কয়লা-কাণ্ড, স্মাৰ্ট মিটাৰৰ এছ আই টি তদন্তৰ দাবী গৌৰৱ গগৈৰ
আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ ফেব্ৰুৱাৰীঃ গোটেই বিজেপি ইকো-চিষ্টেম একগোট হৈ মোক টাৰ্গেট কৰি যদি ভাবিছে যে মই দল সলনি কৰিম, বহি যাম, পিছুৱাই যাম, তেন্তে ক’ব বিচাৰো যে মই প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ৷ মই গান্ধীৰ আদৰ্শৰে আগবাঢ়ি যাম৷ এই হুংকাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ৷ অবৈধ কয়লাখনন, স্মাৰ্ট মিটাৰ আদিৰ ওপৰত এছ আই টি গঠনৰ দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত দেওবাৰে সাংসদ গগৈয়ে কয়– আজিৰ তাৰিখত বিজেপিৰ গোটেই ইকো-চিষ্টেম মোৰ সৈতে ব্যস্ত৷ যোৰহাট লোকসভাৰ নিৰ্বাচনৰ পাছতে মই অনুমান কৰিছিলো যে তেওঁলোক মোক লৈ চিন্তিত৷ কিন্তু ইমান যে ভয় কৰিছে তাক লৈ মই অবাক৷ মোক ভয় কৰিব নালাগে৷ ৰাইজক ভয় কৰক৷ ফেচবুক-টুইটাৰক লৈ মোৰ বিৰুদ্ধে যিবিলাক অভিযোগ দাঙি ধৰিছে সেই সকলো আজি ৰাজহুৱা৷ একো লুকাবলগীয়া নাই৷ একো গোপন হয়৷ ৰাইজেও সেই বিলাক চাব পাৰে৷ মোৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰে বিজেপিৰ দুৰ্বলতা প্ৰমাণ কৰিছে৷ মনৰ অস্থিৰতা প্ৰমাণ কৰিছে৷ বিজেপিৰ সাংগঠনিক সাল-সলনিক লৈ মুখ্যমন্ত্ৰী চিন্তিত৷ বিজেপিৰ দলৰ ভিতৰত আগতে তেওঁৰ যিমান দখল আছিল আজিৰ তাৰিখত সেই দখল নাই৷ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত এইটো হৈছে৷ ঝাৰখণ্ডৰ পাছত দিল্লী নিৰ্বাচনত তেওঁলোকক বেছি ব্যৱহাৰ নকৰিলে৷ মুখ্যমন্ত্ৰী অস্থিৰ হোৱাৰ আৰু এটা কাৰণ আছে৷ অবৈধ কয়লাখনন যেতিয়া বন্ধ কৰিবলগীয়া হ’ল তেতিয়া বহু কোটি টকা তেওঁৰ দলৰ লোকচান হৈছে৷ হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি হৈছে৷ এই সকলো অংক মই জানো৷ সেই তথ্য মোৰ ওচৰত আছে৷ কয়লা ছিণ্ডিকেটৰ যি টকা দলে পাই আছিল সেই টকা এতিয়া নোপোৱা হোৱাত মুখ্যমন্ত্ৰীৰ ওপৰত আঘাত পৰিছে৷ সেয়ে তেওঁ শংকিত৷ আৰু মাত্ৰ তেওঁ বাৰ মাহহে মুখ্যমন্ত্ৰীৰ চকীত বহিব পাৰিব৷
তাৰ পাছত ৰাইজে তেওঁক আঁতৰাই দিব৷ নিজৰ মাজত সৃষ্টি হোৱা এই ভয় কাৰোবাৰ ওপৰত এৰিব লাগিব৷ সেয়ে এতিয়া বিজেপি ইকো-চিষ্টেমে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে৷ ভাবিছে যে এনেকুৱা ধৰণৰ অপপ্ৰচাৰত ভয় খাই মই বহি যাম, পিছুৱাই যাম, দল সলনি কৰিম৷ মই প্ৰয়াত তৰুণ গগৈৰ সন্তান৷ মই বিজেপি, ইয়াৰ সমগ্ৰ ইকো চিষ্টেম আৰু আৰ এছ এছক মই ভয় নকৰো৷ আমি সন্মুখৰ পৰা যুঁজিম৷ মাটি কেলেংকাৰি, খোৱা পানী, নিবনুৱা সমস্যা, ছয় জনগোষ্ঠী জনজাতিকৰণৰ বিষয়ত আমি ৰাইজৰ হৈ মাত মাতি যাম৷ ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁৰ অপপ্ৰচাৰত বিশ্বাস নকৰিলে৷ তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ ৰাইজে তেওঁক গ্ৰহণ নকৰে৷ এছ আই টি গঠন কৰক কয়লাৰ ওপৰত৷ কয়লা যে বন্ধ কৰিবলগীয়া হ’ল, কাৰ নেতৃত্বত অবৈধ ব্যৱসায় চলিছিল৷ মাইণ্ডছ এণ্ড মিনাৰেল বিভাগৰ ওপৰত এছ আই টি হ’ব লাগে৷ য’ত য’ত অবৈধ কয়লাখনন চলি আছে তাত তাত এছ আই টি হ’ব লাগিছিল৷ ফোনৰ ৰেৰ্কডিঙত তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ নামো ওলাই আছে৷ কয়লাৰ ওপৰত কিয় এছ আই টি গঠন হোৱা নাই৷ অসমৰ ভিতৰত যে অবৈধখনন চলি আছে, উমৰাংছুত কিমান মানুহৰ মৃত্যু হ’ল, তাৰ ওপৰত আমি এছ আই টি দাবী কৰি আছো৷ কিবা কথা ওলাই যোৱাৰ ভয়ত মুখ্যমন্ত্ৰীয়ে আমাৰ এই দাবী শুনা নাই নেকি৷ ডুবাই-ছিংগাপুৰক লৈ আমি প্ৰশ্ন কৰিলো৷ তাৰ উত্তৰো মুখ্যমন্ত্ৰীয়ে দিয়া নাই৷ স্মাৰ্ট মিটাৰক লৈ কৰা প্ৰশ্নৰ উত্তৰ নিদিলে৷ তেওঁ কেৱল প্ৰশ্নহে সোধে৷ আমাৰ প্ৰশ্নৰ উত্তৰ কিন্তু নিদিয়ে৷ তেওঁ যিদিনা আমাৰ প্ৰশ্নৰ উত্তৰ দিব মই সিদিনাই, তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম৷






