Logo
image

চৰকাৰক ৰাজহ ফাকিৰে লক্ষ্মীজানত অবৈধ শিল খনন

'আমাৰ অসম'ৰ নাজিৰাৰ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ চৰকাৰক বুজন পৰিমাণৰ ৰাজহ ফাকিৰে দিখৌ নদীৰ বুকুত খনন চলাই শিল সংগ্ৰহ কৰি ৰমৰমীয়া এক ব্যৱসায় গঢ় লৈ উঠিছে নাজিৰা সমজিলাৰ বিহুবৰকে ধৰি লক্ষ্মীজান শিলনীত। উল্লেখ্য যে নাজিৰা সমজিলাৰ লক্ষ্মীজান বন কাৰ্যালয়ৰ অন্তৰ্গত দিখৌ নদীৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া ঠাইত বন বিষয়াৰ জ্ঞাতসাৰেই অবাধ গতিত অব্যাহত আছে শিল খনন ব্যৱস্থা। অভিযোগ মতে, নদীৰ বুকুতেই হওক বা সমতল স্থানতেই হওক খনন চলাই শিল সংগ্ৰহ কৰিবলৈ হ'লে বিভাগীয়ভাৱে আমানত ধন জমা কৰি পাৰ্মিট উলিয়াব লাগে। একাংশ বন বিষয়াৰ চতুৰ বুদ্ধিমত্তাতেই অসমৰ বিভিন্ন ঠাইত পথ নিৰ্মাণত শিল যোগান ধৰিব লাগে বুলি দুই এজন ঠিকাদাৰৰ নামত পাৰ্মিট উলিয়াই লক্ষ্মীজানৰ বিভিন্ন ঠাইত খনন চলাই শিল সংগ্ৰহ কৰি স্থানীয় শিল ভঙা মেচিনতেই বিক্ৰী কৰে শিল ব্যৱসায়ীয়ে। বিশেষকৈ লক্ষ্মীজানৰ ৬ (এ ), ৬(বি) আৰু ৭ নং কুৱেৰীত দিনে নিশাই অনিয়ম আৰু অবৈধভাৱে নদী আৰু কাষৰীয়া মাটিত খনন চলাই বুজন পৰিমাণৰ শিল সংগ্ৰহ কৰি অহাৰ অভিযোগ উঠিছে। অভিযোগ মতে, উজ্জ্বল, ধ্ৰুৱ, ওম, প্ৰকাশ, ডেনিচ, অৰুণ, ভাইটি আদিৰ বিৰুদ্ধেও খননত জড়িত থকা বুলি সন্দেহৰ আঙুলি উঠিছে।


আন এক অভিযোগ মতে, লক্ষ্মীজান বন কাৰ্যালয়ৰ কাষতেই দিনে নিশাই দিখৌ নদীৰ লগতে কাষৰীয়া ঠাইত খনন চলাই শিল সংগ্ৰহ কৰি আহিছে। বন কাৰ্যালয়টোৰ বিষয়াগৰাকীৰ জ্ঞাতসাৰেই অবৈধ এই খনন কাৰ্য চলি আছে বুলি অভিযোগ উঠিছে যদিও তদন্ততহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। ৰাইজৰ অভিযোগ মতে, এনেদৰে খনন অব্যাহত থকাত ঐতিহাসিক বৰশিললৈ তীব্ৰ ভাবুকি আহিছে। বৰশিল সংৰক্ষণ সমিতি এখন থকাৰ পিছতো বৰশিললৈ শংকা নমাই অনা অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে কিয় প্ৰতিবাদ নকৰে বুলিও সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে। ধনৰ বিনিময়ত এনেদৰে অবৈধভাৱে শিল খনন চলি থাকিলে অনাগত দিনত লক্ষ্মীজানবাসী ৰাইজে এক ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত। সম্প্ৰতি দিখৌ নদীৰ বুকুত বিহুবৰ আৰু লক্ষ্মীজান অঞ্চলত বৈধ-অবৈধ ভাৱে অবাধ গতিত শিল খনন অবিৰতভাৱে অব্যাহত ৰখাত জনগণৰ জীৱন-সম্পত্তিলৈ অহা ভয়াৱহ সংকট দূৰ কৰাৰ দিশ সুনিশ্চিত কৰিবলৈ সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াই বিগত সময়ত অসম বিধান সভাৰ মজিয়াত তথ্যসহ উত্থাপন কৰাৰ পিছতো কোনো সুফল নোপোৱাত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হৈ পৰিল। এতিয়া কথা হ'ল  মেকুৰীৰ ডিঙিত টিলিঙা আৰে কোনে ?