
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত সোণোৱাল ?
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চালৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম৷ বিজেপিৰ বৰ্তমানৰ সভাপতি জে পি নাড্ডাৰ কাৰ্যকাল ইতিমধ্যে উকলি গৈছে৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই সন্ধান কৰি আছে নাড্ডাৰ যোগ্য উত্তৰসূৰী৷ দলীয় মঞ্চত নিকা ভাৱমূৰ্তি সম্পন্ন ব্যক্তি হিচাপে সোণোৱালৰ নাম চৰ্চালৈ আহিছে সভাপতি পদৰ বাবে৷ সংঘ পৰিয়ালত সোণোৱালৰ ভাৱমূৰ্তি যথেষ্ট ইতিবাচক৷ তেওঁৰ বিৰুদ্ধে নাই বিশেষ দুৰ্নীতিৰ অভিযোগ৷ কাজেই সোণোৱালে হ’ব পাৰে বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় সভাপতি৷ ইফালে, ২০২৬ৰ পাছত ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ ইংগিত দিছে সদ্যপ্ৰাক্তন প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ তেওঁ হেনো ২৬ৰ পাছত নিৰ্বাচন নেখেলে৷ ২০২৬ৰ পাছত ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰি অভিমানী ভৱেশ কলিতাই বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে ২০২৬ত মই নিৰ্বাচন খেলিম৷ পাছত ২০২৯ চনতে হওঁক বা ২০৩১ চনতে হওঁক, মই নিৰ্বাচন নেখেলোঁ৷ আমি নেতা বনাব লাগে৷ তেওঁক জিকাই দিব লাগে৷ সেয়াই সাফল্য হ’ব৷ কেৱল নিজে নেতা হোৱাটো সাফল্য বুলি নকয়৷ মই আগতেও নেতা বনাইছোঁ৷ আগলৈও নেতা বনাম৷ আজি মাঘী পূৰ্ণিমাৰ দিনা এই কথা কৈছোঁ৷ উল্লেখ্য, মন্ত্ৰিত্ব লাভৰ আশাত প্ৰদেশ বিজেপিৰ সভাপতি পদ এৰি দিছিল ভৱেশ কলিতাই৷ আনকি তেওঁ বহু ঘনিষ্ঠ ব্যক্তিৰ আগত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’বই বুলি প্ৰকাশ কৰিছিল৷ কিন্তু মূৰকত তেওঁৰ নাম অন্তৰ্ভুক্ত নহ’ল অসম মন্ত্ৰীসভাত৷ তাৰ পাছত তেওঁ ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰাটো তাৎপৰ্যপূৰ্ণ৷ ইফালে, মন্ত্ৰী ৰণোজ পেগুক সমালোচনা কৰিবলৈ গৈ শাস্তিৰ সন্মুখীন হৈছে বিজেপিৰ এজন নেতা৷ মন্ত্ৰী ৰণোজ পেগুক লৈ বিতৰ্কিত মন্তব্য কৰা আকাশ ফুকনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিয়ে৷ বিজেপি নেতা আকাশ ফুকনক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে৷ কেৱল মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নহয় সাংসদ কামাখ্যা প্ৰসাদ তাছাক লৈয়ো আকাশ ফুকনে কৰিছিল আপত্তিজনক মন্তব্য৷ মূলতঃ দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ ৰোষত পৰিছে বিতৰ্কিত বিজেপি নেতাজন৷
বোকাখাতৰ বিতৰ্কিত এই বিজেপি যুৱ নেতাজনে বাৰে বাৰে দলৰ ক্ষতি কৰা কাৰ্যত লিপ্ত হোৱাৰ যেন একপ্ৰকাৰ প্ৰতিযোগিতাতহে নামিছে৷ নিজ দলৰে মন্ত্ৰী, সাংসদক নমনা আকাশ ফুকনে কেৰেপ নকৰে দলৰ সাধাৰণ কৰ্মীসকলক৷ একাংশ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতা থকাৰ বাবে মন্ত্ৰী-সাংসদকলৈ আপত্তিজনক মন্তব্য কৰাৰ পাছতো বাচি থকা আকাশ ফুকনে অতিক্ৰম কৰিছিল সকলো সীমা৷ শেহতীয়াকৈ এইজন বিতৰ্কিত নেতাৰ হাতত প্ৰহৃত হৈছিল দলীয় কৰ্মী৷ তদুপৰি সন্মুখীন হৈছিল বিভিন্ন ভয়-ভাবুকিৰ৷ বাৰে বাৰে এইদৰে দলৰ নেতা, কৰ্মীক অপদস্থ কৰি অহা আকাশ ফুকনক অৱশেষত সকলো দলীয় বিষয়বাবৰ পৰা অব্যাহতি দিয়া হৈছে৷ এটা ঠিকাক কেন্দ্ৰ কৰি আকাশ ফুকনে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক অশালীন গালি-গালাজ কৰিছিল৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে তেওঁক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈয়ো আহ্বান জনাইছিল৷ সেই মতেই পৰৱৰ্তী সময়ত আকাশ ফুকনে মন্ত্ৰী ডাঃ ৰণোজ পেগুক ক্ষমা খুজিছিল যদিও চৰিত্ৰৰ বিশেষ কোনো পৰিবৰ্তন নহ’ল৷ সীমা অতিক্ৰম কৰাৰ বাবে অৱশেষত দলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি আকাশ ফুকনক দলীয় সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়ে৷