Logo
image

৬২ কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ ৰায়পুৰত নিৰ্মাণ হ'ব ৰে'লৱে অভাৰ ব্ৰীজ

'আমাৰ অসম'ৰ বজালীৰ প্ৰতিবেদকঃ ৬২ কোটি টকা ব্যয় সাপেক্ষে পাঠশালাৰ দাঁতি-কাষৰীয়া ৰায়পুৰত অসম মালা পথৰ ওপৰত নিৰ্মাণ হ'ব এখন নতুন ৰে'লৱে অভাৰ ব্ৰীজ। বুধবাৰে এই কথা ঘোষণা কৰে জেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৷ বুধবাৰে সন্ধিয়া তেওঁ সমাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়- অসম মালা আঁ‌চনিৰ ১১৪ কোটি টকা ব্যয় সাপেক্ষে সৰ্থেবাৰীৰ পৰা ৰামপুৰ-টেপাৰট্টাৰি-জানিৰাম পথেৰে আহি পাঠশালাৰ দাঁতি-কাষৰীয়া ৰায়পুৰ গাঁৱলৈকে প্ৰায় ১৭ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম চলি আছে যদিও ৰে'লৱে অভাৰ ব্ৰীজখনে অনুমোদন লাভ কৰা নাছিল ৷ 


কিন্তু অতি সুখৰ খবৰ যে, সম্প্ৰতি ৰে'ল বিভাগে ৰে'লৱে অভাৰ ব্ৰীজখনৰ অনুমোদন প্ৰদান কৰিছে আৰু ইতিমধ্যে ব্ৰীজৰ আৰ্হিও প্ৰস্তুত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷ এই ব্ৰীজখন নিৰ্মাণ হ'লে পাটাছাৰকুছি সমষ্টিৰ দক্ষিণ অঞ্চলৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হ'ব বুলি জানিবলৈ দিয়ে৷ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথেদি যিসকল লোকে টিহু, নলবাৰী, গুৱাহাটীলৈ আৰু হাউলী, বৰপেটাৰোডলৈ অহা-যোৱা কৰে তেওঁ‌লোকৰ বাবে বহুখিনি সকাহ হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। অনুমোদনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ জনাই কেবেনিট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে।