Logo
image

সংখ্যালঘু ভোটৰ অভিলেখ, ওলাই নাহিল খিলঞ্জীয়া

আমাৰ অসম, ৮ এপ্ৰিলঃ যোৱাবাৰ আছিল শৰাইঘাট শেষ ৰণ৷ এইবাৰ মোগলৰ বিৰুদ্ধে যুদ্ধ৷ শৰাইঘাটৰ শেষ ৰণত অসমীয়া সেনা অৰ্থাৎ খিলঞ্জীয়া যুঁজলৈ মাৰ বান্ধি ওলাই আহিছিল৷ কিন্তু মোগলৰ বিৰুদ্ধে যুঁজলৈ আহ্বান জনোৱা অনুসৰি অসমীয়া সেনানী ওলাই নাহিল৷ আচলতে মোগলৰ বিৰুদ্ধে যুদ্ধ নকৰাকৈয়ে ৰণৰ সামৰণি পৰিল৷ এয়া কোনো কল্প-কাহিনী নহয়৷ কিয়নো মোগলৰ বিৰুদ্ধে যুদ্ধৰ বাবে অসমবাসীক, অৰ্থাৎ খিলঞ্জীয়া লোকক ওলাই আহিবলৈ আহ্বান জনাইছিল ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ বিজেপিৰ ‘জেনেৰেল’ ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অনুৰূপ আহ্বান জনাইছিল৷ কিন্তু নিৰ্বাচনী প্ৰচাৰত, ঘাইকৈ প্ৰথম পৰ্যায়ত, য’ত খিলঞ্জীয়া ভোটাৰৰ আধিক্য, তাত হিমন্ত বিশ্ব শৰ্মাৰ মুখত মোগলৰ বিৰুদ্ধে যুদ্ধৰ আহ্বান আখৈ ফুটাদি ফুটিছিল৷ অসমীয়াৰ এই মোগলৰ বিৰুদ্ধে যুঁজত অসমীয়াক যি দিল্লীশ্বৰে সহায় কৰিছিল, তাৰ প্ৰধান সেনাপতি অমিত শ্বাহেও অসমীয়াক মোগলৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছিল৷ সামগ্ৰিকভাৱে গেৰুৱা দলটোৰ বাবে এইবাৰৰ অসমৰ বিধানসভাৰ নিৰ্বাচন আছিল মোগলৰ বিৰুদ্ধে যুঁজ৷ সেই যুঁজনো কি আছিল আৰু তাৰ উদ্দেশ্যনো কি সেই বিষয়ে ড॰ হিমন্ত বিশ্ব শৰ্মাই ভোটাৰক পাতপাতকৈ বুজাই দিছিল৷ কিন্তু সম্ভৱতঃ ভোটাৰে সেই কথা নুবুজিলে, সেয়ে অসমীয়া সেনানী যুঁজত নানামিলেই৷ যুঁজ কৰিলে প্ৰকৃততে মোগলেহে৷ ভোটদানৰ হাৰৰ পৰিসংখ্যা বিচাৰ কৰিলে তাৰ সত্যতা স্পষ্ট হৈ পৰে৷ সামগ্ৰিকভাৱে এইবাৰৰ ভোটদানৰ হাৰ ৮২.০৪ শতাংশ৷ অথচ যোৱা নিৰ্বাচনত ভোটদান কৰিছিল ৮৪.৭২ শতাংশ বা প্ৰায় ৮৫ শতাংশই৷ প্ৰথমটো পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে, শৰাইঘাটৰ ৰণত অসমৰ যিমান সেনানী নামিছিল এইবাৰ তাতকৈ প্ৰায় ৩ শতাংশ কম নামিল৷ এয়া মোগলৰ বিৰুদ্ধে যুদ্ধত অসমৰ সেনানী কমকৈ অৱতীৰ্ণ হোৱাৰ প্ৰথমটো প্ৰমাণ৷ এইবাৰৰ নিৰ্বাচনত খিলঞ্জীয়াই কমকৈ ভোট দিলে, সংখ্যালঘুৰ ভোটৰ হাৰ অধিক৷ এই ভোটদানৰ হাৰৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ আহ্বানৰ সম্পৰ্ক৷ এই আহ্বানৰ গূঢ়াৰ্থ কি আছিল? ইয়াৰ অৰ্থ তেনেই সহজ-সৰল৷ উজনি অসম আৰু উত্তৰ অসমৰ ভোটাৰৰ সিংহভাগ খিলঞ্জীয়া অসমীয়া৷ আনহাতে, বৰাক উপত্যকা আৰু নামনি অসমৰ ভোটাৰৰ মাজত সংখ্যালঘুৰ আধিক্য৷ মোগলৰ বিৰুদ্ধে যুদ্ধক হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ সভ্যতা, সংস্কৃতি, ভাষা ৰক্ষাৰ যুঁজ বুলি বিশ্লেষণ কৰিছিল৷ অৰ্থাৎ ধৰ্মৰ বিভাজন কৰি উজনি অসমৰ খিলঞ্জীয়াৰ ভোট কেৱল বিজেপিৰ পক্ষে একগোট কৰিবলৈ প্ৰয়াস চলাইছিল৷ কিন্তু সেই দিশত দলটো সফল নহ’ল৷ কিয়নো খিলঞ্জীয়া ভোটাৰ সংখ্যালঘু ভোটাৰৰ দৰে বৃহৎ হাৰত ভোটদান কৰিবলৈ নাহিল৷ বিজেপিয়ে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত মোগলৰ বিৰুদ্ধে যুদ্ধৰ শ্লোগান বাদ দিছিল৷ সংখ্যালঘু ভোটাৰকো আকৃষ্ট কৰিবলৈ বিজেপি চৰকাৰৰ ‘সবকা সাথ, সবকা বিকাশ’ শ্লোগানত অধিক গুৰুত্ব দিছিল৷ নামনি আৰু বৰাকৰ সংখ্যালঘু অধ্যুষিত সমষ্টিত বৃহৎ হাৰত ভোটাৰ ওলাই আহিল৷ তেওঁলোকৰ ভোট ‘সবকা সাথ, সবকা বিকাশ’ৰ পক্ষত পৰিল নে মোগলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ওলোৱা দলটোৰ বিপক্ষে পৰিল সেয়া ২ মে’ত পৰিষ্কাৰ হ’ব৷ ভোটদানৰ পৰিসংখ্যাই কি কয়? ভোটদানৰ পৰিসংখ্যা যদি বিচাৰ কৰা হয়, তেন্তে খিলঞ্জীয়া ভোটাৰ অধিক থকা উজনি অসম আৰু উত্তৰ অসমত ভোটদানৰ হাৰ আছিল ৭৯.৯৭ বা প্ৰায় ৮০ শতাংশ৷ দ্বিতীয় পৰ্যায়ত সমানে খিলঞ্জীয়া আৰু প্ৰায় সমান সংখ্যালঘু অধ্যুষিত সমষ্টিৰ ভোটদানৰ হাৰ আছিল ৮০.৯৬ অৰ্থাৎ প্ৰায় ৮১ শতাংশ৷ সংখ্যালঘু অধ্যুষিত সমষ্টিৰ আধিক্য থকা অঞ্চলসমূহত অৰ্থাৎ তৃতীয় পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনত ভোটদানৰ হাৰ আছিল তিনিওটা পৰ্যায়ৰ ভিতৰত সৰ্বাধিক, ৮৫.২০ শতাংশ৷ ভোটদানৰ হাৰৰ এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে– মোগলৰ বিৰুদ্ধে যুদ্ধত এইবাৰ উজনিৰ খিলঞ্জীয়া নানামিল, কিন্তু যুদ্ধক্ষেত্ৰ এৰি নিদিলে সংখ্যালঘুৱে৷ ভোটদানৰ হাৰেই তাৰ প্ৰমাণ৷

