Logo
image

কংগ্ৰেছী অপসংস্কৃতিৰ চেকা এতিয়া বিজেপিৰ গাত

২০০১ চনৰ পৰা অসমত কংগ্ৰেছে একেৰাহে পোন্ধৰ বছৰ শাসন কৰিছিল৷ তৰুণ গগৈয়ে পোন্ধৰ বছৰ ধৰি মুখ্যমন্ত্ৰীৰ আসনত বহিছিল৷ তৰুণ গগৈ নামত মুখ্যমন্ত্ৰী আছিল যদিও চৰকাৰ পৰিচালনাত আগভাগ লৈছিল ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ দৰে ডেকা মন্ত্ৰীসকলে৷ দিল্লীতো কংগ্ৰেছৰে শাসন চলি থকাৰ সুবাদত ৰাজ্য চৰকাৰখনে বিত্তীয় সাহায্য লাভত সুবিধা পাইছিল৷ কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণৰ লগতে নিজাকৈ গ্ৰহণ কৰা আঁচনি কিছুমানৰ জৰিয়তে প্ৰথমাৱস্থাত যথেষ্ট উন্নয়নমূলক কাম-কাজ কৰিছিল৷ কংগ্ৰেছৰ শাসনত দেশত দুৰ্নীতি বৃদ্ধি পায় বুলি এক ধাৰণা আছে৷ সেই ধাৰণা সঁচা বুলি প্ৰমাণিত হৈছিল আৰু শেষৰ পাঁচ বছৰত দুৰ্নীতি-অনিয়মে সীমা পাৰ হৈ গৈছিল৷ কেন্দ্ৰত ড॰ মনমোহন সিং প্ৰধানমন্ত্ৰী আৰু অসমত তৰুণ গগৈ মুখ্যমন্ত্ৰী  হৈ থকা অৱস্থাতে দুৰ্নীতিয়ে চৰম সীমা পায়৷ কেইবাটাও বৃহৎ দুৰ্নীতিৰ ঘটনা ঘটে৷ টু-জি স্পেকট্ৰাম, কয়লা কেলেংকাৰী আৰু ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ খেলিমেলিত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী জে’ললৈ যাবলগীয়া হয়৷ অসমত সংঘটিত হয় এ পি এছ চিৰ দৰে ঘৃণনীয় কেলেংকাৰী৷

কংগ্ৰেছৰ আমোলত হোৱা কেলেংকাৰীয়ে জনতাক বিক্ষুব্ধ কৰি তোলে৷ বিশেষকৈ নিযুক্তিৰ নামত গঢ়ি উঠা মুকলি বজাৰে মানুহক অতিষ্ঠ কৰি তোলে৷ অন্য দিশতো চৰকাৰখন যথেষ্ট সমালোচনাৰ সন্মুখীন হয়৷ শেষত ২০১৬ চনত ৰাইজে কংগ্ৰেছ দলক বেয়াকৈ ক্ষমতাচু্যত কৰি বিজেপিক শাসনৰ গাদীত বহুৱায়৷ ইতিমধ্যে ২০১৪ চনতে দিল্লীত কংগ্ৰেছৰ সূৰ্য ডুবিছিল আৰু নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি মিত্ৰদলৰ চৰকাৰ গঠন হৈছিল৷ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰি বিজেপিয়ে দেশবাসীক এক পৰিৱৰ্তনৰ সপোন দেখুৱাইছিল৷ পৰিৱৰ্তনৰ সেই ঢৌ আৰু অপশাসনৰ বদনামত তৰুণ গগৈ, ড॰ হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইনহঁতৰ চৰকাৰ উফৰি পৰিছিল৷ পোন্ধৰ বছৰ শাসন কৰা কংগ্ৰেছ নামৰ দলটোক ৰাইজে একপ্ৰকাৰ মাটিৰ লগত মিহলি কৰি দিছিল৷

