Logo
image

ই ভি এম আৰু জনমতৰ সুৰক্ষা

ভাৰতীয় গণতন্ত্ৰৰ সুৰক্ষাকৱচ হৈছে নিৰ্বাচন৷ ৫ বছৰৰ মূৰে মূৰে হোৱা নিৰ্বাচনৰ বাবেই শাসক শ্ৰেণীটোৱে জনগণৰ ওচৰত দায়বদ্ধ হৈ থাকিব লাগে৷ এক অৰ্থত ৰাজনৈতিক ইচ্চাৰে নহয় ৰাজনৈতিক বাধ্যবাধকতাৰে পৰিচালিত হয় ভাৰতীয় ৰাজনীতি৷ সেয়ে স্বাধীনতাৰ পৰৱৰ্তী সময়ত চৰকাৰে দেশখনক কল্যাণকামী আৰু সমাজতান্ত্ৰিক ধাৰাৰে আগুৱাই নিয়াৰ নীতি ঘোষণা কৰিছিল৷ কিন্তু ভাৰতীয় ভোটাৰসকলৰ মানসিক-বৌদ্ধিক তথা সামাজিক অৱস্থান লক্ষ্য কৰি লাহে লাহে ধনিক শ্ৰেণীৰ স্বাৰ্থৰক্ষাকাৰী  ভূমিকাৰে আগবাঢি.ল আৰু বুৰ্জোৱা দলসমূহেও জনগণক নিবৰ্াচনৰ বিকল্প দি কেৱল ধনিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা আৰু দুখীয়াক প্ৰলোভিত কৰা ব্যৱস্থা গঢি. তুলিলে৷ এই অধ্যায়ৰ মাজতে নিবৰ্াচনক লৈ দীৰ্ঘদিন চলি থকা বেলট ব্যৱস্থাৰো অন্ত পৰিল আৰু ১৯৯৮ চনৰ পৰা ২০০১ চনৰ ভিতৰত দেশত ইলেক্ট্ৰ’নিক ভোটিং মেচিন [ইভিএম] ব্যৱহাৰ কৰি গণতন্ত্ৰক যান্ত্ৰিক ব্যৱস্থাৰ মাজত সুমুৱাই পেলালে৷ এই ব্যৱস্থাৰে সমগ্ৰ প্ৰক্ৰিয়াটো খৰতকীয়া আৰু সহজসাধ্য হৈ উঠিল সঁচা, কিন্তু সমগ্ৰ প্ৰক্ৰিয়াটো এক সন্দেহৰ আৱৰ্তত সোমাই পৰিল৷ প্ৰথম কেইটামান নিবৰ্াচনত জনতাৰ সন্দেহ উপজা নাছিল, কিন্তু লাহে লাহে যেতিয়া জনগণৰ আকাংক্ষাৰ বিপৰীতে কিছুমান ফলাফল আহিবলৈ ধৰিলে, তেতিয়া ই ভি এমৰ ওপৰত অধিক সন্দেহ হ’বলৈ ধৰিলে৷ বিশেষকৈ অসমত ২০১১ চনৰ বিধানসভা নিৰ্বাচনত জনগণে চৰকাৰ পৰিৱৰ্তনৰ আকাংক্ষাৰে ভোট দিছিল যদিও তেনে নোহোৱাত ই ভি এম টেম্পাৰিঙৰ বিষয়ত ব্যাপক চৰ্চা হৈছিল৷ এনেদৰে দেশৰ বিভিন্ন প্ৰান্তত হোৱা নিৰ্বাচনসমূহত ব্যাপক খেলিমেলি হোৱা, এটা দলক ভোট দিলে আন এটা দলে ভোট পোৱা, যিমান ভোট আছে তাতকৈ বেছি ভোট প’ল হোৱা, দূৰসংযোগ ব্যৱস্থাৰে ই ভি এমক নিয়ন্ত্ৰণ কৰিব পাৰি বুলি প্ৰচাৰ হোৱা আদি ঘটনাসমূহে জনগণক ই ভি এমৰ প্ৰতি অধিক সন্দিহান কৰি তুলিবলৈ ধৰিলে৷ ইয়াৰ মাজতে কোনো কোনো ই ভি এম অভিযন্তাই কেনেকৈ ই ভি এম নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ছবিসহ ব্যাখ্যা আগবঢ়োৱাত, দিল্লীৰ আম আদমি পাৰ্টীৰ বিধায়কে খোদ বিধানসভাত ইয়াৰ ডেম’ দিয়া ঘটনাই জনগণক নিৰ্বাচনী ব্যৱস্থাত যন্ত্ৰৰ ব্যৱহাৰৰ বিৰুদ্ধে জনমত বৃদ্ধি কৰাত সহায় কৰি আহিছে৷ এনে পৰিস্থিতিত আকৌ নিৰ্বাচন আয়োগেও ই ভি এমৰ বিশ্বস্বতা বৃদ্ধিৰ বাবে সবৰ্দলীয় সভা অনুষ্ঠিত কৰা, ই ভি এমৰ লগত ভি ভি পেট ব্যৱহাৰ কৰা, ই ভি এমৰ পৰীক্ষা কৰি ডেম’ ভোটৰ ব্যৱস্থা কৰা আদি পদক্ষেপসমূহ লৈ ই ভি এমৰ বিশ্বাসযোগ্যতা বৃদ্ধিত চেষ্টা কৰিছে যদিও মানুহ আশ্বস্ত হ’ব পৰা নাই৷ আনহে নালাগে শাসকীয় দল বিৰোধী পক্ষত বহিলেই ই ভি এমক লৈ প্ৰশ্ন উত্থাপন কৰাটো নিয়ম হৈ পৰিছে৷ জনগণে সেয়ে সময়ে সময়ে পুনৰ বেলটৰ জৰিয়তেই নিবৰ্াচন অনুষ্ঠিত কৰিবলৈ দাবী কৰি আহিছে৷ জনগণ অধিক সচেতন হৈছে, প্ৰাৰ্থীৰ গাড়ীত, ছেক্টৰ বিষয়াৰ গাড়ীত সেয়ে ই ভি এম উদ্ধাৰ কৰি বৰ্তমান নিৰ্বাচনটো নিকা কৰিবলৈ ৰাইজেই চেষ্টা কৰিছে৷ কিন্তু ইমানৰ পাছতো নিৰ্বাচন আয়োগৰ ওপৰত বিজেপিৰ পক্ষ লোৱা বুলি উঠা অভিযোগে আচলতে ভাৰতীয় গণতন্ত্ৰলৈকে বিপদ কঢি.য়াই আনিছে৷ সেয়ে এতিয়া এমাহ ধৰি ‘ষ্ট্ৰং ৰূম’ত যি ই ভি এম বন্ধ কৰি থোৱা হৈছে, তাতো সন্দেহ ঘনীভূত হৈছে আৰু ৰাইজ নিকা নিৰ্বাচনক লৈ সন্দিহান হৈ পৰিছে৷

বহু ধনী দেশত এতিয়াও ই ভি এমৰ পৰিৱৰ্তে বৰ্তমানো বেলটতে নিৰ্বাচন অনুষ্ঠিত কৰাত আমাৰ দেশতো পুনৰ বেলটৰ দাবী যে শক্তিশালী হ’ব, সি নিশ্চিত৷