
ট্ৰাম্পক সাক্ষাতৰ পূৰ্বে চোৰাংচোৱাপ্ৰধান তুলসীৰ সৈতে বৈঠক মোদীৰ
নতুন দিল্লী, ১৩ ফেব্ৰুৱাৰীঃ ফ্ৰান্সৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাত উপস্থিত হৈছে৷ ইয়াৰ পাছতে তেওঁ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী তুলসী গাবাৰ্ডৰ সৈতে এক বৈঠকত মিলিত হয়৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বন্ধু’ হিচাপে পৰিচিত তুলসী গাবাৰ্ডক শেহতীয়াকৈ আমেৰিকাই চোৰাংচোৱা সংস্থাসমূহৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতি ট্ৰাম্পে নিযুক্তি প্ৰদান কৰিছে৷ সেই অনুসৰি গাৰ্বাডৰ নেতৃত্বত পৰিচালিত হ’ব আমেৰিকাৰ ১৮ টাকৈ চোৰাংচোৱা সংস্থা৷ মোদীৰ সৈতে হোৱা বৈঠকত তুলসী গাবাৰ্ডে ভাৰত আৰু আমেৰিকাৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্কক লৈ দীৰ্ঘ সময় মত-বিনিময় কৰে৷ বৈঠকখনৰ এখন ছবি প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ‘এক্স’ হেণ্ডেলৰ জৰিয়তে শ্বেয়াৰ কৰিছে৷ ছবিখনত গাৰ্বাডৰ সৈতে নৰেন্দ্ৰ মোদীক কৰমৰ্দন কৰি থকা দেখা গৈছে৷ কেপছনত তেওঁ উল্লেখ কৰিছে–ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নেশ্বনেল ইণ্টেলিজেন্স বিভাগৰ সঞ্চালক তুলসী গাৰ্বাডক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰিলো৷ উল্লেখ্য যে বুধবাৰে আমেৰিকাৰ বিমানবন্দৰত পদাৰ্পণ কৰাৰ পাছতে নৰেন্দ্ৰ মোদীক ৰাজকীয় অভ্যৰ্থনা জনোৱা হয়৷ আমেৰিকাত নিযুক্ত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয়মোহন কাটৰাসহ প্ৰবাসী ভাৰতীয়সকলে তেওঁক উষ্ম আদৰণি জনায়৷ আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে মোদীয়ে এক বৈঠকত মিলিত হ’ব৷ য’ত ভাৰত-আমেৰিকাৰ কূটনৈতিক সম্পৰ্কৰ উপৰি বিভিন্ন বিষয়ক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ তদুপৰি দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাকে ধৰি বিভিন্ন বিষয়ক লৈ চুক্তি হ’ব বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে৷ সেই অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত ষ্ট্ৰাইকাৰ ক’ম্বেট ভেহিকল আৰু ফাইটাৰ জেট ইঞ্জিনৰ উৎপাদনক লৈ চুক্তি হ’ব পাৰে৷ তদুপৰি ভাৰতে আমেৰিকাৰ পৰা মাউণ্টেড এণ্টি টেংক গাইডেড মিছাইল ছিষ্টেম তথা কেইবাশ ষ্ট্ৰাইকাৰ ভেহিকল ক্ৰয় সম্পৰ্কীয় চুক্তি কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ এই চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা বিভাগত বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে৷ উল্লেখ্য যে ভাৰত আৰু আমেৰিকাৰ মাজত বিগত কিছুদিন ধৰি প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত সহযোগিতা বৃদ্ধিৰ বাবে একাধিক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল৷ আনহাতে প্ৰতিৰক্ষা ক্ষেত্ৰৰ উপৰিও ভাৰতৰ সৈতে আমেৰিকাৰ আন এক চুক্তি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ কালতে হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে৷ বুধবাৰে মাৰ্কিন চোৰাংচোৱা বিভাগৰ সঞ্চালক তুলসী গাৰ্বাডৰ সৈতে হোৱা বৈঠকত এই বিষয়ে ইংগিত পোৱা গৈছে বুলি এটা সূত্ৰই দাবী কৰিছে৷
উল্লেখ্য যে বুধবাৰে আমেৰিকাত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক ৰাজকীয় অভ্যৰ্থনাৰে আদৰণী জনোৱাৰ পাছত তেওঁক ব্লেয়াৰ হাউচলৈ নিয়া হয়৷ তাত তেওঁক প্ৰবাসী ভাৰতীয়সকলে ‘ভাৰত মাতা কি জয়’ তথা ‘মোদী মোদী’ শ্লোগানেৰে আকাশ-বতাহ মুখৰ কৰি আদৰণি জনায়৷ উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব গ্ৰহণৰ পাছতে ট্ৰাম্পে প্ৰবৰ্তন কৰা নতুন শুল্ক নীতিৰ পাছত ৰাষ্ট্ৰপ্ৰধান দুগৰাকীৰ মাজত হ’বলগীয়া বৈঠকে বিশেষ তাৎপৰ্যবহন কৰিছে৷ মোদীৰ এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ বিভিন্ন উদ্যোগপতি আৰু ‘টেছলা’ৰ মুৰব্বী ইলন মাস্কৰ সৈতেও মত-বিনিময় কৰিব বুলিও জানিব পৰা গৈছে৷ তাৎপৰ্যপূৰ্ণ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা সাক্ষাৎ তথা বৈঠকৰ আগমুহূৰ্তত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি আমেৰিকাৰ শুল্ক নীতিক লৈ আন এক ইংগিতপূৰ্ণ পোষ্ট আগবঢ়ায়৷ সেই অনুসৰি ৰাষ্ট্ৰপতিজনে শুল্ক সম্পৰ্কে কেইটমান নতুন নীতি জাৰি কৰিব বুলি ঘোষণা কৰে৷ ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত তেওঁ এই নতুন নীতি সম্পৰ্কে ঘোষণা কৰিব বুলি পোষ্টটোত উল্লেখ কৰে৷ উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্ব গ্ৰহণৰ পাছতে ট্ৰাম্পে পাৰস্পৰিক শুল্ক আৰোপৰ বিষয়ে ঘোষণা কৰিছিল৷ সেই অনুসৰি যিখন দেশে আমেৰিকাৰ পণ্যৰ ওপৰত শুল্ক আৰোপ কৰিব সেইখন দেশৰ পণ্যৰ ওপৰত আমেৰিকাই ওলোটাই অধিক কৰ বা শুল্ক আৰোপ কৰাৰ স্থিতি গ্ৰহণ কৰে৷ ট্ৰাম্পৰ নতুন শুল্ক নীতিৰ বিস্তৃত চলিত সপ্তাহৰ ভিতৰতে ঘোষণা কৰা হ’ব বুলি ৰাষ্ট্ৰপতিজনে আজি তেওঁৰ পোষ্টটোত উল্লেখ কৰে৷ অভিবাসী ভাৰতীয়সকলক দেশলৈ প্ৰেৰণ কৰা আৰু নতুন শুল্ক নীতিৰ নিৰ্দেশনা জাৰি কৰা ঘোষণাৰ পাছত ৰাষ্ট্ৰপ্ৰধান দুজনৰ বৈঠকে ভাৰতৰ ক্ষেত্ৰত ইয়াৰ কি প্ৰভাৱ পেলায় সেয়া সময়তহে জানিব পৰা যাব৷