
পত্নীসহ গৌৰৱ গগৈৰ বিৰুদ্ধে কেবিনেটত কঠোৰ সিদ্ধান্তৰ ইংগিত মুখ্যমন্ত্ৰীৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ফেব্ৰুৱাৰীঃ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত পত্নীসহ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ল’ব হিমন্ত বিশ্ব শৰ্মা কেবিনেটে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘এক্স’ হেণ্ডেল যোগে এই কথা সদৰি কৰিছে৷ উক্ত বিষয় সন্দৰ্ভত কেবিনেটত বিতংভাৱে আলোচনা কৰি বিহিত ব্যৱস্থা লোৱা হ’ব৷ তেওঁ ‘এক্স’হেন্দেলযোগে কয়– ‘অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ত আলোচনা কৰা হঅব৷ সেই আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব৷’ উল্লেখ্য, দহ বছৰ পূৰ্বৰ এখন ফটোক লৈ পুনৰ সাংসদ গৌৰৱ গগৈৰে৷ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ পাকিস্তান উচ্ছায়ুক্তৰ কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ ২০১৫ চনত সাংসদ গৌৰৱ গগৈয়ে ভাগ লোৱা সন্দৰ্ভত সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰী শৰ্মাই ছ’চিয়েল মিডিয়াত আপলোড কৰা এটা পোষ্টত কয়– ‘২০১৫ চনৰ কথা৷ ভাৰতস্থ পাকিস্তানৰ উচ্ছায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্ছায়ুক্ত কাৰ্যালয়ত ভাৰত-পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কাৰ্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ ‘পলিচী ফৰ ইউথ’ক আমন্ত্ৰণ জনাইছিল৷ লক্ষণীয়ভাৱে, সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰো সদস্য নাছিল৷ সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল৷ বিশেষকৈ হুৰিয়ৎ কনফাৰেন্সৰ সৈতে সংপৃক্ত দেশৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্ছায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে ভাৰতে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো সংসদজনে এই আমন্ত্ৰণ ৰক্ষা কৰিছিল৷ এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক আওকাণ কৰিও সাংসদগৰাকীয়ে ৫০-৬০জন ভাৰতীয় যুৱকক লগত লৈ পাকিস্তানী বিষয়াবৰ্গক সাক্ষাৎ কৰিছিল৷ এই ঘটনাৰ পাছতে সংসদজনৰ ষ্টাৰ্টআপে ‘দ্য হিন্দু’ কাকতত এটা প্ৰবন্ধ প্ৰকাশ কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সীমান্ত নিৰাপত্তা বাহিনীৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছিল৷ তেওঁৰ সেই সময়ৰ সংসদীয় প্ৰশ্নসমূহ পুংখানুপুংখভাৱে পৰীক্ষা কৰিলে ক’ষ্ট গাৰ্ডৰ ৰাডাৰ স্থাপন, ভাৰতৰ অস্ত্ৰ কাৰখানা, বিমান প্ৰতিৰক্ষা, ইৰানৰ সৈতে বাণিজ্যৰ বাবে ট্ৰেনজিট পথ, কাশ্মীৰী ছাত্ৰ-ছাত্ৰী আৰু গিৰ্জাত আক্ৰমণৰ অভিযোগ আদিৰ বিষয়ে অনুসন্ধানকে ধৰি অতি স্পৰ্শকাতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহে গুৰুত্ব বেছিকৈ পোৱাতো পৰিলক্ষিত হয়৷ এই প্ৰসংগই বাস্তৱিকতে অতি স্পৰ্শকাতৰ বিষয়সমূহৰ প্ৰতি তেওঁৰ অবাঞ্ছিত আগ্ৰহকে প্ৰতিপন্ন কৰিছে৷ লক্ষণীয়ভাৱে এই সমগ্ৰ ঘটনাপ্ৰবাহ তেওঁ ‘প্ৰফেচনেল বেকগ্ৰাউণ্ড’ থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছমুহূৰ্ততে ঘটিছিল আৰু সেয়ে স্বাভাৱিকতেই ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটাইছে৷ বিবাহৰ পূৰ্বে সংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল৷ তেওঁ পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল৷ এই সমগ্ৰ ঘটনাপ্ৰবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে৷’ আন এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়–‘বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্ছ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়৷ ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশাকৰোঁ সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল৷’ পৰৱৰ্তী সময়ত আপলোড কৰা পোষ্টত আন এটা মুখ্যমন্ত্ৰী শৰ্মাই কয়– পাকিস্তানৰ উচ্ছায়ুক্তৰ সৈতে বৈঠকৰ পাছতে সংসদত প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিষয়ক প্ৰশ্ন উত্থাপন চ্ছযৰৰৰ মুম্বাই আক্ৰমণে ভাৰতৰ উপকূলীয় সুৰক্ষা ব্যৱস্থাত থকা সুৰুঙাসমূহ উন্মোচিত কৰিছিল৷ সেই সম্পৰ্কে এগৰাকী সংসদ সদস্যই সংসদত উত্থাপন কৰা প্ৰশ্ন নম্বৰ ২১ জৰিয়তে উপকূলীয় ৰাডাৰ ষ্টেচনসমূহৰ সম্পৰ্কে বিশদ তথ্য বিচাৰিছিল৷ সাংসদগৰাকীৰ এই প্ৰশ্নৰ পাছত স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হৈছে - অসমৰ দৰে ৰাজ্য এখনৰ সাংসদে কিয় উপকূলীয় ৰাডাৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা গোপন তথ্য বিচাৰিছিল? এনে সংবেদনশীল তথ্য ৰাজহুৱা কৰাৰ কিবা প্ৰয়োজন আছে নেকি? পাকিস্তানৰ উচ্ছায়ুক্তৰ সৈতে বৈঠকৰ পাছতে সংসদত কিয় এনে প্ৰশ্ন উত্থাপন কৰা হৈছিল? আপোনালোকে কওক, পাকিস্তানৰ উচ্ছায়ুক্তৰ সৈতে বৈঠকৰ পাছতে সংসদত প্ৰশ্ন উত্থাপন কৰাৰ পাছতো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত এনে এটা বিষয় কেৱল কাকতলীয় সংযোগ বুলি উপেক্ষা কৰাটো উচিত হ’ব জানো? মুখ্যমন্ত্ৰী শৰ্মাৰ এনে অভিযোগৰ পাছত সাংসদ গৌৰৱ গগৈয়ে কয়–ইছুবিহীন বিজেপিয়ে এতিয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে৷ এইবোৰ মিচা প্ৰচাৰৰ ওপৰত নিৰ্ভৰশীল৷ মই অনুভৱ কৰোঁ যে দেশৰ মানুহ অতি বুদ্ধিমান মিছা আৰু সত্যৰ প্ৰাৰ্থক্য ভালদৰে বুজিব পাৰে৷ আনহাতে একেটা প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–গৌৰৱ গগৈৰ বিৰুদ্ধে কোনেও একো হোৱা নাই৷ অকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে৷ মুখ্যমন্ত্ৰীজনৰ আৰু বেলেগ কাম নাই নেকি?
মৌলিক সমস্যাক বাদ দি আনৰ পত্নীক লঘু-লাঞ্ছনাৰ বাবে নেতৃত্ব দিবলৈ মুখ্যমন্ত্ৰী পতা নাই হিমন্তক
