
এইবোৰ কিয় হৈছে ? চৰকাৰলৈ অজাপৰ আঠোটা প্ৰশ্ন
‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৮ ফেব্ৰুৱাৰীঃ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ উলিয়াই যোৱা কেইটামান দিন অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক ব্যস্ত কৰি ৰাখিলে৷ আনকি বিষয়টো এক্তিয়াৰ বিহীনভাৱে ৰাজ্য কেবিনেটত উত্থাপন কৰাই নহয়, গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ প্ৰাক্তন গাইড, পাকিস্তানী নাগৰিক এগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধানত বিভাগত গোচৰো ৰজু কৰোৱাইছে৷ এই মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই৷ মঙলবাৰে দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত ভাগ লৈ জগদীশ ভূঞাই কয় অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ওপৰত ৰাজ্য কেবিনেটত সিদ্ধান্ত লৈ সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ কথা সংবাদ মেল যোগে ঘোষণা কৰিছে৷ অথচ, এই কামবোৰ মুখ্যমন্ত্ৰীৰ এক্তিয়াৰৰ ভিতৰৰ বিষয় নহয়৷ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে সঁচাকৈয়ে ভাৰত বিৰোধী কাম কৰিছে নে নাই, সেইবোৰ চাবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, বৈদেশিক মন্ত্ৰ্যালয়, এন আই এ আদি বহু বিভাগ, সংস্থা আছেই৷ কোনোবাই বিদেশৰ কোনো ভাৰত বিৰোধী সংস্থাৰ হৈ কাম কৰিলে তেনে ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ক্ষমতা আৰু সামৰ্থ্য ভাৰত চৰকাৰৰ আছে, তাত সন্দেহ নাই৷ যদি ভাৰত চৰকাৰৰ সংস্থাসমূহে সেই দায়িত্ব পালন নকৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে সেই দায়িত্ব লবলগা হৈছে, তেনেহ’লে ভাৰত চৰকাৰৰ উক্ত ব্যৰ্থতাৰ দায়িত্ব ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীসহ কেন্দ্ৰীয় চৰকাৰে মুৰ পাতি লোৱা উচিত৷ তেওঁলোকে মাত মতা নাই মানে এইবোৰ মুখ্যমন্ত্ৰীৰ অপ্ৰয়োজনীয় আৰু মূল্যহীন আস্ফালন৷ ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ণৰ নামত ৰাইজক কেনেকৈ মুখ্যমন্ত্ৰীয়ে আভুৱা দি আছে, সেই বিষয়ে কাইলৈ কম৷ সোমবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে৷ প্ৰথম দিনৰ কাৰ্য্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হোৱাৰ পিছত বুধবাৰৰ পৰা দিছপুৰত অধিবেশনৰ সম্পূৰ্ণ কাম-কাজ আৰম্ভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে অসম বিধানসভাৰ মজিয়াত আমাৰ ৮টা প্ৰশ্নৰ যথাযথ উত্তৰ দি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰক৷ প্ৰশ্ন ৯ টা হ’ল (১) উমৰাংচুৰ অবৈধ ৰেট-হ’ল মাইনিঙত মৃত্যু হোৱা ব্যক্তি কেইজনৰ মৃতদেহ সমূহ সম্পূৰ্ণ উদ্ধাৰ নহ’ল আৰু ইয়ে প্ৰমাণ কৰিলে যে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই সমূহ পৰিত্যক্ত সুৰংগ নাছিল, এই সমূহত সুদীৰ্ঘ বছৰ চৰকাৰৰ পৃষ্ঠপোষকতাত অবৈধ মাইনিং চলি আছিল বাবেই ভূগৰ্ভৰ বহু ভিতৰলৈ এই ভিন্নমুখী সুৰঙ্গসমূহত মৃতদেহ বিচাৰি নাপালে৷ মুখ্যমন্ত্ৰীয়ে ক’ব লাগে যে উক্ত ৰে’ট-হ’লসমূহ চলাই থকা ব্যক্তি, সেইসমূহ চলাবলৈ অনুমতি দিয়া সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, জিলা বন বিষয়া তথা অন্য বিষয়া-কৰ্মচাৰীসকলকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কেতিয়া গ্ৰহণ কৰা হ’ব? (২)অবৈধ কয়লা কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ দলৰে দেৱলাল গাৰ্লোছা, তেওঁৰ পত্নী কণিকা হোজাই, তুলিৰাম ৰংহাং আদি পোনপটীয়াকৈ আৰু আন কেইবাগৰাকী নেতা অদৃশ্যভাৱে জড়িত থকাটো প্ৰমাণ হোৱাৰ পিছতো আজিলৈকে তেওঁলোকৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে? তাৰ সলনি কয়লা কেলেংকাৰীত জড়িত নেতাক লগত লৈ মুখ্যমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰি ৰাইজক কি বাৰ্তা দিব খুজিছ সেইটো ৰাজহুৱা কৰক৷ মুখ্যমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন, আপুনি কিয় ৰাজধৰ্ম পালন কৰা নাই? (৩) যোৱা ১১ ফেব্ৰুৱাৰীত যোগীঘোপাত ভাৰত চৰকাৰৰ জি এছ টি সঞ্চালকালয়ৰ দলে অভিযান চলাই মুঠ ১০৬খন অবৈধ কয়লাৰ ট্ৰাক জব্দ কৰিছে৷ উক্ত কয়লাৰ ছিণ্ডিকেট ৰহিম জিব্ৰান নামৰ অসম গণ পৰিষদৰ পালিনেতা এজনে পৰিচালনা কৰা বুলি সংবাদ মাধ্যমত বাতৰি ওলাই আছে৷ ৰহিম জিব্ৰান বোলাজন দিছপুৰৰ কোন মন্ত্ৰীৰ ভাতঘৰৰ মানুহ? তেওঁ আৰু তেওঁৰ সহযোগীকেইজনক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? (৪) এ এম ডিচিৰ পৰিচালন সঞ্চালক আনন্দ নটৰাজনে এই চোৰাং বেহাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা কৰাৰ একাধিক প্ৰমাণ দিয়াৰ পিছতো সেইজন দুৰ্নীতিগ্ৰস্থ বিষয়াক আপুনি সসন্মানে নিজৰ বিভাগলৈ ওভতাই পঠালে কিয়? তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই?
