঠিক তেনেদৰে Rishi Bagree বোলাজনেও ২০২৪ চনত তেলেংগানাত ৰাহুল গান্ধীৰ ভাষণৰ ভিডিঅ’ বিকৃত কৰি প্ৰচাৰ চলাইছিল৷ যাৰ বাবে তেলেংগানা যুৱ কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে আৰক্ষীত গোচৰ দিছিল৷ ২০২৩ চনত ৰাহুল গান্ধী কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তো উক্ত বিশ্ববিদ্যালয়খনৰ বিৰুদ্ধেই ২০১৯ চনৰ পুৰণি এক তথ্য দি অপপ্ৰচাৰ চলাইছিল৷ ভুৱা প্ৰচাৰ আৰু তথ্য বিকৃত কৰাৰ বাবে ২০১৯ চনতে এই ব্যক্তিজনৰ Twitter account ও কতৃৰ্পক্ষই বন্ধ কৰি দিবলগীয়া হৈছিল৷  

মোৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট মই ভাৰতৰ এজেণ্ট, জয় ভাৰতৰ হ’বঃ  গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ বৰক্ষেত্ৰীৰ প্ৰতিবেদকঃ  ‘মোৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট, মই ইণ্ডিয়াৰ এজেণ্ট, আৰু ইণ্ডিয়া জয়ী হব বুলি আজি মুকালমুৱাত উপস্থিত হৈ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মন্তব্য কৰে৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কাপলাবড়ীস্থিত বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহত উপস্থিত হৈ বৰক্ষেত্ৰীৰ কংগ্ৰেছ কৰ্মীৰ সৈতে মত বিনিময় কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী উপ দলপতি গৌৰব গগৈয়ে৷ সমষ্টি পুনঃ নিৰ্ধাৰণৰ ফলত মানুহবোৰৰ যথেষ্ট অসুবিধা হৈছে বুলি ব্যক্ত কৰি সাংসদজনে কংগ্ৰেছ কৰ্মীয়ে ভোটাৰসকলৰ লগত কেনেদৰে সংযোগ ৰাখিছে এইবোৰ বিষয়ত মত বিনিময় কৰে গৌৰব গগৈয়ে৷ আগন্তুক ২৬ চনৰ বিধানসভা নিৰ্বাচনত অসম সন্মিলিত মৰ্চাৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰব গগৈয়ে কয় এই বিষয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে সকলো কৈছে তেওঁ লগতে যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত ভালদৰে পৰিকল্পনা কৰি আগুৱাব লাগে তেতিয়াহে সফলতা পোৱা যায়৷ বৰ বেছি খৰখেদা কৰোটো ভাল নহয়৷ এতিয়া কংগ্ৰেছক সকলোতে যিধৰণে আদৰি লৈছে ইয়াৰ পৰা নিশ্চিভাৱে ২৬ ৰ বিধানসভা নিৰ্বাচনত চৰকাৰ সলনি হ’ব৷ আনহাতে গৌৰৱ গগৈৰ পত্নীৰ নাগৰিকত্ব সন্দৰ্ভত কয় যে নিৰ্বাচন আহিলেহে মোৰ পত্নীৰ কথা ওলাই আৰু এইবাৰ নিৰ্বাচনলৈ এক বছৰ থাকোঁতে ওলাইছে৷ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি চৰ্চা চলা সন্দৰ্ভত মোৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট, মই ইণ্ডিয়াৰ এজেণ্ট, ইণ্ডিয়া জয়ী হ’ব বুলি সদম্ভে ব্যক্ত কৰে৷ সাংসদজনে লগতে এইবোৰ বিষয় ৰাইজে জানে গতিকে ৰাইজৰ ওপৰত এৰি দিছোঁ আৰু তেওঁলোকৰ লগত যুঁজ দিবলৈ মোৰ পত্নীৰ নিউজ চেনেল নাই বুলিও তেওঁ বিজেপি দল কটাক্ষ কৰে৷ সাংসদজনৰ বৰক্ষেত্ৰী সমষ্টিৰ কৰ্মীসকলক সাক্ষাৎ কাৰ্যসূচীত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন তথা কংগ্ৰেছ দলৰ বহু নেতা কৰ্মী উপস্থিত থাকে৷