Logo
image

তেজপুৰত বালি-মাটিৰ অবৈধ সৰবৰাহ, খননকলৈ ক্ষুব্ধ ৰাইজ

'আমাৰ অসম'ৰ, তেজপুৰৰ প্ৰতিবেদক, ১৪ ফেব্ৰুৱাৰীঃ তেজপুৰত সম্প্ৰতি বিভিন্ন অঞ্চলত বালিৰ অবৈধ খনন চলাৰ লগতে বৃহৎ পৰিসৰত চলিছে চোৰাং সৰবৰাহ৷ উল্লেখযোগ্য যে এই বিষয়ে শোণিতপুৰ পশ্চিমৰ বন প্ৰাধিকাৰীৰ কাৰ্যালয়ত একাধিকবাৰ অভিযোগ দিয়াৰ পাছতো বিভাগীয়ভাৱে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এনে অৱস্থাত আজি একাংশ লোকে পুনৰ বিষয়টো শোণিতপুৰ পশ্চিম বনসংমণ্ডলৰ প্ৰাধিকাৰীক লিখিতভাৱে দৃষ্টিগোচৰ কৰি ইয়াৰ প্ৰতিলিপি ৰাজ্যৰ বনমন্ত্ৰী, শোণিতপুৰৰ সাংসদ, তেজপুৰৰ বিধায়ক তথা জিলা আয়ুক্তলৈয়ো প্ৰেৰণ কৰিছে৷ অভিযোগ অনুসৰি, তেজপুৰৰ মহাভৈৰৱ আৰক্ষী চকীৰ অন্তৰ্গত তথা পৰোৱা চাৰিআলিৰ সমীপত মৰাভৰলী নৈৰ দুয়োপাৰে ব্যাপক পৰিসৰত অবৈধভাৱে বালিৰ খনন চলি আছে৷ মৰাভৰলী দলঙৰ এটা পাৰে আকৌ ৰাজ্য চৰকাৰৰ নদী খনন আঁচনিৰ অধীনতে মৰাভৰলী নৈৰ বুকু খননেৰে ইয়াৰ পৰা ওলোৱা বালি মাটিৰে নৈখনৰ দুয়োটাপাৰ বান্ধি ইয়াত উদ্যান নিৰ্মাণ, জলক্ৰীড়া তথা মীনপালনৰ এক অভিলাষী প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল৷ প্ৰথম পৰ্যায়ত ১৫ কোটি টকাৰে মৰাভৰলী নৈ খননৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত সম্প্ৰতি পুনৰ মৰাভৰলীৰ বুকুত খনন অব্যাহত আছে৷ কিন্তু আচৰিতভাৱে ইয়াৰ পৰা ওলোৱা মাটি আৰু বালিৰো সম্প্ৰতি ব্যাপক হাৰত অবৈধ সৰবৰাহ চলিছে৷ একেদৰে ইয়াৰ বিপৰীত দিশেও পুৱাৰে পৰা সন্ধিয়ালৈকে বালি খনন চলি আহিছে৷ ৩৭(ক)নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা এনে অবৈধ কাৰ্য স্পষ্টভাৱে সৰ্বসাধাৰণে দেখা পাই যদিও বনবিভাগৰহে চকুত পৰা নাই৷ একেদৰে তেজপুৰৰ ভোমোৰাগুৰি, নপাম আৰু জাহাজডুবা অঞ্চলতো ব্যাপকভাৱে মৰাভৰলী নৈৰ লগতে আন অঞ্চলত অবৈধ খনন চলিছে৷ তেজপুৰৰ ৰুদ্ৰপদৰ সমীপতো ম্যাদী মাটিতে চলিছে এনে খনন৷


উল্লেখ্য,আৰিমৰা চাপৰিৰ কাষৰীয়া অঞ্চলৰ লগতে বেছেৰীয়া, ডিপোতা আদিত ব্যাপক ৰূপত পথৰুৱা মাটি খননেৰে যধে-মধে চলিছে বালি আৰু মাটিৰ অবৈধ বেহা৷ প্ৰনিধানযোগ্য যে, বন বিভাগৰ তথ্য অনুসৰি তেজপুৰত সম্প্ৰতি বালিৰ কোনো মহল নাই৷ এনে স্থলত মৰাভৰলীৰ লগতে ভোমোৰা গুৰিৰ এটা বৃহৎ অমৃতসৰোবৰ পুখুৰীৰ কাষতে খনন চলাই আন এটা বৃহৎ পুখুৰী দৰেই কৰাৰ লগতে ভোমোৰাগুৰিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ সমন্বয় ক্ষেত্ৰৰ দিশে থকা জলসম্পদ বিভাগৰ মথাউৰিৰ পাৰতো ধাৰাবাহিক ভাবে চলিছে অবৈধ খনন৷ দৈনিক শ শ ট্ৰাক, ট্ৰেক্টৰ, ডাম্পাৰেৰে বালি-মাটি অবৈধভাৱে সৰবৰাহ হৈ থকাৰ বিপৰীতে মৰাভৰলীৰ বুকুও আকৌ ঠায়ে ঠায়ে একাংশ লোকে পুতি আছে৷ সম্প্ৰতি জাহাজডুবাত এইদৰে অবৈধ খনন চলাৰ লগতে আনফালে নৈৰ বুকু পুতি ইয়াত নিৰ্মাণ কাৰ্য চলাই গৈছে৷ একেদৰে ডিপোতাত স্থাপিত এটা বৃহৎ উদ্যোগৰ পিছফালেই এই উদ্যোগৰ দ্বাৰাই বিঘাৰ পিছত বিঘা পঠাৰৰ মাটি খান্দি আন স্থানত পেলাই থকা হৈছে৷ বনৰীয়া হাতীয়ে অহা-যোৱা কৰা পথতে থকা এই উদ্যোগৰ বাবে মাটিৰ শ্ৰেণী পৰিৱৰ্তনো অতি কৌশলৰে সম্পন্ন হোৱাৰ অভিযোগ উঠিছিল যদিও ইয়াৰ কোনো তদন্ত নহ’ল৷ তদুপৰি, এই উদ্যোগে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজসাহায্য যুক্ত ঋণহে লাভ কৰিবলৈ সক্ষম হয়৷ তদুপৰি ডিপোতা, বেছেৰীয়াকে ধৰি আৰিমৰা পৰ্যন্ত পথাৰ তথা চাপৰিত বালি মাটিৰ অবৈধ খনন আৰু অঞ্চল বিশেষে খেতিপথাৰ পুতি ইয়াত বিভিন্ন নিৰ্মাণকাৰ্য চলাই থকা হৈছে৷ একেদৰে গোটলোং অঞ্চলতো অব্যাহত আছে বালিৰ অবৈধ খনন৷ কিন্তু বন বিভাগৰ মতে, তেজপুৰত এটাও বালিৰ মহল নথকা সত্বেও বিভাগটোৰ চকুৰ সন্মুখতে মৰাভৰলী, ব্ৰহ্মপুত্ৰৰ বুকু তথা পাৰ অবৈধভাৱে খান্দি তহিলং কৰা সত্বেও চৰকাৰীভাৱে কিয় এনে দুস্কাৰ্যৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সেইলৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে বনবিভাগৰ ৰহস্যজনক ভূমিকাকলৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