Logo
image

দুবছৰত ৰাজ্যত প্ৰায় ১৪ লাখ নিবনুৱা বাঢ়িল

‘আমাৰ অসম’ৰ  ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ ফেব্ৰুৱাৰীঃ  ৰাজ্যত ভয়াৱহ ৰূপত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ব ধৰিছে৷ আজিৰ তাৰিখত অসমত নিবনুৱাৰ সংখ্যা ৩৫লাখলৈ বৃদ্ধি পাইছে৷ এই তথ্য সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ৷ সদৌ অসম নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দেউৰী, সাধাৰণ সম্পাদক জীৱন  ৰাজখোৱাই আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই তথ্য উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্ৰত ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি তেওঁলোকে অভিযোগ তুলিছে৷ যি সময়ত চৰকাৰখনে প্ৰতিবছৰে ২ লাখ নিবনুৱাক সংস্থাপন দিব বুলি কথা দিছিল চৰকাৰে এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই আৰু ৰাজ্যত কৰ্ম সংস্থাপনৰ অভাৱত এতিয়াও লাখ লাখ নিবনুৱা যুৱক-যুৱতী কাম বিচাৰি ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব লগা হৈছে৷ এই কথা অতি দুৰ্ভাগ্যজনক বুলি ব্যক্ত কৰিছে নিবনুৱা সন্থাই৷ আনহাতে দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যত কিমান নিবনুৱাক চৰকাৰে প্ৰশিক্ষণ প্ৰদান কৰিলে অথবা কৰ্ম সংস্থাপন দিলে ইয়াৰ তথ্য যোৱা দুমাহ ধৰি চৰকাৰে নিবনুৱা সন্থাক অৱগত কৰিব নোৱাৰিলে বুলি সন্থাই অভিযোগ তোলে৷


ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে নিবনুৱাক প্ৰশিক্ষণ আৰু কৰ্ম সংস্থাপন দিয়াৰ ক্ষেত্ৰত চৰকাৰখন একেবাৰে বিফল হৈছে৷ সন্থাই এই কথাও উল্লেখ কৰে যে ৰাজ্যৰ ৫৫টা নিয়োগ বিনিময় কেন্দ্ৰত সম্প্ৰতি পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছেগৈ ৩৫ লাখ ৭৩ হাজাৰ ৯৯৫জন৷ একেদৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহপৰ্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২০০১২৫জন৷ অৰ্থাৎ যোৱা দুবছৰত ৰাজ্যখনত ১৩ লাখ ৭৩ হাজাৰ ৮৭০ জন নিবনুৱাৰ বৃদ্ধি হয়৷ এনেদৰে ভয়াৱহ ৰূপত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাতো ৰাজ্যৰ বাবেই অশনি সংকেত বুলি নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই জানিবলৈ দিছে৷ তদুপৰি, ৰাজ্যত ২৫,২৬ ফেব্ৰুৱাৰীত চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এডভাণ্টেজ অসমৰ জৰিয়তে নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰে তাৰ বাবে চৰকাৰখনক গুৰুত্ব প্ৰদান কৰিবলৈ নিবনুৱা সন্থাই চৰকাৰক আহ্বান জনায়৷