পিএইচডি ফৰ ছেল!
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ গাতে লাগি থকা মেঘালয়ৰ ব্যক্তিগত খণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ইউ এছ টি এমৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ইউ এছ টি এমে গুৱাহাটীত ফ্লাড জে*হাদ বিয়পোৱা বুলি অভিযোগ উত্থাপন কৰাৰ পাছত এইবাৰ মেঘালয়ৰ আগশাৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানখনক ভুৱা শিক্ষানুষ্ঠান বুলি গুৰুতৰ অভিযোগ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ কেৱল ইউ এছ টি এমেই নহয়, শিক্ষানুষ্ঠানখন স্বত্বাধিকাৰী মহবুবুল হককো প্ৰৱ*ঞ্চক বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আনকি ইউ এছ টি এমে ভুৱা পি এই ডি বিক্ৰী কৰাৰো ভয়ংকৰ অভিযোগ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য, বিগত বাৰিষাৰ সময়ত গুৱাহাটীৰ ৰুক্মিণীগাঁৱত হোৱা কৃত্ৰিম বানপানীৰ বাবে ইউ এছ টি এমক জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মেঘালয়ৰ পাহাৰ কাটি শিক্ষানুষ্ঠানখন নিৰ্মাণ কৰি স্বত্বাধিকাৰীয়ে গুৱাহাটীত ফ্লাড জে*হাদ বিয়পোৱা বুলিও কটাক্ষ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই অভিযোগ খণ্ডন কৰি উভতি ধৰিছিল স্বত্বাধিকাৰী মহবুবুল হকে৷ মহবুবুল হকে ইউ এছ টি এমে বৰষুণৰ পানী সংৰক্ষণ কৰি উৎপাদন কৰা বিদ্যুৎ অসম চৰকাৰকহে বিনামূলীয়াকৈ আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীক প্ৰত্যাহ৩ান জনাইছিল৷ এই বক্তব্যক কেন্দ্ৰ কৰি ই ইউ এছ টি এমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰাৰ পাছত এইবাৰ শিক্ষানুষ্ঠানখনকে ‘ভুৱা’ প্ৰতিষ্ঠান অভিহিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ইউ এছ টি এমৰ স্বত্বাধিকাৰীৰ নাম নোলোৱাকৈ কয়– ইউ এছ টি এম এখন ফ্ৰড হয়৷ তাত পি এইছ ডি বিক্ৰী কৰা হয়৷ ইউ এছ টি এমে পাহাৰ কটাৰ বিৰুদ্ধে আমি এতিয়া ছুপ্ৰীম ক’ৰ্টৰ মনিটৰিং কমিটীৰ ওচৰত যাম৷ আমাৰ আবেদন সাজু কৰা হৈছে৷ ইউ এছ টি এমত ডিগ্ৰী, পৰীক্ষা আদি একোৱেই নাই৷ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ লগত ৰাখিছে৷ যিসকলে মাজে মাজে তেওঁৰ হৈ কৈ থাকে৷ এই প্ৰতিষ্ঠানখনৰ কথা পাতি লাভেই নাই৷ বিদেশৰ পৰা ইউ এছ টি এমে যিসমূহ পইছা লাভ কৰি আহিছিল সেই ধন অহাৰ পথ ক’ৰবাত নহয় ক’ৰবাত বন্ধ কৰি দিছো৷ আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ পইছা লাভ কৰি আহিছিল৷ সেই ৰাস্তাও আমি বন্ধ কৰি দিছোঁ৷ হয়টো তেওঁৰ ওচৰত বহুত পইছা থাকিব পাৰে৷ নতুবা তেওঁ আৰ্থিক নাটনিৰ নাটকো কৰিব পাৰে৷ কাৰণ মানুহজনটো সাংঘাটিক প্ৰৱঞ্চক হয়৷ অ’বিচিৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰ লোৱা এজন প্ৰৱঞ্চকক আমাৰ বুদ্ধিজীৱীসকলে কেনেকৈ প্ৰশংসা কৰিব পাৰে তাক লৈ মোৰ চিন্তা হয়৷






