
বিতৰ্কৰ পাছতেই ২০ লাখ অনুগামী হেৰুৱালে ৰণবীৰে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ ফেব্ৰুৱাৰীঃ অ’ টি টি প্লেটফৰ্ম ‘ইণ্ডিয়াছ গট লেটেণ্ট’ত অশালীন বাৰ্তালাপ কৰি দেশজুৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা ইউটিউবাৰ ৰণবীৰ এলাহবাদিয়াৰ বিপদ আঁতৰ হোৱা নাই৷ অসম আৰক্ষী, মুম্বাই আৰক্ষী, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ গোচৰৰ সন্মুখীন হোৱা ৰণবীৰ এলাহাবাদিয়াক এই বিতৰ্কৰ বাবে প্ৰেমিকায়ো বিচ্ছেদ কৰিছে৷ কেৱল প্ৰেমিকা নিক্কি শৰ্মাই বিচ্ছেদ কৰাই নহয়, ধেমালিৰ নামত অশালীনতা বিয়পোৱা জনপ্ৰিয় ইউটিউবাৰ তথা ইনফ্লুৱেন্সাৰ ৰণবীৰক একেদিনাই ২০ লাখ অনুৰাগীয়ে আনফল’ কৰিছে৷ ২০১৪ চনত প্ৰথমবাৰলৈ ইউটিউবত একাউণ্ট খোলা ৰণবীৰ এলাহবাদিয়াৰ ইনষ্টাগ্ৰামৰ লগতে আন আন সামাজিক মাধ্যমতো একাউণ্ট আছে৷ দেশৰ এজন জনপ্ৰিয় প্ৰভাৱশালী ইউটিউবাৰ হিচাপে ৰণবীৰক বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ সভাত সন্মানিতও কৰিছিল৷ ইনষ্টাগ্ৰাম একাউণ্টত ৰণবীৰক অনুসৰণ কৰা অনুৰাগীৰ সংখ্যা হৈছে ৩৪ লাখ৷ তদুপৰি ইউটিউব চেনেলকে ধৰি সামাজিক মাধ্যমত বিভিন্ন একাউণ্টত ৰণবীৰৰ ফল’ৱাৰৰ সংখ্যা ৰ কোটিৰো অধিক৷ কিন্তু ‘ইণ্ডিয়াছ গট লেটেণ্ট’ৰ বিতৰ্কিত শ্ব’টোৰ পাছত একেদিনাই ৰণবীৰক ২০ লাখ অনুৰাগীয়ে আনফল’ কৰিছে৷ অৰ্থাৎ ৰণবীৰৰ সামাজিক মাধ্যমৰ একাউণ্টতক আনফল’ কৰি আঁতৰি আহিছে এইসকল অনুৰাগীয়ে৷ এককথাত নিজৰ কৃতকৰ্মৰ যেন ফল ভোগ কৰিছে ইউটিউবাৰজনে৷
ইফালে, গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ৰুজু কৰা গোচৰটোত অভিযুক্ত প্ত ইউটিউবাৰ তথা ইনফ্লুৱেঞ্চাৰ বিৰুদ্ধে চমন জাৰি কৰিছে৷ গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ৰণবীৰ এলাহবাদিয়াৰ লগতে আশীষ চাঞ্চলানি, যশপ্ৰীত সিং, সময় ৰাঈনা আৰু অপূৰ্বা মাখিজাক চমন লাভ কৰাৰ ৪ দিনৰ ভিতৰত গুৱাহাটীত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে৷ অৱশ্যে, বৰ্তমান আমেৰিকাত থকা সময়ত ৰাঈনাৰ লগতে অপূৰ্বা মাখিজা আৰু আশীষ চাঞ্চলানিয়ে এইপৰ্যন্ত গুৱাহাটী আৰক্ষীৰ চমন গ্ৰহণ কৰা নাই৷ পুনেস্থিত সময় ৰাঈনাৰ বাসগৃহলৈ ক্ৰাইম ব্ৰান্সৰ দলটোৱে চমন প্ৰেৰণ কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ইফালে, গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ দলটোৱে ইউটিউবাৰকেইজনৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৰুজু কৰা গোচৰকেইটাৰ সন্দৰ্ভত মুম্বাইৰ থানে আৰক্ষী থানাত উপস্থিত হৈ ভ্ৰমণ কৰি তদন্তকাৰী বিষয়াক সাক্ষ্যাৎ কৰে৷