Logo
image

‘ৰামধেনু’ যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ মৃত্যু

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ  ৰামধেনু যুগৰ গল্পকাৰ, বিশিষ্ট সাহিত্যিক নগাঁও চহৰৰ খুটিকটীয়া নিৱাসী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ  কালি সন্ধিয়া দেহাৱসান ঘটে৷ ভদ্ৰেশ্বৰ ৰাজখোৱা ৰামধেনু যুগৰ এজন সংবেদনশীল গল্পকাৰ হিচাপে অসমৰ সাহিত্য জগতত পৰিচিত আছিল৷ ১৯৪৪ খ্ৰীষ্টাব্দৰ ১ মাৰ্চত জন্মগ্ৰহণ কৰা ৰাজখোৱাই ১৯৬৩ চনৰ পৰা গল্প ৰচনাৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল৷ মহাবিদ্যালয়পৰ্যায়ৰ শিক্ষা সমাপ্ত কৰি তেওঁ ১৯৬৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে ২০০১ চনত সাহিত্যিক পেন্সনেৰে সন্মানিত কৰে৷ ৰাজখোৱাই ২০০২ চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী সোঁৱৰণী বঁটা, ২০০৮ চনত দশম জ্যোতিৰূপা মিডিয়া বঁটা, ২০১৭ চনত গোলোক ৰায়মেধি স্মাৰক কৰ্মযোগী বঁটা, ২০২১চনত গল্পসৌৰভ যতীন বৰা সোঁৱৰণী বঁটাৰ লগতে একেটা বৰ্ষতে অসম প্ৰৱাহ সাহিত্য বঁটা লাভ কৰে৷ তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হৈছে;  উপন্যাস- ঢৌ খেলি ঢৌ খেলি, বৰফ, শম্ভুধন ফাংল’চা৷ কলং বৈ যায়৷ গল্প সংকলন-এখন নতুন দলং, মই বুজি পালোঁ, এদিন ক্লিওপেট্ৰাই কান্দিছিল, মা, তললৈ আৰু তললৈ, কেম্প্ৰটী জলপ্ৰপাত, নাতি আৰু হাতী আৰু মোৰ গাঁও মোৰ দেশ৷ ৰাজখোৱাৰ ১৯৮৪ চনত ওড়িশাৰ পটভূমিত ‘ঢৌ খেলি ঢৌ খেলি’, কাশ্মীৰৰ পটভূমিত ‘বৰফ’, ডিমা হাছাওৰ পটভূমিত ‘শম্ভূধন ফংল’ছা’ আৰু ‘কলং বৈ যায়’ নামেৰে তিনিখন উপন্যাস প্ৰকাশ পায়৷


 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাজখোৱাই কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙিয়াল দিনবোৰক আলফুলে বুকুত সাবটি ২০১৪ চনত প্ৰণয়ন কৰি উলিয়াইছিল ‘জালুকবাৰীৰ সুবাস’ নামৰ এখন প্ৰবন্ধ সংকলন৷ মৃত্যুৰ সময়ত ৰাজখোৱাই পত্নীৰ উপৰি এজন পুত্ৰ-বোৱাৰী আৰু এগৰাকী এৰি থৈ গৈছে৷ ৰাজখোৱাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে৷ অসম সাহিত্য সভাৰ জাতীয় ন্যাস সমিতিৰ প্ৰাক্তন আহ৩ায়ক, অৰুণোদয় সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক সভাপতি, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, ৰ’টাৰী ক্লাব-নগাঁৱৰ প্ৰাক্তন সভাপতি তথা ৰামধেনু যুগৰ প্ৰখ্যাত কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে ডাঙৰ ক্ষতি বুলি মন্তব্য কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড॰ শৰৎ বৰকটকীয়ে কয় যে, ৰাজখোৱাৰ গল্পত অসমীয়া সমাজত চলি থকা নিভাঁজ চিত্ৰ প্ৰতিফলিত হৈছে৷ ড॰ বৰকটকীয়ে লগতে কয় যে ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাৰ গল্পত জীৱন আৰু সমাজৰ সঁচা ছবিখনৰ লগতে পৰম্পৰাগত গ্ৰাম্য জীৱন সত্ত্বা নান্দনিক ৰূপত প্ৰকাশ হৈছে৷ অসমীয়া গাঁও ছবিৰ মাজতেই আধুনিক জীৱনৰ সংকট প্ৰকাশ কৰাটো ৰাজখোৱাৰ গল্পৰ অভিকেন্দ্ৰ আছিল৷