Logo
image

বাৰপুজীয়াত আধুনিক পদ্ধতিৰে বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত সম্পৰ্কীয় কৰ্মশালা

'আমাৰ অসম'ৰ ৰহাৰ প্ৰতিবেদকঃ পৰিৱেশ, তথ্য, সজাগতা, কৌশল, নিৰ্ম‍াণ আৰু জীৱিকা কাৰ্য্যসূচী,অসম আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ যৌথ উদ্যোগত তথা ভাৰত চৰকাৰৰ অধীনস্থ উত্তৰ-পূব বেত আৰু বাঁহ উন্নয়ন পৰিষদৰ সহযোগত বাৰপূজীয়াস্থিত কপিলী উন্নয়ন খণ্ডৰ কৰ্মশালা ভৱনত যোৱা ১৭ ডিচেম্বৰ ২০২৪ ৰ পৰা চলি আছে দুমহীয়া বাঁহ-বেতৰ কাৰুকাৰ্য্য দক্ষতা বৃদ্ধি কৰ্মশালা। কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে বাক্সা জিলাৰ সুস্মিতা বেজবৰুৱাকে ধৰি নাৰায়ণ পাল, জয়ন্ত দাস আৰু মুকেশ শইকীয়াই। ইয়াৰে মুকেশ শইকীয়া আৰু জয়ন্ত দাস পূৰ্ণকালীন প্ৰশিক্ষক। কৰ্মশালাখনত স্থানীয় সংগঠক হিচাপে দায়িত্ব পালন কৰি আছে পূব বৰভগীয়াৰ প্ৰখ্যাত বাঁহ বেতৰ শিল্পী অঞ্জন নাথে। কৰ্মশালাখনত আধুনিক যন্ত্ৰপাতিৰ সহায়ত বাঁহৰ কামি আৰু বাঁহৰ মুঢ়াৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছে। দুমহীয়া আবাসিক প্ৰশিক্ষণ শিৱিৰটোত ২০ গৰাকী মহিলা আৰু ১০ গৰাকী পুৰুষ মুঠতে ৩০ জন প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে। প্ৰশিক্ষাৰ্থীসকলক বিশেষকৈ মহিলাসকলক বাঁহৰ পৰা অলংকাৰ নিৰ্মাণৰ কৌশল, বিভিন্ন ঘৰ সজোৱা সামগ্ৰী যেনে- ফুলদানী, ফুলৰ কৰণি, ঘড়ী থোৱা বাকচ ইত্যাদিৰ লগতে পুৰুষসকলক গ্ৰাইণ্ডিং মেচিন, কাটাৰ ,গ্ৰীল মেচিনৰ আদিৰ সহায়ত বাঁতি, শৰাই, খাদ্য সামগ্ৰী ৰখা পাত্ৰ, বৈয়াম আদি নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। 


বুধবাৰে উক্ত প্ৰশিক্ষণথলীত প্ৰশিক্ষাৰ্থীসকলক উৎসাহ আৰু বিভিন্ন কৌশল শিকোৱাৰ উদ্দেশ্যে উত্তৰ-পূব বাঁহ-বেত উন্নয়ন পৰিষদ, বৰ্ণিহাটৰ বাঁহ-বেত প্ৰালোচক (পৰামৰ্শদাতা) তথা যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° তিলক চন্দ্ৰ ভূঞা কৰ্মশালাখনত উপস্থিত হয়। সাংবাদিকৰ স'তে মত বিনিময় কৰি তেওঁ কয় যে "মাৰাত্মক প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহ-বেতৰ সামগ্ৰী ব্যৱহাৰ কৰি আমি সমতুল পৰিৱেশৰ সৃষ্টি কৰিব পাৰোঁ। দৈনন্দিন জীৱনত বাঁহ-বেতৰ সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা আমি প্লাষ্টিক ব্যৱহাৰ বহুখিনি হ্ৰাস কৰিব পাৰোঁ। উত্তৰ-পূৰ্বাঞ্চলত ১৯২ প্ৰজাতিৰ বিভিন্ন বাঁহ আছে। ইয়াৰে ৫০তকৈ অধিক প্ৰজাতিৰ বাঁহ অসমতেই আছে। আমি দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ লগতে উপাৰ্জনৰ বাবেও বাঁহ বেতৰ শিল্পৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে সকলোৱে চেষ্টা কৰা উচিত। পৰম্পৰাগত পদ্ধতিৰে ডলা-চালনি তৈয়াৰ কৰাৰ উপৰিও আধুনিক যন্ত্ৰ-পাতিৰে বহু বাঁহ-বেতৰ সামগ্ৰী আমি নিৰ্মাণ কৰিব পাৰোঁ। মহিলাসকলক আমি ফুলি, খাৰু, আঙুঠি আৰু অনেক ঘৰ সজোৱা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ দিছোঁ। উল্লেখ্য, উক্ত প্ৰশিক্ষণৰ জৰিয়তে পুৰুষ-মহিলাক স্বাৱলম্বিতাৰ বাট দেখুৱাৰো প্ৰয়াস কৰা হৈছে। অহা ১৪ ফেব্ৰুৱাৰীত এই কৰ্মশালাখনিৰ সামৰণি পৰিব আৰু প্ৰশিক্ষাৰ্থীসকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ'ব।"