Logo
image

৩ মাহৰ ভিতৰত আলী শ্বেখৰ গৌৰৱ লিংক ৰাজহুৱা কৰিম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ  ‘পাকিস্তানী নাগৰিক আলি তৌকি শ্বেখৰ সন্দৰ্ভত তদন্ত কৰি অসম আৰক্ষীয়ে দুদিনৰ ভিতৰতে কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে৷ ২০১০ চনৰ পৰা ২০১৮ চনলৈকে আলি তৌকি শ্বেখ ১৮বাৰকৈ ভাৰতলৈ আহিছিল৷ কোনে তেওঁক ভাৰতলৈ আনিছিল, কাৰ আতিথ্য লাভ কৰিছিল– এই কথাবোৰ এতিয়া আমি চাম৷ কিন্তু প্ৰাৰম্ভিকভাৱে যিখিনি তথ্য লাভ কৰা হৈছে, এইখিনিয়ে ছেপ্টেম্বৰ মাহলৈকে অসমৰ ৰাজনীতিত এক বৃহৎ ইমপেক্ট পেলাব৷’– এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বৃহস্পতিবাৰে বিধানসভাত ৰাজ্যপালৰ ভাষণ বিতৰ্কৰ উত্তৰ দি এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘পাকিস্তানী নাগৰিক আলি তৌকি শ্বেখে যদিও দেখুৱাই পৰিৱেশ একচনৰ কাম কৰে, তেওঁৰ আগ্ৰহ অসমৰ হিন্দু-মুছলমান, বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ওপৰত৷ আলি তৌকিৰ হৈ কাম কৰে চিডিকেএন নামৰ সংস্থাটোৱে৷ সাংসদ গৌৰৱ গগৈৰ পত্নী এই চিডিকেএনৰ সৈতে জড়িত৷ ২০১০, ২০১১, ২০১২, ২০১৩, ২০১৪, ২০১৫, ২০১৬, ২০১৮ চনত আলি তৌকি শ্বেখ ১৮বাৰ ভাৰতলৈ আহিছিল৷ মই বিধানসভাত প্ৰতিশ্ৰুতি দিছোঁ যে ৩ মাহৰ ভিতৰতে আমি আলি শ্বেখ আৰু সাংসদ লিংকৰ বিষয়ত বিধানসভাত কল্পনাতীত তথ্য প্ৰকাশ কৰিম৷ ইট উইল বি হিউজ, ফেটেল৷ সকলোৰে অন্তৰাত্মাক কঁপাই যাব৷ আমি যেতিয়া তদন্ত কৰি নোৱাৰিম, তেতিয়া নিয়ালৈ তদন্তৰ ভাৰ হস্তান্তৰ কৰিম৷ বিপ্লৱ শৰ্মা প্ৰতিবেদনতকৈও বিস্ফোৰক তথ্য অহা আগষ্ট-ছেপ্টেম্বৰত আহিব৷ কেনেকৈ আমাৰ দৰে মানুহক ভিলেইন সজাই যিসকল হিৰ’ হ’ব খুজিছিল তেওঁলোককো এক্সপ’জ কৰা হ’ব৷ পাকিস্তান লিংকৰ বহু তথ্য মোৰ লগত আছে৷ বিপ্লৱ শৰ্মা প্ৰতিবেদনখন সদনত উত্থাপন কৰিবলৈ কংগ্ৰেছে দাবী কৰি আছিল৷ কিন্তু তেওঁলোকে জনাটো উচিত আছিল যে গোটেই কেলেংকাৰিটো আমাৰ দিনত হৈছিল৷


ৰাকেশ পালৰ নিযুক্তিৰ তৰুণ গগৈৰ চহীটো ভুল হ’ব নোৱাৰে৷ কোনোবাই হয়তো ভাবিছিল এ পি এছ চি কেলেংকাৰিৰ সৈতে আমিয়েই জড়িত৷ আমি সেই শ্ৰেণীৰ মানুহ নহয়৷ যদি হ’লোঁহেঁতেন টেট, পুলিচত নিযুক্তি দিয়া সকলোৰে পৰা তিনি লাখকৈ টকা ল’লোঁহেঁতেন৷ স্বচ্ছ নিযুক্তিৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম চিৰযুগমীয়া হৈ থাকিব৷ বাহিৰত শুভাকাংক্ষী দেখুৱাই অখিল গগৈয়ে গৌৰৱ গগৈক মাৰটো দিলে– এনেকৈ মাৰিলে যে উঠি যাব নোৱাৰে৷ ৰাকেশ পালে বিয়াত দিয়া তিনি লাখ টকাৰ সোণৰ অলংকাৰৰ গিফ্‌ট টেক্সৰ ৩০ শতাংশ ৯০ হাজাৰ গৌৰৱ গগৈয়ে চৰকাৰক দিলে নাই৷ ২০১৪ চনৰ নিৰ্বাচনী শপতনামাত গৌৰৱ গগৈয়ে সোণৰ অলংকাৰখিনি কিয় দেখুওৱা নাই৷ বিপ্লৱ শৰ্মা প্ৰতিবেদনত তৰুণ গগৈৰ নাম সাঙোৰ খোৱা সন্দৰ্ভত পুত্ৰ হিচাপে গৌৰৱ গগৈয়ে এতিয়া ডিফেণ্ড দিয়া উচিত৷ তিনি দিন ধৰি তেওঁ এটাও মাত মতা নাই৷ ৰাকেশ পাল চাকৰিয়াল ছোৱালীৰ সতীত্ব হৰণতো লিপ্ত হৈছিল৷’ উল্লেখ্য যে আজি সদনত ৰাজ্যপালৰ ভাষণৰ ওপৰত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়াৰ সময়তে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আকস্মিকভাৱে মন্তব্য কৰে যে ৰাজ্যত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাইছে, ইয়াৰ বিপৰীতে আপোনাৰ ঘৰতো প্ৰাইভেট স্কুল হৈছে৷ ইয়াৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়–‘যেতিয়া মতা মানুহ দুৰ্বল হয় তেতিয়া মাইকী মানুহক টাৰ্গেট কৰি লয়৷ মুখ্যমন্ত্ৰীয়ে কয়–‘মই যদি কওঁ আপোনাৰ পৰিবাৰে কেনেকৈ চাকৰি পাইছে, ময়টো আজিলৈকে কোৱা নাই–আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই চাকৰি দিয়া হৈছে, ৰেকৰ্ড আছে–পেপাৰত ওলাইছে৷’ ইয়াৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে এয়া প্ৰমাণ কৰিবলৈ মুখ্যমন্ত্ৰীক অপেন চেনেঞ্চ দিয়াত মুখ্যমন্ত্ৰীয়ে চেলেঞ্চ গ্ৰহণ কৰা হ’ল বুলি কয়৷ লক্ষণীয় ভূপেন বৰা, গৌৰৱ গগৈৰ পত্নীৰ পাছত এইবাৰ মুখ্যমন্ত্ৰীয়ে এইদৰে টাৰ্গেট কৰি লয় অখিল পত্নীক৷