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ সাংসদ গৌৰৱ গগৈৰ সহধৰ্মিনী এলিজাবেথ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগক লৈ সৰৱ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ আজি ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্যখনৰ মৌলিক সমস্যাক বাদ দি আনৰ পত্নীক লঘু-লাঞ্ছনাৰ বাবে নেতৃত্ব দিবলৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা নাই বুলি উল্লেখ কৰে৷ এপিচিচিৰ সভাপতি ভূপেন বৰাই লগতে কয়, মুখ্যমন্ত্ৰীয়ে বেলেগৰ পত্নীৰ লগত লাগি থাকে৷ আগতে মোৰ পত্নীৰ বিৰুদ্ধে লাগিছিল, এতিয়া গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে লাগিছে৷ আমি ন-বোৱাৰীক আদৰো, অতিথিপৰায়ণ আমাৰ অসমীয়া সমাজ, কিন্তু তেওঁ এইদৰে অপমানিত কৰিছে৷ এইয়া ৰাজ্যৰ, অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতি শুভ লক্ষণ নহয়৷ সাংসদ গৌৰৱ গগৈৰ পত্নীক আক্ৰমণৰ কৰাটো মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ব্যক্তিগত আখেজ৷ মই এটা কথাত আঘাত পাইছো এগৰাকী অসমীয়া হিচাপে৷ আমাৰ অসমীয়া জাতিত এটা সংস্কাৰ আছে৷ আমি এটা অতিথিপৰায়ণ জাতি৷ আমি নবোৱাৰীক উৰুলি দি আদৰো৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন এটা দলৰ হ’ব পাৰে, আদৰ্শগত, নীতিগত পাৰ্থক্য আমাৰ লগত থাকিব পাৰে, কিন্তু তেওঁ আমাৰ মুখ্যমন্ত্ৰী৷ অসমৰ নেতাই অসমৰ এগৰাকী বোৱাৰীক লঘু লাঞ্ছনা কৰিবলৈ নেতৃত্ব ল’বৰ কাৰণে আমি নেতা পতা নাই৷ সেই কথাখিনিক আন কোনোবা ৰাজনৈতিক দলে কোৱা হ’লে প্ৰতিক্ৰিয়া দিবলগীয়া নাছিল৷ মৌলিক দায়িত্বৰ পৰা আঁতৰি মুখ্যমন্ত্ৰীজনে আনৰ পত্নীৰ পৰা ওপৰত মন্তব্য কৰিবলৈ উঠিপৰি লাগিছে৷ কেইদিনমানৰ আগতে মোৰ পত্নীৰ বিৰুদ্ধে লাগিছিল৷ হাউছিঙত ঘৰ থকা বুলি অভিযোগ আনিছিল৷ ঘৰ ভাঙিবলৈকো জাননী প্ৰেৰণ কৰিছিল৷ এতিয়া গৌৰৱ গগৈৰ পত্নীৰ লগত লাগিছে৷ মুখ্যমন্ত্ৰীয়ে মৌলিক সমস্যবিলাক তল পেলাবৰ কাৰণে নিত্য নতুন কূটনীতি লোৱাটো ৰাজ্যখনৰ কাৰণে মঙ্গলজনক নহয়৷ আইএছএছৰ লগত যদিহে গৌৰৱ গগৈৰ সম্পৰ্ক আছে, তেনেহ’লে বিষয়টোৰ তদন্তৰ বাবে দেশত সংস্থা আছে, মুখ্যমন্ত্ৰীৰ কাম নহয়৷ গৌৰৱ গগৈয়ে অমিত শ্বাহৰ সৈতে সংসদ ভৱনত লাগি থাকে৷ অমিত শ্বাহে ব্যৱস্থা ল’লে হয়৷ আনহাতে মুখ্যমন্ত্ৰীয়ে নিজৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ বাবে মৌলিক সমস্যাসমূহক একাষৰীয়া কৰি আনৰ পত্নীৰ ওপৰত লাগি ফুৰিছে বুলি সমালোচনা কৰে৷
গৌৰৱ গগৈয়ে সাংসদ পদ ত্যাগ কৰক’– প্ৰশান্ত ফুকন
‘আমাৰ অসম’ৰ ধেমাজিৰ বিশেষ প্ৰতিনিধিঃ ‘সাংসদ গৌৰৱ গগৈয়ে অতি সোনকালে সাংসদ পদ ত্যাগ কৰিব লাগে৷ কাৰণ তেওঁৰ পত্নীয়ে এতিয়ালৈকে দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা নাই৷ যিখন দেশৰ সংসদীয় ব্যৱস্থাৰ লগত জড়িত হৈ গৌৰৱ গগৈয়ে লোকসভাৰ সাংসদ হৈ আছে, সেইখন দেশত তেওঁৰ পত্নীৰ নাগৰিকত্ব নাই৷ ই অতি দুৰ্ভাগ্যজনক৷ - এই মন্তব্য শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ৷ আজি ধেমাজিত এখনি পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে আৰু কয়– বৰ্তমান দেশৰ এগৰাকী সাংসদৰ পত্নী, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বোৱাৰীয়েকে আজিলৈকে ভাৰতবৰ্ষৰ নাগৰিকত্ব গ্ৰহণ নকৰাতো দেশৰ ৰাজনীতিৰ বাবেই দুৰ্ভাগ্যজনক৷ তদুপৰি বিদেশৰ যিটো এন, জি, অ’ সৈতে সাংসদ পত্নী জড়িতৰ অভিযোগ উঠিছে, যিটো এন, জি, অ’ই দেশৰ বদনাম কৰিছে, তাত সাংসদ পত্নী জড়িত হৈ থকা অভিযোগ আটাইতকৈ দুৰ্ভাগ্যজনক হৈ পৰিছে৷ যোৰহাট সংসদীয় সমষ্টিৰ দৰে অতি সন্মানীয় সমষ্টিক প্ৰতিনিধিত্ব কৰা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ এনেধৰণৰ আচৰণ দুৰ্ভাগ্যজনক আখ্যা দি শীঘ্ৰে গৌৰৱ গগৈক সাংসদ পদৰ পৰা অব্যাহতি লোৱাৰ আহ৩ান জনায় মন্ত্ৰী প্ৰশান্ত ফুকনে৷ ইফালে কংগ্ৰেছ দলে জনসাধাৰণৰ কাষ চপাৰ উদ্দেশ্যৰে চোতালে চোতালে শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী প্ৰশান্ত ফুকনে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ দলকো কঠোৰ সমালোচনা কৰে৷
মুখ্যমন্ত্ৰীৰ অৰ্ধসত্য তথ্যৰ প্ৰচাৰৰ বিপৰীতে আমি দিছো সম্পূৰ্ণ ফটো আৰু সত্য তথ্যঃ ঋতুপৰ্ণ কোঁৱৰ
২০১৫ চনৰ চেপ্তেম্বৰ মাহত পাকিস্তান উচ্চায়ুক্তক সাংসদ গৌৰৱ গগৈয়ে ছাত্ৰ- ছাত্ৰীৰ সৈতে Youth Forum on Foreign Policyৰ এজন বিষয়ববীয়া হিচাপে সাক্ষাৎ কৰি আলোচনাত অংশগ্ৰহণ কৰাৰ এখন ফটো প্ৰকাশ কৰি আজিৰ দিনটোতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দুটাকৈ আপডেট দিছে৷ মুখ্যমন্ত্ৰী শৰ্মাই দুয়োটা আপডেটতে উক্ত সাক্ষাতৰ সম্পূৰ্ণ তথ্য দাঙি নধৰিলে৷ বিশেষকৈ যিটো সংস্থাৰ হৈ সাংসদ গগৈ উচ্ছায়ুক্তৰ কাৰ্যলয়লৈ গৈছিল সেই সংস্থাটোৰ নামো ভুলকৈ Policy for Youth বুলি উল্লেখ কৰিছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে বিজেপি দলে জানি বুজি কিয় অৰ্ধ সত্য কথাৰে বিষয়সমূহ দাঙি ধৰে সকলোৱে বুজিছে৷ তথাপি প্ৰকৃত সত্য দাঙি ধৰাতো এজন সচেতন নাগৰিক হিচাপে আমাৰ দায়িত্ব৷ Youth Forum on Foreign Policy[YFFত্ন]নামৰ সংগঠনটো হৈছে An Independent, non partisan and non profit initiative that seek to develop an informed and substantive dialogue on foreign policy among young Indians. এই সংস্থাটোৱে মূলত বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, কূটনীতিবিদ, আৰু বিশেষজ্ঞ সকলৰ সৈতে বৈদেশিক নীতি সম্পৰ্কীয় আলোচনাৰ আয়োজন কৰে৷ ইয়াৰ উপৰি আমাৰ দেশৰ বিদেশ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়া আৰু কূটনীতিবিদ সকলৰ সৈতেও এনে আলোচনাৰ আয়োজন কৰা হয়৷ ইয়াৰ মূল উদ্দেশ্যেই হৈছে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ, আন্তৰ্জাতিক সম্পৰ্কৰ বিষয়ে অধ্যয়নৰত সকলৰ গুৰুত্বপূৰ্ণ জ্ঞান আৰু অভিজ্ঞতা বুটলাত সহায়ক হয়৷ ইয়াৰেই অংশ স্বৰূপে সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশ যেনে– আমেৰিকা, চিংগাপুৰ, জাপান, ইংলেণ্ড, ইজৰাইল, পাকিস্তান, অষ্ট্ৰেলীয়া আদিৰ ভাৰতস্থ উচ্চায়ুক্ত বা ৰাষ্ট্ৰদূত সকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল৷ পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সভাখনো এনে কাৰ্যসূচীৰে অংশস্বৰূপ আছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই কল্পনাপ্ৰসূত কাহিনীৰে প্ৰচাৰ কৰাৰ দৰে নহয়৷ জ্ঞান অৰ্জনৰ বাবে বিভিন্ন দেশৰ উচ্ছায়ুক্ত বা ৰাষ্ট্ৰদূত সকলৰ কাৰ্যলয় সমূহলৈ যোৱা ছাত্ৰ-ছাত্ৰী সকলক নিজৰ ৰাজনৈতিক