
জ্ঞানেশ কুমাৰৰ নিযুক্তিত তুমুল বিতৰ্ক
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ফেব্ৰুৱাৰীঃ দেশৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে প্ৰাক্তন আই এ এছ বিষয়া জ্ঞানেশ কুমাৰক নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে৷ আজি মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে অৱসৰ গ্ৰহণ কৰিছে৷ তেওঁৰ স্থানত কেৰালা কেডাৰৰ প্ৰাক্তন আই এ এছ বিষয়াগৰাকীক নিয়োগ কৰা হৈছে৷ ২০২৯ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত জ্ঞানেশ কুমাৰ এই পদত থাকিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ হিচাপে জনাজাত জ্ঞানেশ কুমাৰৰ প্ৰত্যক্ষ ভূমিকাত কাশ্মীৰৰ বিশেষ মৰ্যাদা কৰ্তন কৰা হৈছিল বুলি দিল্লীত চৰ্চা আছে৷ তেতিয়া তেওঁ আছিল গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব৷ কাণপুৰ আই আই টিৰ বি টেক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰিৱেশ সংক্ৰান্ত অৰ্থনীতিৰ স্নাতকোত্তৰ জ্ঞানেশ কুমাৰ ১৯৮৮ চনৰ আই এ এছ৷ তেওঁৰ নেতৃত্বতে অসমৰ উপৰি পশ্চিম বংগ, বিহাৰ, কেৰালা, তামিলনাডু, পুডুচেৰীৰ বিধানসভা নিৰ্বাচন আৰু ২০২৭ চনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হ’ব৷
জ্ঞানেশ কুমাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন কৰিলেও ৰাহুল গান্ধীয়ে এই ত্ৰুটিপূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়াক লৈ আপত্তি উত্থাপন কৰে৷ ৰাহুলৰ মতে চৰকাৰৰ দুজনকৈ মন্ত্ৰী নিৰ্বাচনী কমিটীত থকাৰ বাবে বিৰোধী দলপতিৰ এই নিৰ্বাচনত কোনো কৰণীয় নাই৷ কিয়নো তেওঁৰ আপত্তি থাকিলেও চৰকাৰী পক্ষৰ দুজনৰ সিদ্ধান্তই চূড়ান্ত হ’ব৷ দ্বিতীয়জন কেন্দ্ৰীয় মন্ত্ৰীৰ পৰিৱৰ্তে কমিটীত পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ আছিল৷ এখন অধ্যাদেশ জাৰি কৰি মোদী চৰকাৰে ন্যায়াধীশক আঁতৰাই দিয়ে৷