
উচ্চতৰ মাধ্যমিক আৰম্ভ, শিক্ষকৰ বিৰুদ্ধেই নকল যোগানৰ অভিযোগ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু চামগুৰিৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনটোতেই ছাত্ৰক নকল যোগান ধৰাৰ অপৰাধত চামগুৰিত আৰক্ষীয়ে তিনিজন লোকক আটক কৰে৷ আৰক্ষীয়ে আটক কৰা এই তিনিজন লোকৰ দুজন ব্যক্তিগত খণ্ডৰ শিক্ষক আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ আজি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম দিনত ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল৷ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে দুজন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষকে এজন পৰীক্ষাৰ্থীৰ পকেটত নকল গুজি দি আৰক্ষীৰ ওচৰত ধৰা পৰে বুলি অভিযোগ উত্থাপন হৈছে৷ চামগুৰি পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থী প্ৰৱেশ কৰাৰ সময়তে নিৰাপত্তাৰ দায়িত্বত থকা এগৰাকী মহিলা আৰক্ষী বিষয়াই নকল যোগানৰ সন্দেহত তিনিজন লোকক আটক কৰে৷ আটক হোৱা শিক্ষক দুজন হৈছে খলিহামাৰী অধ্যয়ন একাডেমীৰ জিয়াৰুল ইছলাম আৰু ইজাজুল ইছলাম৷ লগতে সহযোগ কৰা আনজন যুৱক হৈছে মেৰাজুল হক৷ চামগুৰি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এজন পৰীক্ষাৰ্থীক এই লোক তিনিজনে নকল যোগান ধৰি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাত সহায় কৰি দিছিল৷ পাছত মহিলা আৰক্ষী বিষয়া গৰাকীয়ে ঘটনাটো নিৰীক্ষণ কৰি ছাত্ৰ জনৰ পকেটৰ পৰা নকল সমূহ জব্দ কৰি পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ পাছত সোধপোছৰ বাবে চামগুৰি থানালৈ আনে৷ অৱশ্যে পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ লগতে আন কোনো লোকৰ পৰা অভিযোগ নোপোৱাত চামগুৰি আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোক কেইজনক মুকলি কৰি দিয়ে৷ আনহাতে আৰক্ষীয়ে সোধপোছৰ সময়ত লোক তিনিজনে মোৱামাৰীৰ ৰমজান নামৰ আন এজন লোকো নকল যোগানত জড়িত আছিল বুলি প্ৰকাশ কৰে৷ আনহাতে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত নকল যোগানৰ ঘটনাটো সংঘটিত হোৱা বাবে পৰীক্ষা পৰিচালনা সমিতিয়েও কোনো ধৰণৰ অভিযোগ আৰক্ষীক দিয়া নাই বুলি জানিব দিয়ে৷ উল্লেখ্য, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ অধীনত আজিৰে পৰা আৰম্ভ হৈছে উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা৷ ৰাজ্যৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ ৩,০৬,৯২৫গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ৰ,৪৪,৫০২গৰাকী ছাত্ৰ আৰু ১,৬২,৪২৩ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ১,০১,৯৪৫ গৰাকী ছাত্ৰী আৰু ৯৮,১৪৬ গৰাকী ছাত্ৰ৷ বিজ্ঞান শাখাত ৬৭,৭২৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ ইয়াৰে ৩২,৯৭৭গৰাকী ছাত্ৰ আৰু ২৪,৭৪৭গৰাকী ছাত্ৰী৷ আনহাতে বাণিজ্য শাখাত ১৭,৮৬৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ ইয়াৰে ১২,৫৫৩ গৰাকী ছাত্ৰ আৰু প্ত,৩১৬ গৰাকী ছাত্ৰী৷ ভকেশ্বনেল শাখাত ৰ,২৪১ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ৮২৬ গৰাকী ছাত্ৰ আৰু ৪১৫ গৰাকী ছাত্ৰী৷ ইফালে অহা শনিবাৰে ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ’ব ৪,২৯,৪৪৮গৰাকী ছাত্ৰ-ছাত্ৰী৷ ইয়াৰ বাবে সাজু কৰা হৈছে ৯৪৪টা পৰীক্ষা কেন্দ্ৰ৷
শিৱসাগৰত ৩১টা কেন্দ্ৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰম্ভ