স্বাৰ্থত এনেদৰে অপমান নকৰিব৷ এই YFFP নামৰ সংস্থাটোৱে গুৱাহাটীতো এনে আলোচনাৰ অনুষ্ঠান আয়োজন কৰিছিল৷ য’ত এটি অনুষ্ঠানত অৰ্থনীতিৰ নোবেল বঁটা প্ৰাপক জোচেফ ষ্টিগলিজ আৰু লৰ্ড মেঘনাথ দেশায়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে মতবিনিময় কৰিছিল৷ ইয়াৰ উপৰি ২০১৫ চনৰ ১৭ চেপ্তেম্বৰত গুৱাহাটীৰ ৰয়েল গ্লোবেল নামৰ শিক্ষা প্ৰতিষ্ঠানটো এনে আলোচনা চক্ৰৰ আয়োজন কৰা হৈছিল৷ যি অনুষ্ঠানৰ মুখ্য বক্তা আছিল ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন অবৰ সচিব তথা কংগ্ৰেছ সাংসদ শশী থাৰুৰ৷ গুৱাহাটীত এই সংস্থাটোৱে আলোচনা চক্ৰৰ আয়োজন কৰাৰ বিষয়ে যদি আমি কংগ্ৰেছী হিচাপে কোৱাৰ বাবে আমাৰ কথা আপুনি বিশ্বাস কৰিবলৈ টান পায়, তেন্তে ৰাজ্যখনৰ দুজন জ্যেষ্ঠ আৰু সন্মানীয় সাংবাদিক ৱাচবীৰ হুচেইন আৰু মৃণাল তালুকদাৰ নতুবা প্ৰাক্তন আমোলা তথা বিজেপি দলৰ সদস্য স্বপ্ননীল বৰুৱাকো আপুনি সুধিব পাৰে৷ বৰুৱাৰ বাদে বাকী তিনিজন নিৰপেক্ষ ব্যক্তি৷ অৰ্ধসত্যৰে সত্যক দীৰ্ঘসময়ৰ বাবে ঢাকি ৰাখিব নোৱাৰে৷
মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা এআইচিচি নেতাৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পে’ চি এম আখ্যা অল ইণ্ডিয়া কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক মনোজ চৌহানৰ৷ আজি বিয়লি প্ৰায় ৪-৩০বজাত তেজপুৰত এক দলীয় বৈঠকত অংশ ল’বলৈ অহা চৌহানে এই আখ্যা দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক৷ তেওঁ অভিযোগ কৰি কয় যে, মুখ্যমন্ত্ৰী ড॰ শৰ্মা ৪০ শতাংশ পে’ চি এম আৰু এই ৪০ শতাংশ আহৰণ কৰে ৰাজ্যত চলি থকা ছিণ্ডিকেটৰ পৰা৷ ৰাজ্যত আহৰণ কৰা ছিণ্ডিকেটৰ ৪০ শতাংশ ধনেৰে ডুবাই, ছিংগাপুৰত বৃহৎ শ্বপিং মল আৰু হোটেল খোলা বুলিও চৌহানে অভিযোগ কৰে৷ সংবাদ মাধ্যমৰ আগত তেওঁ লগতে এডভাণ্টেজ অসমৰ নামত বিদেশী বিনিয়োগকাৰীক নিমন্ত্ৰণ কৰাৰ বিপৰীতে নিজে আহৰণ কৰা ছিণ্ডিকেটৰ টকাৰে বিদেশৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা বুলিও মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ কৰে৷ উল্লেখ্য, আজি তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰে চৌহানে৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰ আগত এআইচিচিৰ সম্পাদক মনোজ চৌহানে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ পত্নীকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷ আনহাতে সাংসদ গৌৰৱ গগৈৰ পৰিবাৰক কেন্দ্ৰ কৰি আৰম্ভ হোৱা শেহতীয়া বিতৰ্ক সন্দৰ্ভত স্পষ্ট কোনো উত্তৰ নিদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাক এজন চূড়ান্ত ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু দুৰ্নীতিৰ নায়ক আখ্যা দিয়ে চৌহানে৷ তদুপৰি, আগন্তুক ২০২৬ত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে স্মাৰ্ট মিটাৰ উঠাই দলিয়াই পেলোৱাৰ লগতে প্ৰতিগৰাকী মহিলাই মাহিলী ২৫০০টকাকৈ লাভ কৰিব বুলি মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা চৌহানে৷