Logo
image

ঢোলৰ গিৰ গিৰণি আৰু বেণ্ড পাৰ্টিৰ মাতত মুখৰিত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ

'আমাৰ অসম'ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ  ঢোলৰ গিৰ গিৰণি আৰু বেণ্ড পাৰ্টিৰ মাতত মুখৰিত হ'ল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ। এফালে বৈদিক মন্ত্ৰোচাৰণ আৰু আনফালে নাম কীৰ্ত্তনৰ শব্দ, আয়তিৰ উৰুলিৰে মঙ্গলবাৰে বিশ্বনাথত ২০৪ যোৰা দম্পতীৰ শুভ বিবাহ সম্পন্ন হয়। বৈদিক প্ৰথা আৰু নাম কীৰ্ত্তন বিধি প্ৰথাৰে এক হ'ল ২০৪ যোৰা দম্পতী। মঙ্গলবাৰে উত্তৰ-পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়। বিভিন্ন কাৰণত বিবাহৰ পৰা বঞ্চিত হৈ থকা  বিশ্বনাথ, বিহালী, গহপুৰ, নদুৱাৰ, তেজপুৰ আদি প্ৰান্তৰ পৰা অহা প্ৰায় ২০৪ যোৰাকৈ দৰা-কইনাই হিন্দু ধৰ্মীয় ৰীতি-নীতি অনুযায়ী বিবাহ পাশত আৱদ্ধ হয়।


কমলাকান্ত ক্ষেত্ৰত সামূহিক বিবাহ উপলক্ষে পানীতোলা, হোম যজ্ঞ আদি মাংগলিক নিয়মেৰে বৈবাহিক কাৰ্য সম্পন্ন কৰা হয়। এই অনুষ্ঠান ভাগত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালৰ লগতে উত্তৰ-পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ দায়িত্বত থকা সকলো কাৰ্যকৰ্তা আৰু বিবাহ পাশত আৱদ্ধ হোৱা দম্পতী সকলৰ পৰিয়াল বৰ্গৰ লগতে প্ৰায় সহস্ৰাধিক লোক। এই বিবাহ কাৰ্যই বিশ্বনাথত এক সুকীয়া মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে।