
মণিপুৰত ৰাষ্ট্ৰপতি শাসন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ চুবুৰীয়া মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাক চূড়ান্ত কৰিব নোৱৰাত অৱধাৰিতভাৱেই হিংসাজৰ্জৰ ৰাজ্যখনত জাৰি কৰা হ’ল ৰাষ্ট্ৰপতি শাসন৷ কুকি আৰু মেইতে সম্প্ৰদায়ৰ মাজত হোৱা গোষ্ঠী সংঘৰ্ষ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাত বিজেপি শাসনাধিস্থ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাইছিল বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ কিন্তু এন বীৰেন সিঙে পদত্যাগ কৰাৰ চাৰি দিনৰ পাছতো পাছতো মণিপুৰৰ নতুন মুখ্যমন্ত্ৰীৰ দায়িত্ব কাক দিব তাৰ সিদ্ধান্ত ল’ব নোৱাৰিলে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ এই লৈ বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হৈছিল যদিও শেষ মুহূৰ্তলৈ কোনো সিদ্ধান্তত উপনীত নোহোৱাত অৱশেষত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শাসনত জাৰি কৰাৰ নিৰ্দেশনা ৰাজহুৱা কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ লক্ষণীয়ভাৱে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰীৰ নিৰ্বাচনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় তত্বাৱধায়ক সম্বিত পাত্ৰই ইতিমধ্যে ইম্ফলত বাহৰ পাতি ৰাজ্যিক বিজেপিৰ সভাপতি এ সাৰদা দেৱীৰ লগতে ৰাজ্যপাল অজয় ভাল্লাৰ সৈতে দুবাৰকৈ বৈঠকত মিলিত হোৱাৰ পাছতো কোনো সিদ্ধান্তত উপনীত নহ’ল৷ ইফালে, মণিপুৰৰ অশান্তৰ্জ্জৰ পৰিস্থিতি অৱসান ঘটোৱাৰ বাবে বিৰোধী কংগ্ৰেছৰ ফালৰ পৰাও তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ বাবে তত্বাৱধায়ক সম্বিত পাত্ৰক আহ৩ান জনোৱা দেখা গৈছিল৷ উল্লেখ্য, হিংসাৰ্জ্জৰ মণিপুৰত বৰ্তমানলৈ ২৫০ ৰো অধিক লোকৰ মৃত্যু হৈছে৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত উচতনি যোগোৱা বুলিও অভিযোগ উত্থাপন হৈছিল৷ অৱশ্যে, মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব নোৱাৰিলে ৬ মাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ হ’ব যদিও পৰৱৰ্তী সময়ত ইয়াক তিনি বছৰলৈ বৃদ্ধি কৰিব পাৰিব৷ লক্ষণীয়ভাৱে, এন বীৰেন সিঙে পদত্যাগৰ পাছতেই বিগত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া মণিপুৰ বিধানসভাৰ অধিৱেশনো বাতিল কৰিছিল ৰাজ্যপালে৷
কিন্তু বীৰেন সিঙৰ পদত্যাগৰ চাৰি দিনৰ পাছতো মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব নোৱৰাত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়৷ স্বাভাৱিকভাৱেই ৰাষ্ট্ৰপতি শাসন ঘোষণাৰ লগে লগে ৰাজ্যখনত ভংগ হ’ল বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ৷ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী চূড়ান্ত কৰাত ব্যৰ্থ হ’ল বিধায়িনী দল৷ অৱশ্যে, ৰাষ্ট্ৰপতি শাসন জাৰি কৰিলেও ভংগ কৰা নাই বিধানসভা৷ ৰাজ্যৰ সকলো ক্ষমতা এতিয়াৰে পৰা ৰাজ্যপালৰ হাতত থাকিব৷ ৰাষ্ট্ৰপতিৰ হৈ ৰাজ্যপালে চলাব ৰাজ্যখনৰ শাসন ব্যৱস্থা৷ মণিপুৰত একাদশ বাৰৰ বাবে ৰাষ্ট˜পতি শাসন জাৰি কৰা হৈছে৷ উল্লেখ্য, মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী পদৰ দৌৰত আছিল পাঁচজন বিজেপি বিধায়ক৷ য়ুমনাম খেমচান্দ সিং, থংগাম বিশ্বজিৎ সিং, থোকচোম সত্যব্ৰত সিং, থৌনাওজাম বসন্ত কুমাৰ সিং আৰু গোবিন্দস কন্থৌজাম মুখ্যমন্ত্ৰী পদৰ বাবে দাবীদাৰ আছিল৷ ইফালে ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ পাছতেই মণিপুৰৰ সুৰক্ষাৰ দায়িত্বত থকা চি আৰ পি এফ আৰু আছাম ৰাইফলছে ৰাজ্যখনত হাই এলাৰ্ট জাৰি কৰিছে৷