যদি ভোটদানৰ হাৰৰ সমষ্টিভিত্তিক বিশ্লেষণ কৰা হয় তেন্তে দেখা যাব, খিলঞ্জীয়া অধ্যুষিত যোৰহাট জিলাৰ ৬টা সমষ্টিৰ এটাটো ভোটদানৰ হাৰে ৮০ শতাংশ স্পৰ্শ নকৰিলে৷ যোৰহাট নিৰ্বাচনী জিলাৰ অধীনৰ দেৰগাঁৱত ভোটদানৰ হাৰ ৭৬ শতাংশ, যোৰহাটত ৭৪ শতাংশ, টীয়কত ৭৬ শতাংশ আৰু মাজুলীত ৭৯ শতাংশ৷ খিলঞ্জীয়া অধ্যুষিত গোলাঘাট নিৰ্বাচনী জিলাৰ বোকাখাটত ৮০ শতাংশ, সৰুপথাৰত ৭৬ শতাংশ, গোলাঘাটত ৭৯ শতাংশ, খুমটাইত ভোটদানৰ হাৰ ৭৯ শতাংশ৷ শিৱসাগৰ নিৰ্বাচনী জিলাৰ আমগুৰিত ৮৩ শতাংশ, থাওৰাত ৮৩ শতাংশ, শিৱসাগৰত ৮২ শতাংশ, নাজিৰাত ৮১ শতাংশ, মাহমৰাত ৮০ শতাংশ আৰু সোণাৰিত ৭৮ শতাংশ খিলঞ্জীয়াই ভোটদান কৰে৷ তিনিচুকীয়া জিলাৰ তিনিচুকীয়াত ৭৩ শতাংশ, ডিগবৈত ৭৪ শতাংশ, ডুমডুমাত ৭৪ শতাংশ, মাৰ্ঘেৰিটাত ৭৮ শতাংশ আৰু শদিয়াত ভোটদানৰ হাৰ ৭৭ শতাংশ৷ খিলঞ্জীয়া অধ্যুষিত ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ডিব্ৰুগড়ত ৭৫ শতাংশ, লাহোৱালত ৭৭ শতাংশ, দুলীয়াজানত ৭৭ শতাংশ, টিংখাঙত ৭৪ শতাংশ, নাহৰকটীয়াত ৭৮ শতাংশ আৰু চাবুৱাত ভোটদানৰ হাৰ ৭৬ শতাংশ৷ শোণিতপুৰ নিৰ্বাচনী জিলাত বৰছলাত ভোটদানৰ হাৰ ৬৯ শতাংশ, তেজপুৰত ৭৯ শতাংশ, ৰঙাপৰাত ৭২ শতাংশ, চতিয়াত ৬৫ শতাংশ, বিশ্বনাথত ৮৩ শতাংশ, বিহালীত ৮১ শতাংশ আৰু গহপুৰত ৭২ শতাংশ৷ এই সকলো সমষ্টিত খিলঞ্জীয়া ভোটাৰৰ সংখ্যা অধিক, য’ত সংখ্যালঘু ভোটাৰে ফলাফল নিৰ্ধাৰণ কৰিব নোৱাৰে, য’ত ৮০ শতাংশৰ অধিক ভোটদান হৈছে মাথোঁ ৭টা সমষ্টিত৷

ইয়াৰ বিপৰীতে যদি সংখ্যালঘু ভোটাৰ অধ্যুষিত ধুবুৰীৰ ভোটদানৰ হাৰৰ পৰিসংখ্যা চোৱা হয় তেন্তে দেখা যাব– মানকাচৰত ৯০ শতাংশ, দক্ষিণ শালমাৰাত ৯০ শতাংশ, ধুবুৰীত ৯০ শতাংশ, গৌৰীপুৰত ৯১ শতাংশ, গোলকগঞ্জত ৮৯ শতাংশ, বিলাসীপাৰা পশ্চিমত ৮৯ শতাংশ, বিলাসীপাৰা পূবত ৮৭ শতাংশই ভোটদান কৰিছে৷ সংখ্যালঘু ভোটাৰ অধ্যুষিত হাইলাকান্দিত ৭৯ শতাংশ, কাটলিচেৰাত ৮০ শতাংশ, আলগাপুৰত ৭৯ শতাংশ, কাটিগড়াত ৭৯ শতাংশ ভোটাৰে ভোটদান কৰে৷ আনহাতে, নামনি অসমৰ জলেশ্বৰত ৯০ শতাংশ, সৰভোগত ৮১ শতাংশ, বৰপেটাত ৭৯ শতাংশ, ভৱানীপুৰত ৭৯ শতাংশ, জনিয়াত ৮৮ শতাংশ, পশ্চিম গোৱালপাৰাত ৮৯ শতাংশ, পূব গোৱালপাৰাত ৮৯ শতাংশ, বাঘবৰত ৮৬ শতাংশ, চেঙাত ৮৫ শতাংশ, ছয়গাঁৱত ৮২ শতাংশ, বৰক্ষেত্ৰীত ৮৭ শতাংশ ভোটাৰে ভোটদান কৰে৷ এই পৰিসংখ্যা দেখাৰ পাছত মোগলৰ বিৰুদ্ধে যুঁজত খিলঞ্জীয়া যে কমকৈ নামিল আৰু সংখ্যালঘু বেছি হাৰত অৱতীৰ্ণ হ’ল তাৰ পৃথক প্ৰমাণৰ প্ৰয়োজন নহ’ব৷