Logo
image

বৰপেটাৰোডত প্ৰতি কেজি বিলাহীৰ মূল্য ০.৫০ পইচাৰ পৰা ১ টকা

'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ পাচলি খেতি কৰি বিপদত পৰিছে বৰপেটাৰোডৰ খেতিয়ক। এফালে যদি ঋণৰ বোজা আন পিনে মূল্য নাই পাচলিৰ। লাখ লাখ টকা খৰচ কৰি কৰা খেতি ডৰা লহ-পহ কৈ বাঢ়ি অহাৰ সময়ত এক আশাৰ সপোন ৰচে খেতিয়কে। কিন্তু যেতিয়া উচিত মূল্য নাপাই পথত পেলাই  দিবলগা হয়, খুৱাব লগা হয় গৰু-ছাগলীক তেতিয়া খেতিয়কৰ কেনে অৱস্থা হয়! পানীৰ দৰত বিক্ৰী কৰিব লগা হয় পাচলি, যাৰবাবে পথত পেলাই দিব লগা হৈছে বিলাহী। উচিত মূল্য নাপাই পথৰ ওপৰত কুইণ্টলে কুইণ্টলে পেলাই দিছে বিলাহী। পথৰ ওপৰত গৰু-ছাগলীয়ে খাইছে বিলাহী। ফলত মূৰে কপালে হাত দিবলগা হৈছে খেতিয়কে। আপুনি জানি আচৰিত হ'ব বৰপেটাৰোড বজাৰত এক কিলোগ্ৰাম বিলাহী মূল্য ০.৫০পইচাৰ পৰা ১ টকা য'ত খেতিয়কে ১ কিলোগ্ৰাম বিলাহী উৎপাদন কৰাৰ পৰা বজাৰলৈ অনা লৈকে খৰচ হয় ১০ টকা।


সাৰ, গুটি, হাজিৰা, খাজনা সকলো মিলালে প্ৰতিকেজিত খৰচ হয় ১০-১২ টকা কিন্তু বজাৰলৈ যেতিয়া খেতিয়কে বিক্ৰীৰ বাবে আনে তেতিয়া বিলাহীৰ মূল্য ০.৫০ পইচাৰ পৰা ১ টকা পায়। সেই পৰিপ্ৰেক্ষিতত মূৰে কপালে হাত দিব লগা হৈছে খেতিয়ক সকলে। ঋণ লৈ খেতি কৰি প্ৰতি বিঘাত খৰচ হয় দুই লাখ টকা। কিন্তু খেতিয়কে ৫ হেজাৰ টকা পাবলৈ সক্ষম নহয় বুলি আমাৰ অসমৰ সাংবাদিকৰ আগত জনায় গোবৰ্ধনাৰ যুৱ খেতিয়ক আজিজুল হকে। তেওঁ কয়, "এনেকুৱা পৰিস্থিতি হ'লে আ*ত্মজাহ দিয়াৰ বাদে অন্য উপায় নাই খেতিয়কৰ।" আনহাতে তেওঁলোকে কোনো চৰকাৰী সুবিধা নোপোৱা বুলিও উল্লেখ কৰে। একাংশ খেতিৰ সৈতে জড়িত নোহোৱা ব্যক্তিয়ে সকলো চৰকাৰী সুবিধা লৈ থকাৰ অভিযোগ কৰে আজিজুল হকে। কৃষক সকলৰ বিভিন্ন সমস্যাৰ কথা চিন্তা কৰাৰ বাবে তথা কৃষক সকলৰ দুৰ্গতিৰ কথা চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনায় দুৰ্ভগীয়া খেতিয়ক সকলে।