Logo
image

যোগীঘোপাৰ টাৰ্মিনেল ৰাষ্ট্ৰলৈ উছৰ্গা

‘আমাৰ অসম’ৰ বঙাইগাঁৱৰ বিশেষ প্ৰতিনিধি, ১৮ ফেব্ৰুৱাৰীঃ  অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে যোগীঘোপাত  আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ শুভ উদ্বোধন কৰি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে৷ অনুষ্ঠান উপলক্ষে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীজনে যোগীঘোপাৰ পৰা বাংলাদেশলৈ শিলৰ চিপৰ সৈতে জাহাজ এমভি ত্ৰিশূল আৰু ১১০ মেট্ৰিকটন কয়লাযুক্ত বাৰ্জ অজয় আৰু দীক্ষুৰ সৈতে এমভি পদ্ম নেভিগেশ্বন-২ জাহাজৰ ফ্লেগ্‌- অফ কৰে৷ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিছিল৷ টাৰ্মিনেলটোৰ কৌশলগত গুৰুত্ব আছে, কিয়নো ই ভূটানৰ গেলেফুৰ পৰা ৯১ কি মি দূৰত্বত, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কি মি আৰু গুৱাহাটীৰ পৰা ১৪৭ কি মি দূৰত্বত অৱস্থিত৷ ই বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ দেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব৷ উল্লেখ্য, ২০২৭ বৰ্ষলৈ এই টাৰ্মিনেলে বছৰি ১.১ নিযুত টন কাৰ্গ ‘পৰিচালনা কৰিব বুলি আশা কৰা হৈছে৷ বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে কৌশলগত আঞ্চলিক প্ৰকল্প আৰু চুক্তিৰ জৰিয়তে ভাৰতে বৰ্ধিত আঞ্চলিক বাণিজ্য আৰু নীৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ জলপথ প্ৰৱেশ-দ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু এনেদৰেই দক্ষিণ এছিয়াৰ সামগ্ৰিক বিকাশ আৰু একত্ৰীকৰণত অৰিহণা যোগাইছে, লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এক নতুন গতি দিছে৷ ৮২ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মিত যোগীঘোপা টাৰ্মিনেলত এটা আৰচিচি জেটি আছে যাৰ সামগ্ৰী পৰিচালনাৰ বাবে বৈদু্যতিক স্তৰৰ লুফিং ক্ৰেইনৰ সৈতে ব্যৱস্থা আছে৷ টাৰ্মিনেলটোত প্ৰশাসনিক ভৱন, শুক্ল কাৰ্যালয় ভৱন, ইমিগ্ৰেচন কাৰ্যালয়, ট্ৰাক পাৰ্কিং এলেকা, ১১০০বৰ্গমিটাৰৰ আৱৰা ষ্ট’ৰেজ এলেকা আৰু পাৱাৰ বেকআপৰ সৈতে ১১,০০০ বৰ্গমিটাৰৰ মুকলি ষ্ট’ৰেজৰ দৰে আন্তঃগাঁথনিমূলক সুবিধাও আছে৷ অনুষ্ঠানত ভূটানৰ ৰাজকীয় চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগমন্ত্ৰী লিয়ংপ’ নামগ্যাল দৰ্জী, অসম চৰকাৰৰ মন্ত্ৰীসকল- ৰণজিৎ কুমাৰ দাস, বিমল বৰা, যোগেন মহন, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্ৰদীপ সৰকাৰ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয়, ‘জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ৷ এই যাতায়াতৰ ব্যৱস্থাক উন্নত কৰাৰ বাবে যোগীঘোপাতমাল্টি ম’ডেল লজিষ্টিক পাৰ্ক স্থাপনৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ লজিষ্টিক খৰচ কমাবৰ নিমিত্তে আটাইতকৈ ব্যয়সাপেক্ষ মাধ্যমটোৱেই হৈছে জলপথ৷ উদাহৰণস্বৰূপে- যি ১ টন সামগ্ৰী ট্ৰাকৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ ২০০টকা লাগে, ৰে’লপথৰ জৰিয়তে ১.৫০ টকা লাগে, জলপথৰ জৰিয়তে স্থানান্তৰিত কৰিবলৈ মাত্ৰ ৬০ পইচাৰ প্ৰয়োজন৷ ২০২১ চনত মোদী চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লক্ষ্যই আছিল এই খৰচ ১৪ শতাংশৰ পৰা ৮ শতাংশলৈ হ্ৰাস কৰা৷ ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ ২০১৪ চনৰ আগলৈকে অৰ্থনৈতিক ক্ষেত্ৰত যিখন দেশ পৃথিৱীৰ একাদশ স্থানত আছিল, আজি মাত্ৰ ১০ বছৰৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ মোদীয়ে চলিত কাৰ্যকালৰ ভিতৰত ভাৰতক বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত তৃতীয় স্থানলৈ উন্নীত কৰাৰ লক্ষ্য আগত ৰাখিছে৷ আমাৰ এই যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ সহযোগী হ’ব লাগিব৷ কাৰণ এতিয়া আৰু পূৰ্বৰ দৰে ৰাজতন্ত্ৰ চলি থকা নাই৷ এয়া গণতন্ত্ৰৰ অমৃতকাল৷ পৃথিৱীৰ বহু ৰাষ্ট্ৰ নদী তথা সমুদ্ৰক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে৷ আমিও ব্ৰহ্মপুত্ৰ নদীক লৈ গৰ্ববোধ কৰোঁ৷ ব্ৰহ্মপুত্ৰ আমাৰ বাবে আপদ নহয়, সম্পদহে৷ অতদিনে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাক অৱজ্ঞা কৰি অহা হৈছিল বাবে ইয়াৰ উচিত ব্যৱহাৰ কৰা হোৱা নাছিল৷ যোগীঘোপাৰ মাল্টিম’ডেল ল’জিষ্টিক পাৰ্কৰ ফলত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ লগত আমাৰ সম্বন্ধ সুদৃঢ় হ’ব৷ ব্ৰহ্মপুত্ৰৰ সহায়ত আজি আমি ভাৰত-বাংলাদেশ প্ৰট’কল জলপথেৰে ভাৰতৰ বিভিন্ন উপকূলীয় বন্দৰ তথা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈও যাব পাৰোঁ৷ ইয়াৰ বাবে ‘ৰাষ্ট্ৰীয় ভেচেল নীতি’ প্ৰস্তুত কৰা হৈছে, যাৰ ফলত অনুজ্ঞা-পত্ৰৰ বাবে পূৰ্বৰ দৰে প্ৰতিখন ৰাজ্যতে বাধাৰ সন্মুখীন হ’ব নালাগে৷ এতিয়া এখন ৰাষ্ট্ৰীয় অনুজ্ঞা-পত্ৰৰে দেশৰ সকলোবোৰ জলপথত বাধাহীনভাৱে চলাচল কৰিব পৰা যাব৷


