
সংকোষ নদীত বহিঃৰাজ্যৰ কোম্পানীৰ অবৈধ খনন
'আমাৰ অসম'ৰ গোসাঁইগাঁৱৰ প্ৰতিবেদকঃ অসম-বংগ সীমান্তৱৰ্তী তথা গোসাঁইগাঁও মহকুমাৰ সংকোষ নদীত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ খনন কাৰ্য। নদীৰ বুকুত বহিঃৰাজ্যৰ নিৰ্মাণকাৰী কোম্পানীৰ উপৰি স্থানীয় একাংশ লোকে অবৈধ খনন কৰি লাখ লাখ টকাৰ শিল সৰবৰাহ কৰি আহিছে। নিতৌ লাখ লাখ টকাৰ শিল বাংলাদেশলৈ সৰবৰাহ কৰাৰ বিপৰীতে অসম তথা বিটিচি চৰকাৰে লাখ লাখ টকাৰ ৰাজহ হেৰুৱাই আহিছে। এছিয়াৰ সৰ্ববৃহৎ কচুগাওঁ বনাঞ্চলৰ কাঠ শেষ হোৱাৰ পিছত এতিয়া অবৈধ শিল সৰবৰাহত জড়িত হৈ পৰিছে এটা চক্ৰই। স্থানীয় বন বিভাগক মেনেজ কৰি সামান্য ৰাজহ দি দিনে-নিশাই নদীৰ বুকুত চলাই আহিছে অবৈধ খনন কাৰ্য। গুৰু-গোঁসাই নমনা একাংশ লোকে ডাম্পাৰে ডাম্পাৰে শিল সৰবৰাহ কৰি আহিছে যদিও কচুগাওঁ বন সংমণ্ডলৰ বন বিষয়াৰ খবৰে নাই। নদীৰ বুকুত থকা চৰকাৰী মাটিত খনন চলাই অহা নহয় পূৰ্বে নদীয়ে খহাই নিয়া ম্যাদি পট্টা মাটিত চলাই আহিছে খনন কাৰ্য। নদীৰ বুকুত দিনে-নিশাই চলাই অহা খনন কাৰ্যই আন এক সমস্যাৰ সৃষ্টি কৰিছে। অবৈধ খনন কাৰ্যই পুনৰ খহনীয়া সৃষ্টি কৰাৰ অংশঙ্কাত ভুগিছে বৃহত্তৰ অঞ্চলৰ ৰাইজে। স্থানীয় ভুক্তভোগী ৰাইজে উত্থাপন কৰা অভিযোগ মতে, বহিঃৰাজ্যৰ পৰা অহা ঝান্দু নামৰ এটা ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী কোম্পানীয়ে অবৈধ খনন কাৰ্য চলাই অহাত গোসাঁইগাঁও ৰাজহ চক্ৰৰ ১ নম্বৰ খোগসাগুৰি গাঁৱৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। উক্ত কোম্পানীটোৱে অবৈধ খনন কৰা দেখি স্থানীয় এটা চক্ৰই চলাই গৈছে অবৈধ খননকাৰ্য। নদীয়ে নিজৰ ভেটি মাটি খহাই নিয়াৰ পাছত শেহতীয়াকৈ নদীয়ে বেলেগ দিশে গতি কৰাত গাঁৱৰ লোকসকলৰ মাটিত চলিছে অবৈধ খনন কাৰ্য। নদীৰ মাজ অংশ চৰলৈ ৰূপান্তৰিত হোৱাত শিলেৰে ভৰি পৰিছে। শিলেৰে ভৰি থকা অঞ্চলসমূহ বহিঃৰাজ্যৰ কোম্পানী আৰু স্থানীয় দুষ্ট চক্ৰৰ চকু পৰিছে। যাৰ ফলত অতি কৌশলেৰে উক্ত অঞ্চলত দিনে-নিশাই একো কেৰেপ নকৰাকৈ উঠাইছে লাখ লাখ টকাৰ শিল।
গাঁওখনৰ পৰিয়ালসমূহৰ কোনো অনুমতি নোলোৱাকৈ ম্যাদি পট্টা মাটিত অবৈধ খনন কৰাত গোসাঁইগাঁও মহকুমাধিপতি, কচুগাওঁ বন সংমণ্ডল বিষয়া, গোসাঁইগাঁও ৰাজহ বিভাগক অভিযোগ দিয়াৰ উপৰি খনন কাৰ্য বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে। দীৰ্ঘদিন ধৰি চলি থকা অবৈধ খনন কাৰ্য বন্ধ কৰাৰ উপৰি অঞ্চলটো প্ৰকৃততে বন বিভাগে কিহৰ ভিত্তিত বহিঃৰাজ্যৰ কোম্পানীৰ হাতত গতাই দিছে সেয়া স্পষ্ট কৰিবলৈ বন বিভাগৰ উপৰি ৰাজহ বিভাগৰ বিষয়াৰ দল এটাই যৌথভাৱে সংকোষ নদীৰ এক নম্বৰ খোগসাগুৰি গাঁৱৰ চৰত উপস্থিত হৈ চৰ জমিন কৰে। চৰ জমিনৰ অন্তত উক্ত অঞ্চলটো বহু পৰিয়ালৰ ম্যাদি পট্টা মাটি বুলি নিশ্চিত হয়। উক্ত মাটিৰ যি ৰাজহ পৰিয়ালসমূহে আজিও গোসাঁইগাঁও ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ত আদায় দি আহিছে। সংকোষ নদীৰ চৰকাৰী ভূমিত অবৈধ খনন চলোৱাৰ উপৰি ব্যক্তিগত ম্যাদি পট্টা মাটিত বলপূৰ্বক ভাৱে শিল উঠাই নিয়াত গাঁৱৰ ৰাইজে বাধা দিও কোনো তত পোৱা নাই। উল্লেখ যে খোগসাগুৰি গাঁওখনৰ ১২শ বিঘা মাটিৰ ৪ বিঘাৰ অধিক মাটি ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে। উক্ত মাটিৰ কিছু অংশ চৰ হিচাবে গঢ় লৈ উঠাত বন বিভাগে সেই সমূহ এলেকা বহিঃৰাজ্যৰ কোম্পানীক গতাই দিছে। উপযুক্ত তদন্ত আৰু নথিপত্ৰ নোহোৱাকৈ কিহৰ ভিত্তিত কচুগাওঁ বন সংমণ্ডলৰ বিষয়াই এই সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ বিভিন্ন মহলত চর্চা চলিছে। বহিঃৰাজ্যৰ কোম্পানীয়ে ৰাজ্য চৰকাৰক ৰাজহ আদায় দিছে যদিও নিৰ্দিষ্ট এলেকাত খনন নকৰি চৰকাৰী মাটি, মানুহৰ ম্যাদি পট্টা মাটিত শিল উঠাই আহিছে বুলি অভিযোগ। যদি সঁচাকৈ চৰ এলেকাত অবৈধ খনন চলি থাকে তেন্তে আগন্তুক সময়ত বৃহত্তৰ অঞ্চলৰ উপৰি বাজু গাঁও, জাৰাগুৰি লগতে নিকটৱৰ্তী এলেকাৰ হাট-বজাৰ, স্কুল-কলেজ, পকী পথ, শ্মশান, মন্দিৰ, গীৰ্জা আদি কৰি সকলো পুনৰ নদীৰ বুকুত নিচিহ্ন হ'ব বুলি আশংকা কৰিছে ৰাইজে।