Logo
image

'আমাৰ অসম'ৰ সাংবাদিক মন্টু শইকীয়ালৈ ৰাষ্ট্ৰীয় ক্রীড়া-সাংস্কৃতিক উৎসৱৰ বঁটা

'আমাৰ অসম'ৰ গুৱাহাটী সংবাদঃ 'আমাৰ অসম'ৰ সাংবাদিক মন্টু শইকীয়ালৈ ৰাষ্ট্ৰীয় ক্রীড়া-সাংস্কৃতিক উৎসৱৰ বঁটা। ২৩ ফেব্ৰুৱাৰীত অসম তথা দেশৰ ক্রীড়া সংস্কৃতি সমাজসেৱা-দুঃসাহসিক ক্রীড়া জগতৰ অন্যতম পিতৃপুৰুষ, ক্রীড়াৰত্ন, লৌহপুৰুষ প্রেমদা কান্ত শর্মা পৱিত্র ১১০ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ২৯ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া-সাংস্কৃতিক উৎসৱৰ সামৰণী অনুষ্ঠান আৰু বার্ষিক বঁটা প্রদান অনুষ্ঠান গুৱাহাটীৰ কুমাৰ ভাস্কৰ মন্দিৰত অনুষ্ঠিত হ'ব বুলি অসম ক্রীড়া সস্থাৰ সভাপতি কৈলাস শর্মা, সাংস্কৃতিক-সাংবাদিক তথা উদযাপন সমিতিৰ উপ-সভাপতি কমল কুমাৰ ভাগৱতী আৰু সম্পাদক গীতু দাসে জানিবলৈ দিছে। উক্ত অনুষ্ঠানত অসম তথা দেশৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে উদযাপন সমিতিয়ে একাধিক বিশিষ্ট ব্যক্তি, প্রতিষ্ঠানলৈ বঁটা তথা সম্বর্ধনা আগবঢ়োৱা হ'ব। স্বনামধন্য শিল্পী নুৰুদ্দিন আহমেদক 'ক'লা গৌৰৱ' উপাধি প্রদান কৰা হ'ব। জীৱনযোৰা সাধনা বঁটাঃ গৌতম দাস (প্রশাসক), কিশোৰ দংমলি ৰায় (লৌহ ক্রীড়া), দ্বীজেন হাজৰিকা (সমাজসেৱা), গিয়াচুদ্দিন আহমেদ (ক্রীড়া), প্রণয় বৰদলৈ (দুঃহাসিক ক্রীড়া), বিদ্যুৎ কলিতা (ক্রীড়া সাংবাদিকতা), প্রশান্ত ৰাজগুৰু (সাংবাদিকতা), জীতেন শর্মা (ভ্রাম্যমাণ), ড° সংগীতা কাকতি (সংগীত), মুকুট দাস (ক্রীড়া), জয়া শইকীয়া (অসমীয়া ক'লা সংস্কৃতি), পুৰৰী গগৈ (বিহু), গণেশ তামুলী (সমাজ সেৱা আৰু সংগঠক) আৰু অভিযন্তা জে এন খাটনিয়াৰ (বিজ্ঞান-প্রযুক্তিবিদ্যা)।


বর্ষশ্রেষ্ঠ বঁটাঃ বংগীতা হাজৰিকা (শ্রেষ্ঠ খেলুৱৈ), ভূমিধৰ বৰ্মন (শ্রেষ্ঠ ক্রীড়া সংগঠক), মনোজ কাশ্যপ (শ্রেষ্ঠ কণ্ঠশিল্পী), মণীষা তিৱাৰী (শ্রেষ্ঠ লৌহ ক্রীড়া), নিষ্ঠা বৰ্মন (শ্রেষ্ঠ সত্ৰীয়া ক'লা), ৰাজদীপ বাইলুং বৰুৱা (শ্রেষ্ঠ সাংবাদিক, ইলেক্ট্রনিক মিডিয়া), মনোজ কুমাৰ মহাস্তি (শ্রেষ্ঠ ক্রীড়া প্রশাসক), আপলক জে বৰুৱা (শ্রেষ্ঠ ক্রীড়াবিদ), মৰা নদীৰ জীয়াঘাট (উপন্যাস সাহিত্য), পদ্মনাভ বৰদলৈ (শ্রেষ্ঠ সংগীত শিল্পী), নিপন দাস (ক্রীড়া প্রশিক্ষক), প্রাঞ্জল ভাগৱতী (প্রযোজক), সূর্য মহন্ত (সমাজ সেৱা), মণীষা শর্মা (যুৱ সাহিত্যিক), কৃষ্ণ খাটনিয়াৰ (নাট্যসংগঠক), ড° অতুল ডেকা (সমাজ সেৱক)। শ্রেষ্ঠ প্রতিষ্ঠান বঁটাঃ কটন কলেজিয়েট হায়াৰ চেকেণ্ডাৰী স্কুল (শিক্ষানুস্থান), গুৱাহাটী ক্রীড়া সস্থা (ক্রীড়াসংগঠন), ইণ্ডিজেনাচ ৰামা গৱেষণা ফাউণ্ডেশ্বন (আধ্যাত্মিক সংগঠন), খাৰঘুলী ৰঙালী বিহু সম্মিলন (সাংস্কৃতিক প্রতিষ্ঠান), বৃহত্তৰ উজান বজাৰ অনুসূচীত নিবনুৱা মৎস্য ব্যৱসায় সস্থা (সামাজিক সজাগতা সংগঠন)। ভ্রাম্যমাণ আৰু চিনেমাঃ কহিনুৰ থিয়েটাৰ (শ্রেষ্ঠ ভ্রাম্যমাণ নাট্যদল), মৃদুল চুতীয়া (শ্রেষ্ঠ নাট্যকাৰ), ধ্রুবজ্যোতি শৰ্মা (শ্রেষ্ঠ পৰিচালক), প্রসেনজিৎ বৰা (শ্রেষ্ঠ অভিনেতা), জেবিনা বৰুৱা (শ্রেষ্ঠ অভিনেত্রী), বার্ষিক বিশেষ বঁটাঃ চন্দ্র কুমাৰ চেত্ৰী (লৌহ ক্রীড়া), পেমা চুদেন ভুটীয়া (ফেশ্বন আৰু যোগ্যতা) অমৰ কাশ্যপ (সমাজ সেৱা), 'সনোৰাৰ সুবাস', পার্থ প্রতীম হাজৰিকা (সাংবাদিকতা), মন্টু শইকীয়া (সাংবাদিকতা) আৰু ধীৰাজ কুমাৰ ঠাকুৰীয়া (সংগীত)।