কেৱল মালবাহী জাহাজেই নহয় যাত্ৰীবাহী জাহাজৰো চলাচল ইয়াৰ জৰিয়তে সুগম কৰা হৈছে৷ বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-গংগা আৰু ব্ৰহ্মপুত্ৰসংযোগী এমভি গংগা বিলাস ইয়াৰ এক সফল উদাহৰণ৷ উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ব্যাপক বিকাশ অব্যাহত আছে৷ পাণ্ডুত জাহাজ মেৰামতি সুবিধা, বগীবিল টাৰ্মিনেলৰ উন্নয়ন, পাণ্ডুৰ সৈতে যাতায়াত সংযোগ আদি বিভিন্ন প্ৰকল্প বৰ্তমান উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে৷ উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব৷ যোগীঘোপাৰ নতুন আইডব্লিউটি টাৰ্মিনেলৰ কাৰ্যকৰীকৰণ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে৷ –কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়৷ আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা এটা দশকত বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত অভূতপূৰ্ব বৃদ্ধি পৰিলক্ষিত হৈছে৷ কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭শতাংশ বৃদ্ধি হৈছে, ৰাষ্ট্ৰীয় জলপথত পৰিচালনা কৰা কাৰ্গ’ৰ পৰিমাণ ৭২৭ শতাংশ বৃদ্ধি হৈছে, আভ্যন্তৰীণ জলপথৰ বাবে বাজেট আবণ্টন ৮৬০ শতাংশ বৃদ্ধিৰ সৈতে মাল্টি ম’ডেল টাৰ্মিনেলত ৬২ শতাংশ অভূতপূৰ্ব বৃদ্ধি হৈছে৷ নদী ক্ৰুজ জাহাজৰ সংখ্যা ২০১৩-১৪ বৰ্ষত ৩ ৰ পৰা ২০২৩-২৪ বৰ্ষত ২৫লৈ বৃদ্ধি পাইছে৷ নদীৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুবিধাৰ্থে গুৱাহাটীত এটা বিশ্বমানৰ নদী ক্ৰুজ টাৰ্মিনেল বিকশিত কৰা হৈছে৷ তদুপৰি, শিলঘাট, বিশ্বনাথঘাট, নিমাতী আৰু গুঁইজান ঘাটত ৪ টা নদী ক্ৰুজ টাৰ্মিনেলৰ বিকাশ কৰি থকা হৈছে বুলিও মন্ত্ৰীজনে কয়৷