
গাঁৱে গাঁৱে কোটি টকা, প্ৰেৰণা ভাত্তা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিলৰ পূৰ্বেই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বাজেটত ঘোষিত হ’বলগীয়া এলানি উপহাৰৰ টোপোলা ঘোষণা কৰিলে৷ বৃহস্পতিবাৰে বিধানসভাত মুখ্যমন্ত্ৰীয়ে কয়– আমি এইবাৰ এখন নতুন আঁচনি কৰিব খুজিছোঁ৷ অসমৰ প্ৰতিখন গাঁৱক বিশেষভাৱে উন্নীত কৰিব পাৰোঁ নেকি৷ প্ৰতিখন গাঁৱক আমি এক কোটিকৈ টকা দিব পাৰোঁ৷ আমি এইবাৰ প্ৰতিটো সমষ্টিৰ তিনিৰ পৰা পাঁচখন গাঁৱক ১ কোটিকৈ টকা দিম৷ ইয়াৰে গাঁওখনৰ স্কুল, অংগনবাড়ী কেন্দ্ৰ, নামঘৰ আদি ভাল কৰা হ’ব৷ এইবাৰৰ যিখন বাজেট হ’ব, এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব৷ এই বছৰটোত আমি কিতাপৰ বৰ্ষ পালন কৰিম৷ হেমকোষ অভিধান, চন্দ্ৰকান্ত অভিধান, বুঢ়ী আইৰ সাধু আমি প্ৰকাশ কৰিম৷ সমাজৰ মানুহক আমি বিতৰণ কৰিম৷
চৰকাৰী কৰ্মচাৰীক আমি দৰমহাৰ লগত কিতাপ কিনিবলৈ অতিৰিক্ত পইচা দিম৷ গ্ৰন্থমেলা পাতিবৰ বাবে আমি সহযোগিতা কৰিম৷ এইবাৰ ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া এমএছপিৰ ওপৰতো আমি এমএছপি দিম৷ মাকৈতো আমি এমএছপি দিম৷ প্ৰতিটো সমষ্টিত আৰু দুখনকৈ হাইস্কুলক আমি ৮ কোটিকৈ টকা দিম৷ এইবাৰ আমি ৰেছন কাৰ্ডত দাইল, নিমখ আৰু চেনী সুলভ মূল্যত বজাৰতকৈ ২০-২৫ টকা তলত দিয়াৰ বাবে পৰিকল্পনা কৰিছোঁ৷ মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকা দিয়াৰ কাম ৰ এপ্ৰিলৰ পৰা বিহালীত আৰম্ভ কৰিম৷ এইবাৰ এপ্ৰিল, মে’ৰ পৰা বিদ্যুতৰ দাম এক টকা পৰৱৰ্তী সময়ত আৰু ৫০ পইচা হ্ৰাস কৰিম৷ ডিগ্ৰী পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক এবছৰৰ বাবে এটা প্ৰেৰণাদায়ক ভাট্টা দিয়াৰ কথা চিন্তা কৰিছোঁ৷ বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ মানুহখিনিক অৰুণোদয়লৈ কনভাৰ্ট কৰিছোঁ৷’ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত ২০-২২টা সমষ্টি বিজেপিয়ে এনেও নাপায়৷ তথাপি সংখ্যালঘু অঞ্চলৰ উন্নয়নৰ কামতো চৰকাৰে কৃপণালি কৰা নাই৷