Logo
image

কৰ’নাৰ আতংকৰ মাজতে আই পি এল

কৰ’নাৰ দ্বিতীয় ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যক বেয়াকৈ আক্ৰান্ত কৰিছে৷ ফলত মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত আকৌ এবাৰ লকডাউন ঘোষণা কৰিবলগীয়া হৈছে৷ মহাৰাষ্ট্ৰৰ লগতে দিল্লী, পাঞ্জাব, মধ্য প্ৰদেশ, কৰ্ণাটকতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ তাৰ মাজতে ৯ এপ্ৰিলৰ পৰা দেশৰ ছখন চহৰ ক্ৰমে– চেন্নাই, মুম্বাই, আহমেদাবাদ, দিল্লী, বেংগালুৰু আৰু কলকাতাত আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] চতুৰ্দশ ছীজন৷ দেশত কৰ’নাৰ সবাতোকৈ বেছি সংক্ৰমিত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ৷ সেইবাবে মুম্বাইত আই পি এলৰ খেলক লৈ শংকাৰ সৃষ্টি হৈছে৷  কিন্তু  কৰ’না সংক্ৰমণ বৃদ্ধি পাই থাকিলেও আই পি এল আয়োজনৰ ক্ষেত্ৰত কোনো বাধা নহয় বুলি প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে৷ উল্লেখ্য, মহাৰাষ্ট্ৰত ঘোষণা কৰিছে আংশিক লকডাউন৷ চিনেমা হল, শ্বপিং মল, জীম আৰু ৰেস্তোৰাঁবোৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে৷ কিন্তু তাৰ মাজতে আই পি এল অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে৷ আই পি এলৰ খেল আয়োজনৰ ক্ষেত্ৰত সকলো বাধানিষেধ মানি চলিব লাগিব৷ খেলপথাৰত দৰ্শকক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব৷ উল্লেখ্য, মুম্বাইত এইবাৰ আই পি এলৰ দহখন খেল অনুষ্ঠিত হোৱাৰ কথা৷ কিন্তু টুৰ্নামেণ্টখনলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত ৱাংখেড়ে ষ্টেডিয়ামৰ ১০জন গ্ৰাউণ্ড ষ্টাফৰ লগতে আই পি এল আয়োজক দলৰ সাতজনকৈ সদস্য কৰ’নাত আক্ৰান্ত হোৱাটোও চিন্তাৰ কাৰণ হৈ পৰিছে৷ কেৱল গ্ৰাউণ্ডছমেন আৰু আয়োজক কমিটীৰ সদস্যই নহয়, আই পি এলত ভাগ ল’বলগীয়া কেইবাজনো ক্ৰিকেটাৰো আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত৷ এনে স্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে–দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে আতংকৰ সৃষ্টি কৰা সময়ত আই পি এল আয়োজন কৰাটো যুক্তিসংগত হ’বনে? তাৎপৰ্যপূৰ্ণ যে কৰ’না ভাইৰাছৰ সংশয়ৰ বাবেই আই পি এলৰ  ত্ৰযোদশ ছীজন অনুষ্ঠিত কৰা হৈছিল ইউনাইটেড আৰব এমিৰেটছত৷ দৰ্শক অবিহনে সেইবাৰ টুৰ্নামেণ্ট অনুষ্ঠিত হৈছিল৷ কিন্তু এইবাৰ বি চি চি আয়ে আই পি এল ভাৰতত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই জোৰ দি আহিছে৷

এটা কথা স্বীকাৰ্য যে আই পি এল অনুষ্ঠিত নহ’লে আৰ্থিক দিশত যথেষ্ট ক্ষতি হ’ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড [বি চি চি আই]৷ সেইবাবে বিচাৰিছে যিকোনো প্ৰকাৰে টুৰ্নামেণ্টখন অনুষ্ঠিত কৰাটো৷ কিন্তু ক্ৰিকেটাৰসকলৰ স্বাস্থ্যৰ বিষয়টোলৈ গুৰুত্ব দি বি চি চি আয়ে বৰ্তমানৰ স্থিতিত আই পি এল স্থগিত ৰখাৰ পোষকতা কৰিছে৷ এনেধৰণৰ শংকাৰ বিপৰীতে বি চি চি আইৰ যুক্তি হৈছে যে সম্পূৰ্ণ জৈৱিক সুৰক্ষিত পৰিৱেশত টুৰ্নামেণ্টখন অনুষ্ঠিত কৰা হ’ব৷ যিকেইখন চহৰত আই পি এলৰ খেল অনুষ্ঠিত হ’ব, সেই ঠাইত ক’ভিড প্ৰট’কল কঠোৰভাৱে মানি চলিবলৈ সংশ্লিষ্ট ৰাজ্যিক সন্থাবোৰক নিৰ্দেশ দিয়া হৈছে৷ বি চি চি আয়ে স্পষ্ট কৰি দিয়ে যে আই পি এলৰ বাবে বিকল্প হিচাপে হায়দৰাবাদ, লক্ষ্ণৌ আৰু ইন্দোৰৰ কথা ভবা হৈছে যদিও  টুৰ্নামেণ্টখনলৈ সময় কম থকা বাবে খেল স্থানান্তৰ কৰাটোও সম্ভৱ নহ’ব৷ কৰ’নাসৃষ্ট সমস্যাৰ বাবে ঘৰুৱা ক্ৰিকেট ছীজন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷ ছৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাড়ে ট্ৰফীৰ বাহিৰে বি চি চি আইৰ সকলো প্ৰতিযোগিতা বাতিল কৰা হৈছে৷ তাৰ মাজতে অৱশ্যে জৈৱিক সুৰক্ষিত পৰিৱেশত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা৷ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে ঘোষণা কৰা লকডাউন আৰু ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ক্ৰীড়াক্ষেত্ৰৰ বৃহৎ ক্ষতি হৈছে৷ প্ৰতিযোগিতাবোৰ পুনৰ আৰম্ভ হৈছে  আৰু এই পৰিৱেশ ব্যাহত হোৱাটো কাৰো কাম্য নহয়৷ সতৰ্কতা অৱলম্বন আৰু ক’ভিড বিধি মানি চলাটোৱেই এইক্ষেত্ৰত সবোৰ্ত্তম উপায়৷