
মোবাইলৰ পৰা মোজালৈ... পৰীক্ষাৰ্থীয়ে ক’ত নিয়া নাই নকল
‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিনিধি, ১৭ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা সোমবাৰে বিভিন্ন পৰীক্ষাকেন্দ্ৰত বিচিত্ৰ ঘটনা সংঘটিত হয়৷ তামুলপুৰৰ এটা পৰীক্ষাকেন্দ্ৰত মোবাইলত চাই চাই পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে৷ কিছুসময়ৰ পাছতে এই দৃশ্য ভাইৰেল হোৱাত চৌদিশে হাহাকাৰ লাহে৷ তিনিজন পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰাৰ উপৰি নিৰীক্ষকক নিলম্বন কৰা হয়– অব্যাহতি দিয়া হয় তত্ত্বাৱধায়কক৷ আনফালে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এটা পৰীক্ষাকেন্দ্ৰত জাপে জাপে ওলাল নকল৷ নকল অনাৰ উৎসও আমোদজনক৷ জোতাৰ তলিত, মোজাৰ ভিতৰত, জেকেটৰ অজস্ৰ পকেটত– সকলোতে নকল ভৰাই আনে পৰীক্ষাৰ্থীয়ে৷ ইফালে, চামগুৰিত দুগৰাকী পৰীক্ষাৰ্থীক নকল কৰাৰ বাবে বহিষ্কাৰ কৰা হয়৷ আন কেইবাঠাইতো ঘটিছে এনেধৰণৰ ঘটনা৷ মেট্ৰিক পৰীক্ষাত সংঘটিত এই ঘটনাৰ বাবে স্বাভাৱিকতে বিড়ম্বনাৰ সন্মুখীন হৈছে সংশ্লিষ্ট পৰীক্ষাকেন্দ্ৰসমূহৰ লগতে প্ৰশাসন আৰু স্কুল ব’ৰ্ড৷ একাধিক শিক্ষকক অব্যাহতিও দিয়া হৈছে৷ উল্লেখ্য, সোমবাৰে আছিল অসমীয়া বিষয়ৰ পৰীক্ষা৷ ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকান্দা পিপল্ছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পৰীক্ষাকেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পূৰ্বে কৰ্তব্যৰত শিক্ষক-শিক্ষয়িত্ৰীয়ে তালাচী কৰাত জাপে জাপে নকল ওলাই পৰে৷ বহু ছাত্ৰ-ছাত্ৰীয়েই লগত লৈ আনিছিল নকল৷ খেনোৰ যদি জোতাৰ তলিত নকল, খেনোৰ আকৌ মোজাৰ ভিতৰত নকল৷ কাৰোবাৰ যদি জেপত নকল, কাৰোবাৰ আকৌ বহু জেপ থকা জেকেটৰ ভিতৰত নকল৷ কাৰোবাৰ ৰুমালৰ ভাঁজত নকল, কাৰোবাৰ চোলাৰ ভিতৰত নকল৷ মুঠতে বহু পৰীক্ষাৰ্থীৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা দ’মে দ’মে নকল ওলাল৷ উল্লেখ্য, বৰকান্দা পিপল্ছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষাত নকল কৰাৰ অপৰাধত এজন পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছিল৷ সোমবাৰে মেট্ৰিক পৰীক্ষাৰ দ্বিতীয় দিনা বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অসৎ উপায় অৱলম্বন কৰাক লৈ হতভম্ব হৈ পৰিছে শিক্ষক সমাজ আৰু সচেতন মহল৷ উদ্বিগ্ন হৈ পৰিছে অভিভাৱকসকলো৷ সোমবাৰৰ ঘটনাৰ পাছতে পৰীক্ষাকেন্দ্ৰটোৰ পৰিচালনা সমিতি আৰু স্থানীয় প্ৰশাসনক এই সন্দৰ্ভত অধিক সতৰ্কতা অৱলম্বন কৰাৰ লগতে কঠোৰ দৃষ্টি ৰাখিবলৈ ৰাইজে দাবী জনাইছে৷
তামুলপুৰত তিনি পৰীক্ষাৰ্থীক বহিষ্কাৰ, নিৰীক্ষকক নিলম্বন, তত্ত্বাৱধায়কক অব্যাহতি
‘আমাৰ অসম’ৰ তামুলপুৰৰ প্ৰতিবেদকঃ ১৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰত বৃত্তিমূলক পৰীক্ষাৰ পৰীক্ষাৰ্থীয়ে এটা পৰীক্ষাগৃহত মোবাইলত চাই চাই উত্তৰ বহীত লিখা ভিডিঅ’ এটা সামাজিক মাধ্যমত ব্যাপক হাৰত ভাইৰেল হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তামুলপুৰ জিলাৰ বৌদ্ধিক মহলত৷ ঐতিহ্যমণ্ডিত তামুলপুৰ উচ্চতৰ মাধ্যমিক মাধ্যমিক বিদ্যালয়ত একাংশ পৰীক্ষাৰ্থীৰ এনে উদ্ভত কাণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে ৰাজ্যৰ শিক্ষা বিভাগ তথা তামুলপুৰ জিলা প্ৰশাসন তৎপৰ হৈ পৰা দেখা গৈছে৷ ঘটনা সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আজি এক নিৰ্দেশ জাৰি কৰি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়ক তথা অধ্যক্ষ বিভূতি ডেকাক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়ে৷ আয়ুক্তজনে তামুলপুৰৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ ইলিমা কাণ্ডুলনাক পৰীক্ষা কেন্দ্ৰটোৰ তত্ত্বাৱধায়কৰ দায়িত্ব অৰ্পণ কৰে৷ আনহাতে জিলা আয়ুক্তই অধ্যক্ষজনক পৰীক্ষাৰ্থীয়ে মোবাইল চাই উত্তৰ লিখা ঘটনাৰ বিশদ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে৷ জিলা উপায়ুক্তজনে ভাইৰেল ভিডিঅ’ তদন্তত দোষী সাব্যস্ত হোৱাসকলৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ পৰীক্ষাত কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পাছতো কেনেদৰে অকতৃত্বশীলভাৱে পৰীক্ষাগৃহত মোবাইল লগত লৈ পৰীক্ষাগৃহত মুক্তমনে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে উক্ত ঘটনা সন্দৰ্ভত সদৌ তামুলপুৰ জিলা সন্থাৰ সভাপতি অনুপ কলিতা আৰু সম্পাদক নয়নজ্যোতি কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়ক পৰীক্ষা নিৰীক্ষকৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ডুলুজিৎ দাসে এই সমগ্ৰ ঘটনাটো পৰীক্ষা কেন্দ্ৰৰ তত্ত্বাৱধায়কৰ গাফিলতিৰ বাবেই সংঘটিত হৈছে বুলি দোহাৰে আৰু অতিশীঘ্ৰে কেন্দ্ৰৰ তত্ত্বাৱধায়ক, পৰীক্ষা নিয়ন্ত্ৰকৰ ওপৰত বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে লগতে আগন্তুক দিনত তামুলপুৰ জিলাৰ প্ৰতিটো পৰীক্ষাকেন্দ্ৰত পৰীক্ষা যাতে স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হয় তাৰ ওপৰত চকু ৰাখিবলৈ আহ৩ান জনাইছে ছাত্ৰনেতাজনে৷ ঘটনা সন্দৰ্ভত তামুলপুৰ জিলা বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ সন্থায়ো উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ ইতিমধ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত তত্ত্বাৱধায়কৰ দায়িত্ব লাভ কৰা কাৰ্যবাহী দণ্ডাধীশ ইলিমা কাণ্ডুুলনাই ভাইৰেল হৈ পৰা ভিডিঅ’ পৰীক্ষা কৰি অকতৃত্বশীলভাৱে যোৱা ১৪ ফেব্ৰুৱাৰীৰ দিনা অনুষ্ঠিত হোৱা (vocational) বৃত্তিমূলক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অকতৃত্বশীলভাৱে মোবাইল ব্যৱহাৰ কৰাৰ অপৰাধত তিনিজন ছাত্ৰক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰাৰ লগতে পৰীক্ষাগৃহত নিৰীক্ষকৰ দায়িত্বত থকা নিৰীক্ষক হেমাংগ শৰ্মাক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যেই দিনৰ ভাগত জিলাখনৰ স্কুলসমূহৰ পৰিদৰ্শক আহি সমগ্ৰ ঘটনাৰ বুজ লয়৷
চামগুৰিত নকল, ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ
‘আমাৰ অসম’ৰ চামগুৰিৰ প্ৰতিবেদকঃ ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ বাবে চামগুৰিৰ শিঙিমাৰী মহম্মদ আলী উচ্ছতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা দুজন ছাত্ৰ-ছাত্ৰীক বহিষ্কাৰ কৰা হৈছে৷ নগাঁও জিলাৰ চাইদৰীয়া আদৰ্শ হাইস্কুল আৰু শালপাৰা বনগাঁও হাইস্কুলৰ পৰা ছাত্ৰ-ছাত্ৰী দুজনে শিঙিমাৰীৰ এই পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ছাত্ৰ-ছাত্ৰী দুজনে আজি অনুষ্ঠিত পৰীক্ষাত নকল কৰি নিৰীক্ষকৰ ওচৰত ধৰা পৰে৷ লগে লগেই ছাত্ৰ-ছাত্ৰী দুজনক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয় বুলি জানিব পৰা গৈছে৷