ব’হাগৰ পৰা সোৱণশিৰিৰ বিদ্যুৎ, অসমে বিনামূলীয়াকৈ পাব মাথোঁ ২৫ মেগাৱাট
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মাৰ্চঃ বহু জল্পনা কল্পনা, বহু প্ৰতিবাদ, প্ৰত্যাহ্বানৰ পিছত গেৰুকামুখত সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প৷ ২০০০ মেগাৱটৰ এই সোৱণশিৰি প্ৰকল্পই এপ্ৰিলৰ পৰা বিদ্যুৎ উৎপাদন কৰি বিভিন্ন ঠাইলৈ শক্তি প্ৰেৰণ কৰিব৷ গেৰুকামুখ পাহাৰত সোৱণশিৰি নৈত নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কামকাজ ইতিমধ্যে প্ৰায় ৯৬ শতাংশ সম্পূৰ্ণ হৈ উঠিছে৷ এই প্ৰকল্পটোৰ মুঠ ৮ টা টাৰ্বাইনৰ ভিতৰত ৪ টা টাৰ্বাইন সম্পূৰ্ণ হৈ উঠিছে আৰু প্ৰতিটো টাৰ্বাইন তথা ইউনিটে এপ্ৰিল মাহৰ পৰা ২৫০ মেগাৱাটকৈ বিদ্যুৎ শক্তি উৎপাদন কৰিব৷ ১১৬ মিটাৰ উচ্ছতাৰ ৰিজাৰ্ভাৰটো ইতিমধ্যে ৫১ মিটাৰ পানীৰে পূৰ্ণ হৈ পৰাৰ লগতে আৰু ৪৫ মিটাৰ পানী পূৰ্ণ হলেই টাৰ্বাইনসমূহ ঘূৰাব পৰা হ’ব বুলি এক সূত্ৰই সদৰি কৰিছে৷ একেদৰে সোৱণশিৰি প্ৰকল্পৰ ৯ খন গেট সম্পূৰ্ণ হৈ উঠাৰ লগতে পাৱাৰ হাউচৰ ৩ টা ইউনিটৰ কামো সম্পূৰ্ণ হৈছে৷ এন এইছ পি চি কতৃৰ্পক্ষৰ পৰা পোৱা তথ্য অনুসৰি এই প্ৰকল্পটোৰ পৰা অসমে মুঠ ৫৩৩ মেগাৱাট, অৰুণাচল প্ৰদেশে ২৭৪ মেগাৱাট, উত্তৰ পূৰ্বাঞ্চলে ১৯৩ মেগাৱাট, নৰ্দান ষ্টেটে ৫০০ মেগাৱাট আৰু পশ্চিমীয়া ৰাজ্যই ৫০০ মেগাৱাট বিদ্যুৎ শক্তি লাভ কৰিব৷ অসমে ৫৩৩ মেগাৱাটৰ ভিতৰত ২৫ মেগাৱাট বিদ্যুৎ শক্তিহে বিনামূলীয়াকৈ লাভ কৰিব৷
ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশে ২৭৪ মেগাৱাটৰ ভিতৰত ২৪০ মেগাৱটেই বিনামূলীয়াকৈ লাভ কৰিব৷ একপ্ৰকাৰে এন এইচ পি চিয়ে বিনামূলীয়া বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ অসমক কেৱল ২৫ মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ বিপৰীতে অৰুণাচলক আকৌ ২৪০ মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ দিবলৈ চুক্তিবদ্ধ হৈছে৷ সোৱণশিৰি নদী ভেটি বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি অসমৰ জনতালৈ অশনি সংকেত কঢ়িয়াই অনাৰ সময়তে এন এইচ পি চি কতৃৰ্পক্ষৰ এনে বৈষম্যমূলক নীতিয়ে ৰাইজক আচৰিত কৰি তুলিছে৷ উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই লখিমপুৰ, ধেমাজি, মাজুলী তথা নামনি বাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি নমাই অনাৰ আশংকাত বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ইতিপূৰ্বে বহু দল-সংগঠনে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত প্ৰতিবাদ জনাই আহিছে৷






