
হাড়গিলা সংৰক্ষণৰ বাবে বিশ্ব দৰবাৰত পুনৰ জিলিকিল পূৰ্ণিমা দেৱী বৰ্মন
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ ফেব্ৰুৱাৰীঃ দুষ্প্ৰাপ্য হাড়গিলা সংৰক্ষণত আগবঢ়োৱা অৰিহণাৰৰ বাবে পুনৰ বিশ্ব দৰবাৰত জিলিকি উঠিছে ‘হাড়গিলা বাইদেউ’ খ্যাত ড॰ পূৰ্ণিমা দেৱী বৰ্মন৷ বিশ্বৰ বিলুপ্ত প্ৰায় পক্ষীবিধৰ সংৰক্ষণ তথা বংশ-বৃদ্ধি কৰা প্ৰচেষ্টাৰ বাবেই ড॰ পূৰ্ণিমা দেৱী বৰ্মনলৈ বিখ্যাত ‘টাইম’ আলোচনীয়ে ২০২৫ বৰ্ষৰ ‘বৰ্ষশ্ৰেষ্ঠ মহিলা’ৰ স্বীকৃতি প্ৰদান কৰিছে৷ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সন্মান ‘গ্ৰীণ অস্কাৰ’ৰে সন্মানিত অসম জীয়ৰী পূৰ্ণিমা দেৱী বৰ্মনে বিশ্ব বিখ্যাত টাইম আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ মহিলা স্বীকৃতি লাভ কৰা প্ৰথমগৰাকী অসমীয়া হিচাপেও চিহ্নিত হৈছে৷ উল্লেখ্য, পূৰ্ণিমা দেৱী বৰ্মন বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাৱদ্ধ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে বিশেষভাৱে জনাজাত৷ তেওঁ কামৰূপ জিলাৰ দদৰাত হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক লগত লৈ গঠন কৰিছে হাড়গিলা আৰ্মী নামৰ এটা দল৷ বিপন্নপ্ৰায় হাড়গিলাৰ পদ্ধতিগত সংৰক্ষণৰ বাবে বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষক পূৰ্ণিমা দেৱী বৰ্মনলৈ ২০১৭ চনৰ গ্ৰীণ অস্কাৰ বঁটা আগবঢ়োৱা হৈছিল৷
২০২০ চনৰ মে’ মাহত বিশ্বৰ প্ৰখ্যাত গ্ৰন্থ প্ৰকাশন সংস্থা হাৰ্পাৰ কলিন্স পাব্লিকাৰ্ছৰ শৈক্ষিক প্ৰকাশন শাখা ‘কলিন্স-’এ ড॰ পূৰ্ণিমা দেৱী বৰ্মনৰ কৰ্মৰাজিক পাঠ্যক্ৰমত স্থান দিছিল৷ ৪৫ বছৰীয়া পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা সংৰক্ষণৰ বাবে কাম আৰম্ভ কৰাৰ সময়ত কামৰূপৰ দদৰাত আনুমানিক ৪৫০ টা হাড়গিলা আছিল যদিও এতিয়া ৰাজ্যত দুষ্প্ৰাপ্য পৰীবিধৰ উপস্থিতি প্ৰায় ১,৮০০ লৈ বৃদ্ধি পাইছে৷ পক্ষীবিধৰ সংৰক্ষণৰ বাবে দদৰাৰ মহিলাসকলক লগত লৈ হাড়গিলা আৰ্মি নামৰ দলটো গঠন কৰি হাতে-কামে লাগি পৰিছে বৰ্মন৷ পূৰ্ণিমা দেৱী বৰ্মনে ২০১৮ বৰ্ষত ভাৰত চৰকাৰৰ পৰাও নাৰী শক্তি পুৰষ্কাৰ লাভ কৰিছিল৷ বিখ্যাত ‘টাইম’ আলোচনীয়ে ‘বৰ্ষশ্ৰেষ্ঠ মহিলা’ হিচাপে স্বীকৃতি দিয়া বিষয়টো পূৰ্ণিমা দেৱী তথা অসমৰ বাবে বিৰল সন্মান হিচাপেও বিবেচিত হৈছে৷ ‘টাইম’ আলোচনাৰ অনলাইন সংৰক্ষণত পূৰ্ণিমা দেৱীৰ হাড়গিলা সংৰক্ষণৰ সন্দৰ্ভত এটি বিশেষ লেখাও প্ৰকাশ কৰিছে৷