Logo
image

আদানিক ১,০০০ বিঘা মাটি দিয়া নহয়, ৰাইজৰ বিক্ষোভত সেও মানিলে প্ৰশাসনে

‘আমাৰ অসম’ৰ পলাশবাৰীৰ প্ৰতিবেদক, ১৬ ফেব্ৰুৱাৰীঃ  অৱশেষত ৰাইজৰ প্ৰতিবাদত সেও মানিলে অসম চৰকাৰ তথা কামৰূপ জিলা প্ৰশাসনে৷ পলাশবাৰী অঞ্চলৰ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত প্ৰায় এহাজাৰ বিঘা মাটি আদানিক গতাই দিবৰ বাবে অসম চৰকাৰৰ নিৰ্দেশত কামৰূপ জিলা প্ৰশাসনে চলোৱা প্ৰচেষ্টা ধৰ্ণা-বিক্ষোভ-প্ৰতিবাদেৰে ওফৰাই পেলালে স্থানীয় ৰাইজে৷ ৰাইজৰ  ৰুদ্ৰমূৰ্তি দেখি কামৰূপৰ জিলা আয়ুক্তই স্পষ্ট কৰি দিবলৈ বাধ্য হ’ল যে পলাশবাৰী অঞ্চলৰ এহাজাৰ বিঘা মাটি আদানিক গতাই দিয়া হোৱা নাই আৰু গতাই দিবৰ বাবে কোনো নিৰ্দেশো দিয়া নাই চৰকাৰে৷ অৱশ্যে পৰৱৰ্তী সময়ত থলুৱাৰ মাটি বৃহৎ পুঁজিপতিক গতাই দিবৰ বাবে চলোৱা এই ষড়যন্ত্ৰই কেনে ৰূপ লয় সেয়া সময়েহে ক’ব৷ উল্লেখ্য, ডিমা হাচাও জিলাত স্থানীয় ৰাইজৰ প্ৰবল বিৰোধিতা নেওচি ৯,০০০ বিঘা মাটি আদানিক গতাই দিব খোজা ঘটনাই সৰ্বত্ৰ সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ ৰেশ মাৰ নৌযাওঁতেই পলাশবাৰী অঞ্চলৰ থলুৱা লোকৰ স্বাৰ্থ বিঘ্নিত কৰি পুনৰ আদানিক ১,০০০ বিঘা মাটি চমজাই দিব খুজিছিল অসম চৰকাৰে৷ আদানিক মাটি দিয়াৰ স্বাৰ্থতে পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ বৰদুৱাৰ বাগানত স্থানীয় লোকক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলাইছিল বিজেপি নেতৃত্বাধীন চৰকাৰে৷ এই অঞ্চলটো ৰাভা হাছং পৰিষদৰ অন্তৰ্গত৷ এইক্ষেত্ৰত ৰাভা হাছং পৰিষদৰ ভূমিকাক লৈও ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ সততে জাতি-মাটি-ভেটিৰ শ্লোগান আঁওৰোৱা বিজেপি দল আৰু চৰকাৰে আজিকালি নিজৰ ভেটি-মাটিৰ পৰাই জাতিৰ মানুহক উচ্ছেদ কৰিবলৈ প্ৰস্তুতি চলায়৷ সততে ডাবল ইঞ্জিন চৰকাৰ বুলি তালফাল লগোৱা চৰকাৰৰ এটা ইঞ্জিন যেন এতিয়া থলুৱাবিৰোধী হৈ পৰিছে৷ ইয়াৰ শেহতীয়া প্ৰমাণ পলাশবাৰী৷ বহিৰাগত বণিক গোষ্ঠীক বৰপীৰা পাৰি দিবলৈ সততে সাজু হৈ থকা চৰকাৰে গৌতম আদানিক গতাই দিব খুজিছিল পলাশবাৰীৰ বৰদুৱাৰ বাগানৰ প্ৰায় এহাজাৰ বিঘা মাটি৷ সেইবাবেই চলিছিল থলুৱা কৃষকক উচ্ছেদ কৰাৰ বিশেষ প্ৰস্তুতি৷ সেই উদ্দেশ্যেই এসপ্তাহ পূৰ্বে চৰকাৰৰ উচ্ছপদস্থ বিষয়াৰ দল বৰদুৱাৰ বাগানত উপস্থিত হৈছিল আৰু উচ্ছেদ কৰিবলগীয়া মাটি-বাৰীৰ বুজ লৈছিল৷ লগে লগেই অঞ্চলটোত হাহাকাৰ লাগে৷ বৃহৎ পুঁজিপতিক থলুৱাৰ মাটি গতাই দিব খোজা প্ৰচেষ্টাৰ বিৰুদ্ধে জাঙুৰ খাই উঠে অঞ্চলটোৰ ৰাইজ৷ লগে লগেই আদানিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে পুৰুষ-মহিলা, ডেকা-গাভৰু, কিশোৰ-কিশোৰী৷ বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতিৰ আহ৩ানক্ৰমে বৃহস্পতিবাৰে কেইবাটাও দল-সংগঠনৰ সহযোগত অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা৷


