লিকাবালিত Freedom of Religion Act 1978 ৰ বিৰুদ্ধে অনশন কাৰ্যসূচী
'আমাৰ অসম'ৰ চিমেন চাপৰিৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ সোমবাৰে সমগ্ৰ অৰুণাচল প্ৰদেশৰ সমান্তৰালভাৱে নামনি চিয়াং জিলাৰ লিকাবালিত অৰুণাচল প্ৰদেশ খ্ৰীষ্টান ফ'ৰামৰ উদ্যোগত অৰুণাচল প্ৰদেশ চৰকাৰে বলবৎ কৰিবলৈ লোৱা Freedom of Religion Act 1978 ৰ প্ৰতিবাদত পালন কৰে দিনজোৰা অনশন কাৰ্যসূচী। অৰুণাচল প্ৰদেশ চৰকাৰে ১৯৭৮ চনতেই প্ৰণয়ন কৰিছিল Freedom of Religion Act 1978 নামৰ এখন ধৰ্মীয় আইন। কিন্তু সেই সময়ত সমগ্ৰ অৰুণাচল প্ৰদেশত উক্ত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাত আইনখন কাৰ্যকৰী নকৰাকৈ থাকি যায়। সম্প্ৰতি চৰকাৰে সেই খ্ৰীষ্টিয়ান বিৰোধী আইনখন পুনৰ বলবৎ কৰিবলৈ লোৱাত জাঙুৰ খাই উঠিছে সমগ্ৰ অৰুণাচল প্ৰদেশৰ খ্ৰীষ্টানধৰ্মী ৰাইজ।
আইনখনৰ বিৰোধিতা কৰি সোমবাৰে অৰুণাচল প্ৰদেশ খ্ৰীষ্টান ফ'ৰাম নামৰ সংগঠনটোৰ নেতৃত্বত সমগ্ৰ অৰুণাচল প্ৰদেশৰ লগতে নামনি চিয়াং জিলাৰ লিকাবালিস্থিত নগৰ গীৰ্জাৰ প্ৰাংগনত উক্ত আইন খনৰ বিৰুদ্ধে ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈকে নামনি চিয়াং জিলাৰ তিনি সহস্ৰাধিক খ্ৰীষ্টানধৰ্মী ৰাইজে অনশন কাৰ্যসূচী ৰূপায়ন কৰে। আইনখন খ্ৰীষ্টিয়ান বিৰোধী বুলি আখ্যা দি চৰকাৰে আইনখন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰিলে অনাগত দিনত সৃষ্টি হ'বলগীয়া ভয়াৱহ পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি প্ৰতিবাদকাৰীসকলে সংবাদ মাধ্যমৰ জৰিয়তে সকিয়াই দিয়ে।






