Logo
image

যোৰহাটত গৌৰৱক পৰাস্ত কৰিব নোৱৰাৰ প্ৰতিশোধ! ভূপেন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ ফেব্ৰুৱাৰীঃ  যোৰহাট লোকসভা সমষ্টিত পৰাস্ত কৰিব নোৱৰাৰ প্ৰতিশোধ ল’বলৈ গৌৰৱ গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে বিজেপিয়ে৷ কিন্তু লোকসভাত যোৰহাটত পৰাস্ত হোৱাৰ দৰে গৌৰৱ গগৈৰ সন্মুখত সহজেই পৰাস্ত হ’ব বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা৷ সোমবাৰে গুৱাহাটীৰ  ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰি এই ভৱিষ্যদ্বাণী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁ আৰু কয়– ২০২৬ৰ নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় হ’ব বুলি নিশ্চিত হোৱাৰ পিছতে গাদী হেৰুৱাৰ আশংকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতাসকলৰ ভাৱমূৰ্তি নষ্টি কৰাৰ বাবে উঠি-পৰি লাগিছে৷ সাংসদ গৌৰৱ গগৈয়ে লোকসভাত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি বিজেপিৰ ভ্ৰষ্টাচাৰ উদঙাই দিয়া বাবেই হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ ওপৰত হোৱা আক্ৰমণত সমূহীয়া প্ৰত্যুত্তৰ দিবলৈ সাজু৷ গৌৰৱ গগৈ অকলশৰীয়া নহয়৷ প্ৰতিজন কংগ্ৰেছ কৰ্মী গৌৰৱ গগৈৰ লগত আছে৷ সংবাদমেলখনত উপস্থিত থাকি সাংসদ গৌৰৱ গগৈয়ে কয় যে যিকোনো তদন্তৰ মুখামুখি হ’বলৈ আমি সাজু৷ ড॰ হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰুওৱাৰ আশংকাত এনেদৰে কংগ্ৰেছক আক্ৰমণ কৰি নিজৰ হাতাশগ্ৰস্ততাৰ প্ৰমাণ দিছে৷ চৰকাৰে যি তদন্ত কৰে তাৰ বাবে সাজু আছো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ মাথোঁ ১২ মাহ আছে আৰু ১২ মাহ পিছতে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হ’ব৷ মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ, ডুবাইৰ কথা ক’লে জাঙুৰ খাই কিয় আৰু মুখ্যমন্ত্ৰীৰ বাংলাদেশৰ সৈতে কি সম্পৰ্ক আছে? গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনে কথা সলাই আছে৷ ইয়াৰ দ্বাৰা প্ৰমাণিত যে মুখ্যমন্ত্ৰী শংকিত৷ মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস হেৰুৱাইছে৷ বিজেপিয়ে গম পাইছে অহা ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ হ’ব৷ কংগ্ৰেছ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ কি অৱস্থা হ’ব সেই কথা গম পাইছে৷ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰশ্নৰ উত্তৰ আজিলৈ দিয়া নাই৷ ১২ মাহ পিছত যেতিয়া তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী হ’ব তেতিয়া উত্তৰবিলাক দিব লাগিব৷ কংগ্ৰেছৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰীৰ কি অৱস্থা সেই কথা জানে৷ কালি অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ মুখখন দেখিছে৷ মুখ্যমন্ত্ৰীৰ চকুলৈ চালেই স্পষ্ট হৈ পৰে যে তেওঁ কিবা ভয় খাইছে৷ মুখ্যমন্ত্ৰী চিন্তিত আৰু সেয়া স্বাভাৱিক৷ কিয়নো তেওঁ ভয় খাইছে৷ কংগ্ৰেছৰ স্থিতি স্পষ্ট৷ যদি তেওঁলোকে অনুসন্ধান কৰিব বিচাৰে, তেওঁলোকে কৰিব পাৰে৷ আমি আমাৰ স্থিতিত দৃঢ় হৈ আছোঁ৷ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ তেওঁ জানে যে এবছৰৰ পিছত নিৰ্বাচনত পৰাজয় নিশ্চিত আৰু তেওঁ তেওঁৰ চকী হেৰুৱাব৷ ৰাজ্যখনত কংগ্ৰেছ চৰকাৰ গঠন হ’লে তেওঁৰ ভৱিষ্যত কি হঅব তাক লৈও তেওঁ ভয় কৰে৷


১০ বছৰ ধৰি অসমৰ ৰাইজে বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰি আহিছে৷ তেওঁ এটাও প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ কিন্তু ২০২৬ চনৰ নিৰ্বাচনৰ পিছত শৰ্মাই উত্তৰ দিব লাগিব৷ এই ১২ মাহত কংগ্ৰেছ দল একত্ৰিত হ’ব৷ জনসাধাৰণৰ মাজলৈ যাব৷ তেওঁলোকৰ সমস্যা উত্থাপন কৰিব৷ শেষত বিজয় অসমৰ জনসাধাৰণৰ হ’ব৷ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– মোদী-অমিত শ্বাহৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিশেষকৈ আদানিৰ কেলেংকাৰী-ভ্ৰষ্টাচাৰ সম্পৰ্কত গৌৰৱ গগৈয়ে সদনৰ মজিয়াত যি ভূমিকা লৈছে তাৰ বাবে টাৰ্গেট কৰি লোৱা হৈছে৷ গৌৰৱ গগৈৰ অসমৰ যুৱ প্ৰজন্ম, অসমৰ সৰ্বসাধাৰণ ৰাইজৰ লগতৰ যিহেতু সু-সম্পৰ্ক আছে যোৰহাটত হৰুৱাব নোৱাৰাৰ বাবে বিজেপিৰ প্ৰতিশোধপৰায়ণ দৃষ্টি ভংগীৰে যোৱা সময়ছোৱাত আক্ৰমণ কৰি আহিছে৷ একেবাৰে নিম্নস্তৰলৈ গতি কৰিছে৷ অসমৰ ৰাজনৈতিক, গণতান্ত্ৰিক ইতিহাসত আজিলৈকে কোনো ব্যক্তিক কেন্দ্ৰ কৰি কেবিনেটত আলোচনা হোৱা নাই৷ অসমৰ ৰাইজৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ প্ৰত্যেকটো সিদ্ধান্ত ৰাজহুৱাকৈ পোষ্টমৰ্টেম কৰাৰ দায়িত্ব আমি লৈছোঁ৷ ক্ষমতা চিৰস্থায়ী নহয় বুলি উল্লেখ কৰি ভূপনে বৰাই আৰু কয় যে গৌৰৱ গগৈ অকলশৰীয়া নহয়৷ অসম প্ৰদেশ কংগ্ৰেছৰ সকলো নেতা-কৰ্মী গৌৰৱ গগৈৰ সৈতে আছে৷ কংগ্ৰেছৰ যিসকল নেতাই সন্মুখৰ পৰা দলটোক নেতৃত্ব দি বিজেপিৰ দুৰ্নীতি-ভ্ৰাষ্টাচাৰৰ বিৰুদ্ধে মাত মাতে সেইসকল নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে এনেদৰে আক্ৰমণ কৰা বুলি ভূপেন বৰাই অভিযোগ উত্থাপন কৰি তেওঁৰ পৰিয়াল, ৰেকিবুদ্দিন আহমেদৰ পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি কয়৷ কালি কংগ্ৰেছৰ এখন সভা চলি থকা অৱস্থাত মণ্ডল সভাপতিৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি থানালৈ মতা বুলিও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে সভাপতি বৰাই৷