(৫)লিডু, মাৰ্ঘেৰিটা, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চলত ১৯জন চোৰাং বেপাৰীয়ে অবৈধ কয়লা খনন আৰু সৰবৰাহ কৰি থকা বুলি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ সঞ্চালকে তিনিচুকীয়াৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নামৰ তালিকা দাখিল কৰাৰ পিছতো আজিলৈকে সেই সকলৰ এজনকো কিয় গ্ৰেপ্তাৰ কৰা নহ’ল৷ তাৰ পৰিৱৰ্তে সেইসকলৰ মাজৰ গোবিন ছেত্ৰী বোলাজনক কিয় চৰকাৰী নিৰাপত্তাৰক্ষী দিয়া হ’ল? (৬)অবৈধ কয়লা ক্ৰয় কৰা দুষ্কাৰ্য্যত জড়িত হোৱা তথা কৰ ফাঁকি দিয়া ডালমিয়া, টপচেম, ষ্টাৰ, বিনয় আদি চিমেণ্ট কোম্পানী সমূহৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল? এইবোৰ চিমেণ্ট কোম্পানীয়ে মেঘালয়ত অবৈধ কাৰ্য কৰাৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে যোৱা ডিচেম্বৰ মাহত এনে ধৰণৰ চিমেণ্ট কোম্পানী সমূহৰ ওপৰত মুঠ ৬৪০ কোটি টকা জৰিমনা বিহিছিল৷ আনহাতে মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ষ্টাৰ চিমেণ্ট কোম্পানীৰ ওপৰত পৰিৱেশ দুষিত কৰাৰ অপৰাধত ১.২০ কোটি টকা জৰিমণা বিহে৷ অসমতো একে ধৰণৰ অপকৰ্ম কৰি থকা এই চিমেণ্ট কোম্পানীসমূহৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নীৰৱ কিয়? (৭)যি সমূহ অবৈধ কোক উদ্যোগে এই অবৈধ কয়লা সংগ্ৰহ কৰিছিল আৰু বিধি-বিধান উলংঘা কৰি চলাই আছে, সেই সমূহ উদ্যোগ আজি পৰ্যন্ত কিয় বন্ধ কৰা নাই? (৯)যি ষ্টাৰ চিমেণ্টৰ গুৰুতৰ অপৰাধৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে জৰিমনা বিহাৰ লগতে মেঘালয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে জৰিমণা বিহিছে৷ কোম্পানীটোৱে অসমতো অনুৰূপ দুষ্কাৰ্য্য কৰি থকা স্বত্বেও কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সলনি বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰৰ চুপাৰিছ অনুসৰি, উক্ত কোম্পানীটোৰ মালিক সজ্জন ভজঙ্কাক ২০২৬ চনৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে৷ এই দৰদৰ আঁৰৰ ৰহস্য কি? মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্ন সমূহৰ উত্তৰ দিয়ক, মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক৷ এই সমূহৰ ন্যায় বিচাৰি আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো৷ যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে প্ৰয়োজনত পৰৱৰ্তী সময়ত আমি চিমেণ্ট উদ্যোগ আৰু কোক উদ্যোগসমূহৰ বিৰুদ্ধেও ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম৷ আনহাতে সংবাদ মেলত পৰিষদৰ কেন্দ্ৰীয় সম্পাদক জিয়াউৰ ৰহমান আৰু গিৰীণ তালুকদাৰ উপস্থিত আছিল৷