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধিঃ আজিৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা৷ পৰীক্ষাক কেন্দ্ৰ কৰি পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে৷ উচ্চ শিক্ষাৰ বাবে গুৰুত্বপূৰ্ণ এই পৰীক্ষাক লৈ তৎপৰ হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ৷ শিৱসাগৰ জিলাৰ পৰা ৭, ৩০১জন পৰীক্ষাৰ্থী পৰীক্ষাত অৱত্তীৰ্ণ হৈছে৷ ইয়াৰে ৩,৬০০ জন ছাত্ৰ আৰু ৩৭০১ গৰাকী ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ শিৱসাগৰ জিলাৰ মুঠ ৩১ টা কেন্দ্ৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা৷ পৰীক্ষাক লৈ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে জিলা শিক্ষা বিভাগে৷ বিভাগৰ তৰফৰ পৰা পৰ্যবেক্ষক আৰু পৰীক্ষক নিয়োগ কৰাৰ লগতে পৰীক্ষা সুচাৰুভাৱে সম্পন্ন কৰিবৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা যাৱতীয় সুৰক্ষা আৰু পৰীক্ষণ সম্পূৰ্ণ কৰিছে৷ উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৭ মাৰ্চত অন্ত পৰিব৷ বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত অনুষ্ঠিত হোৱা পৰীক্ষা সুকলমে সম্পন্ন হোৱাৰ আশা কৰিছে শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে৷ ইপিনে, যোৱা ১১ ফেব্ৰুৱাৰীৰ দিনা শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ ৰ্গগৰ সভাপতিত্ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সম্পৰ্কে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়৷ উক্ত সভাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত(শিক্ষা), ডিমৌ আৰু নাজিৰা সম জিলাৰ আয়ুক্তসকল, ৰাজহচক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ লগতে জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷ উক্ত সভাত জিলা আয়ুক্তই হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় নিদেৰ্শনা প্ৰদান কৰে৷ উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ২৯টা পৰীক্ষা কেন্দ্ৰত ৮,৪২৪জন শিক্ষাৰ্থী আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৩১টা পৰীক্ষা কেন্দ্ৰত ৭৩০১ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব৷
শোণিতপুৰ জিলাৰ ২৭টা পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে পৰীক্ষা সম্পন্ন
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’টাৰ, তেজপুৰঃ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আজিৰ পৰা প্ৰথমবাৰৰ বাবে ৰাজ্যজুৰি আৰম্ভ হৈছে বহু প্ৰত্যাশিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ ৰাজ্যখনৰ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত ৩, ০৬, ৮৪১ গৰাকী পৰীক্ষাৰ্থী আজিৰ পৰা অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ মাজতে শোণিতপুৰ জিলাটো সৰ্বমুঠ ২৭টা পৰীক্ষা কেন্দ্ৰত ১০১৩৫ গৰাকী শিক্ষাৰ্থী আজি অবতীৰ্ণ হয়৷ ইয়াৰে ছাত্ৰৰ সংখ্যা হ’ল ৪৭২৫ আৰু ছাত্ৰীৰ সংখ্যা হ’ল ৫৪১০ গৰাকী৷ উল্লেখ্য যে বিগত বছৰৰ দৰে এইবাৰো ছাত্ৰ ছাত্ৰীৰ সংখ্যা অধিক পৰিলক্ষিত হৈছে৷ তেজপুৰৰ তেজপুৰ মহাবিদ্যালয় আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ক মাণ্ডলিক কেন্দ্ৰ হিচাপে লৈ আজি তেজপুৰ মহাবিদ্যালয়, দৰংমহাবিদ্যালয়ৰ উপৰি তেজপুৰ চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়, বেংগলী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হোৱা প্ৰথমটো পৰীক্ষা সুকলমে সম্পন্ন হয়৷ উল্লেখ্য যে এইবাৰ পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত চৰকাৰী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ গঢ়ি তোলাৰ বাবে তেজপুৰৰ লগতে জিলাখনৰ প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰত আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকে নিশ্ছিদ্ৰ তালাচীৰ মাজেৰে পৰীক্ষা সম্পন্ন কৰে৷ জিলা আয়ুক্ত গৰাকীৰ প্ৰতক্ষ পৃষ্ঠপোষকতাত শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত দ্যোতিভা বৰাৰ তৎপৰতা বিদ্যালয় সমূহৰ জিলা সংমণ্ডলৰ পৰিদৰ্শক প্ৰভাত দাস আৰু জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকাৰ জৰিয়তে সমগ্ৰ জিলাখনতে শান্তিপূৰ্ণভাৱে প্ৰথম দিনটোৰ পৰীক্ষা সম্পন্ন হয়৷