‘বিজেপি চৰকাৰ হায় হায়’, ‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া’, ‘পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মিছলীয়া’, ‘ৰাজহমন্ত্ৰী যোগেন মহন হায় হায়’, ‘বৰদুৱাৰ বাগানৰ খিলঞ্জীয়া ৰায়তক উচ্ছেদ কৰি আদানি গোষ্ঠীক ভূমি হস্তান্তৰ কৰা নচলিব’, ‘বৰদুৱাৰ বাগান ভূমিপট্টন দাবী সমিতি জিন্দাবাদ’, ‘কৃষক শ্ৰমিক এক হওক’ আদি ধবনিৰে উত্তাল হৈ পৰে সভাথলীৰ লগতে সমগ্ৰ বৰদুৱাৰ বাগান অঞ্চল৷ হাতে হাতে বেনাৰ-ফেষ্টুন আদি লৈ শ শ লোকে প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে আৰু উচ্ছেদ বন্ধ নহ’লে সৰ্বাত্মক প্ৰতিবাদৰ হুংকাৰ দিয়ে৷ অঞ্চলটোৰ শোষিত-বঞ্চিত, ভূমি পট্টাহীন খিলঞ্জীয়া ৰায়তক ভূমি পট্টা দিয়াৰ বিপৰীতে বৰদুৱাৰ বাগানৰ ১, ২ আৰু ৩নং পতিত ভূমিত এশ বছৰৰো অধিক কাল বাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা আৰু সেই মাটি গৌতম আদানিৰ কোম্পানীক গতাই দিব খোজা প্ৰচেষ্টা যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদী জনতাই৷ বৃহস্পতিবাৰৰ এই সভাৰ পাছতে গা লৰিল চৰকাৰ-প্ৰশাসনৰ৷ চৰকাৰৰ ইংগিতত কামৰূপ জিলা প্ৰশাসনে এই বুলি ৰাজহুৱাভাৱে স্থিতি ব্যাখ্যা কৰিলে যে সংশি¡ষ্ট অঞ্চলটোৰ মাটি আদানিক গতাই দিবৰ বাবে প্ৰশাসনে কোনো নিৰ্দেশ পোৱা নাই৷ কামৰূপৰ জিলা আয়ুক্তই স্থিতি ৰাজহুৱা কৰাৰ পাছতে দেওবাৰে জমাগুৰি ৰামচন্দ্ৰ আশ্ৰমৰ বাকৰিত শ শ লোকৰ উপস্থিতিত পুনৰ অনুষ্ঠিত হয় বিশাল প্ৰতিবাদী সভা৷ এই সভাত বনানি গাঁৱৰ বাসিন্দাসকলক ভূমিৰ অধিকাৰ নিদিয়ালৈকে ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