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে প্ৰথমাৱস্থাতে কিছু গঠনমূলক আৰু উন্নয়নমূলক কাম কৰি ৰাইজক আশ্বস্ত কৰিব পাৰিছিল৷ কংগ্ৰেছৰ পুৰণি এচামক আদৰি লৈও কংগ্ৰেছৰ সৈতে এক পাৰ্থক্য সৃষ্টি কৰিব পাৰিছিল৷ ধৰ্মীয় উন্মাদনা সৃষ্টি, নাগৰিক পঞ্জীয়ন প্ৰস্তুতিত বিধি-পথালি আৰু হিন্দু বাঙালীৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণ কৰাৰ পাছতো অসমৰ ৰাইজে চৰকাৰখনক সহযোগিতা আগবঢ়াইছিল৷ তেনে কাৰণতে ২০১৯ চনত সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছিল৷

লাহে লাহে চৰকাৰখন বিশেষকৈ কেইজনমান  মন্ত্ৰী বহুত বেছি অহংকাৰী হৈ পৰে আৰু ‘কা’বিৰোধী আন্দোলনৰ সময়ত খিলঞ্জীয়া ৰাইজৰ বিপৰীত স্থিতিত থিয় দিয়ে৷ তথাপি মুখ্যমন্ত্ৰী সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান আৰু দুখীয়া-দৰিদ্ৰৰ প্ৰতি প্ৰদৰ্শন কৰা নীতিৰ বাবে চৰকাৰখন আগুৱাই গৈ থাকে৷ এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ ক্ষেত্ৰত চৰকাৰে প্ৰদৰ্শন কৰা স্থিতিৰ বাবে মূল নায়ক ৰাকেশ পালকে ধৰি ধন দি চাকৰি লোৱাসকল জে’ললৈ যাবলগীয়া হয়৷

কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি বিচাৰি ৰাইজে বিজেপিক ভোট দিছিল৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিত ৰাইজ ভোল গৈছিল৷ দুৰ্নীতিৰ বিৰুদ্ধে দিয়া শ্লোগানে মানুহক সুখী কৰিছিল৷ ষাঠি বছৰত কংগ্ৰেছে কৰিব নোৱৰা কাম পাঁচ বছৰত কৰি দেখুৱাম বুলি বিজেপিয়ে কোৱা কথাত আশ্বস্ত হৈছিল৷ পিছে, মাত্ৰ পাঁচটা বছৰৰ ভিতৰত সমাজখন ধৰ্মৰ নামত ভাগ ভাগ কৰি পেলোৱা হ’ল৷ চল্লিছ বছৰীয়া বিদেশী সমস্যাটো বেছি জটিল কৰি পেলোৱা হ’ল৷ ভোটাৰৰ মাজত বিভাজন সিঁচি দিয়া হ’ল৷ উন্নয়নৰ কামবোৰত ৰাজনীতিৰ ৰহণ সানি দিয়া হ’ল৷ শেহতীয়াভাৱে আৰক্ষী উপ-পৰিদৰ্শকৰ চাকৰিৰ নামত যিধৰণৰ বেমেজালি, খেলিমেলি, কেলেংকাৰী সংঘটিত হ’ল, তাৰ পাছত কংগ্ৰেছৰ শাসন আৰু বিজেপিৰ শাসনৰ মাজত পাৰ্থক্য বিচৰাৰ অৱকাশ নোহোৱা হ’ল৷ কংগ্ৰেছৰ নেতাসকলে লৈ অহা অপসংস্কৃতিয়ে এতিয়া বিজেপিৰ চৰকাৰখনৰ চৰিত্ৰ কৰি পেলালে৷ কংগ্ৰেছৰ হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিত গ্ৰাম্য অৰ্থনীতি এতিয়া স্থবিৰপ্ৰায়৷ কংগ্ৰেছৰ দিনৰ প্ৰভাৱশালী মন্ত্ৰীজনে এতিয়া বিজেপি চৰকাৰৰ আৰ্থিক আৰু শৈক্ষিক নীতি ৰচনা কৰে৷ চৰকাৰখনে কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা হেৰুৱাবলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণবোৰৰ জোৰ কমি আহিছে৷ দল আৰু চৰকাৰে সময় থাকোঁতেই আত্মসমালোচনা কৰা উচিত৷