Logo
image

ঢেকীয়াজুলিত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উত্তৰ-পূৱৰ ভিত্তিত ইজতেমা আৰম্ভ

'আমাৰ অসম'ৰ ঢেকীয়াজুলিৰ প্ৰতিবেদকঃ শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শোণিতপুৰৰ ঢেকীয়াজুলিৰ আলিচিঙাৰ জয়নগৰ পথাৰত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ অনুষ্ঠান ইজতেমা আৰম্ভ হৈছে ৷ ঢেকীয়াজুলিৰ আলিচিঙাত আয়োজন কৰা এই ইজতেমা কাৰ্যসূচী সফল কৰি তুলিবলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ প্ৰায় ২০০ বিঘা মাটি সামৰি অনুষ্ঠিত হৈছে  ইজতেমাৰ অনুষ্ঠান ৷ শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ, সমাজ সংস্কাৰৰ এই  ইজতেমাত বিশ্বশান্তি আৰু ভাতৃত্ববোধৰ বাবে ইছলামধৰ্মী লোকসকল সমবেত হৈ আল্লাহৰ ওচৰত কৰিব দোৱা। ইজতেমা থলীত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ কেইবা লক্ষ ইছলাম ধৰ্মাৱলম্বী লোক ইতিমধ্যে সমবেত হৈছে ৷ আয়োজক সমিতিয়ে জনোৱা মতে  তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা এই ইজতেমাত উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ২০ লাখ ইছলামধৰ্মী লোক উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তুলিব৷ ইয়াত একেলগে প্ৰায় ৬০ হাজাৰ লোকে আহাৰ গ্ৰহন কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ বিগত প্ৰায় দুমাহ আগৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত হৈ ইজতেমাৰ বাবে বিশাল পৰিসৰৰ পেণ্ডেল নিৰ্মাণৰ বাবে শ্ৰমদান কৰি যাৱতীয় কাম-কাজ চলাইছিল ৷ 


উল্লেখ্য, ঢেকীয়াজুলিৰ আলিচিঙাৰ ইজতেমা থলীত শুকুৰবাৰে উপস্থিত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থা, চমুকৈ নেমছুৰ সভাপতি বদৰুল ইছলামে এই কাৰ্যসূচী সন্দৰ্ভত কয়- "এয়া হৈছে এক ধৰ্মীয় অনুষ্ঠান৷ বিভিন্ন ৰাজ্যৰ পৰা ইছলামধৰ্মী লোকসকল ইয়াত উপস্থিত থাকিব৷ তেওঁলোকক আমি যাতে ভালদৰে আপ্যায়ন কৰিব পাৰোঁ তাৰ বাবে আমি খা-খবৰ লৈ আছোঁ৷ এই ধৰ্মীয় সমাৰোহত লাখ লাখ মানুহৰ সমাগম হ'ব৷ ইয়াৰ মূল উদ্দেশ্য হ'ল , আমাৰ এই পিছপৰা সমাজখন কেনেদৰে সংস্কাৰ কৰিব পৰা যাব, কেনেকৈ আমাৰ কু-সংস্কাৰবোৰ নোহোৱা কৰি সকলো জাতি-জনগোষ্ঠীৰ লোকসকলৰ মাজত প্ৰেম-প্ৰীতি, ভাতৃত্ববোধ বিলাই আমি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল কিদৰে মজবুত কৰিব পৰা যাব তাৰ বাবে আল্লাৰ ওচৰত দোৱা হ'ব ৷ সমাজৰ পৰা অপায় অমংগল দূৰ কৰাৰ কাৰণে আৰু বিশ্বৰ বুকুত, ভাৰতবৰ্ষত আৰু অসমত কিদৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম তাৰবাবে ইয়াত দোৱা কৰিম আৰু বিগত সময়ত হোৱা আমাৰ ভুল কামৰ বাবে আল্লাৰ ওচৰত ক্ষমা বিচাৰিম ৷ এই কাৰ্যসূচী সফল কৰাৰ বাবে সকলোৱে আহি শ্ৰমদান কৰি সহায় আগবঢ়াইছে৷ ইয়াৰ জৰিয়তে সম্প্ৰীতিৰ এনাজৰীডাল আৰু শক্তিশালী হ'ব। যিটো সময়ত হিন্দু মুছলিমৰ ৰাজনীতি চলি আছে সেই সময়তে ঢেকীয়াজুলিৰ আলিচিঙাত অনুষ্ঠিত এই ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে শান্তি সম্প্ৰীতিৰ সুন্দৰ বাৰ্তা যাব।" ইপিনে, এই ধৰ্মীয় অনুষ্ঠানত সকলো ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।