Logo
image

ভয়াৱহ দিনৰ ইংগিত

দেশত কৰ’নাৰ সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ বিগত বৰ্ষত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন লকডাউন ঘোষণা কৰাত দেশৰ অৰ্থনীতি ভাগি পৰিছিল৷ ধনৰ অভাৱত বহুতে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল৷ সম্প্ৰতি দেশত কৰ’নাৰ সংক্ৰমণ পুনৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে প্ৰকাশ কৰিছে যে আগত চাৰি সপ্তাহ সংকটপূৰ্ণ হ’ব৷ নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে মঙলবাৰে কয় যে হঠাতে দ্ৰুতগতিত কৰ’না সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধিয়ে দেশৰ পৰিস্থিতি উদ্বেগজনক কৰিছে৷ মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু দিল্লীৰ পৰিস্থিতি ইতিমধ্যে বেয়াৰ ফালে ঢাল খাইছে৷ দেশৰ কোনো কোনো ঠাইত কৰ’নাৰ সৈতে যুঁজিবলৈ ইতিমধ্যে আংশিক লকডাউনো ঘোষণা কৰা হৈছে৷ কৰ’নাৰ পুনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলত ক’ভিড বিধি পালনৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট ৰাজ্যসমূহক নিৰ্দেশ দিছিল৷ আনকি যিকেইখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে, সেই ৰাজ্যসমূহত ক’ভিড বিধি মানি নিৰ্বাচনী সকলো কাম-কাজ সম্পন্ন কৰাৰ নিৰ্দেশ দিছিল৷ কিন্তু অসমত খোদ স্বাস্থ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰ’নাক লৈ চিন্তা কৰিবলগীয়া নাই বুলি নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কৈ ৰাইজক ক’ভিড বিধি মানি নচলিলেও কৰ’না নহয় বুলি কৈছিল৷ আনকি নিৰ্বাচনী প্ৰচাৰ সভাত হাজাৰ হাজাৰ লোকৰ সমাগমত মাস্ক পৰিধান নকৰাকৈ, দূৰত্ববিধি মানি নচলাকৈ আৰু ছেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ কৈছিল যে অসমত কৰ’না নিয়ন্ত্ৰণাধীন৷ কৰ’নাক ভয় কৰিবলগীয়া নাই৷ কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে ৰাজ্যত কৰ’না মহামাৰীয়ে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ দিশে গতি কৰিছে৷ কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে নলবাৰী, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে৷ জিলা প্ৰশাসনে ৰাজহুৱা স্থান আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত মাস্ক পৰিধান বাধ্যতামূলক কৰিছে৷ ইয়াৰ উপৰি সকলো কাৰ্যালয় আৰু ব্যৱসায় প্ৰতিষ্ঠানত থাৰ্মেল স্কেনাৰ আৰু ছেনিটাইজাৰ বাধ্যতামূলক কৰিছে৷ মঙলবাৰে যোৰহাটৰ ডিচিবি ছোৱালী মহাবিদ্যালয়ৰ ১১গৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ উপৰি নগাঁৱত ১২জন, কাছাৰত ১৭জন, কলিয়াবৰত ৩জন, ডিব্ৰুগড়ত ২০জন, শিৱসাগৰত ১৩জন আৰু লখিমপুৰত ৩জন লোকৰ দেহত ক’ভিড ধৰা পৰিছে৷ ইতিমধ্যে কৰ’না সংক্ৰমণৰ বাবে হাইলাকান্দি জিলাৰ আলগাপুৰৰ নবীন সোণাপুৰ গাঁৱৰ এটা চুবুৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ নিৰ্বাচনী প্ৰচাৰ সভাত ক’ভিড বিধি উলংঘা কৰাৰ বাবে এতিয়া ৰাজ্যত কৰ’নাৰ সংক্ৰমণ পুনৰ ভয়াৱহ হোৱাৰ দিশে গতি কৰিছে৷ যদিহে কৰ’নাৰ বাবে পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হয়, তেন্তে বিগত বৰ্ষৰ লকডাউনে অৰ্থনৈতিকভাৱে মাধমাৰ শোধোৱা ৰাইজ এইবাৰ নিগমে মৰিব৷ এই সময়ত প্ৰতিজন লোকেই কৰ’না সংক্ৰমণৰ পৰা বাচিবলৈ সজাগ-সচেতন হোৱাৰ উপৰি মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নকৈ নিজকে ৰখাটো অতি জৰুৰী৷ বিগত বৰ্ষৰ দৰে যাতে পৰিৱেশ নহয় তাৰ প্ৰতি চৰকাৰ, প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু জনসাধাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