Logo
image

কৰ’নাকালীন বিহু

কৰ’নাৰ প্ৰথমটো ঢৌ চলি থকা সময়ত যোৱা বছৰ চৰকাৰী নীতি-নিৰ্দেশনা মানি অসমত উদ্‌যাপন কৰা নহ’ল অসমবাসীৰ হিয়াৰ আমঠু ৰঙালী বিহু৷ দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌ চলি থকা সময়ত এইবাৰো অসমত ৰঙালী বিহু উদ্‌যাপন সম্ভৱ নহ’ব বুলিয়েই ধাৰণা কৰা হৈছিল৷ কিন্তু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীজনে কেইদিনমান পূৰ্বে অসমৰ ৰাইজে এইবাৰ ধুমধামেৰে বিহু উদ্‌যাপন কৰিব পাৰিব বুলি ঘোষণা কৰাৰ পাছত উৎসাহিত হৈ পৰিছিল বিভিন্ন স্থানৰ বিহু কমিটীৰ উদ্যোক্তাসকল৷ কিন্তু শেহতীয়াকৈ বিহু উদ্‌যাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনাবোৰে সমস্যাত পেলাইছে বিহু কমিটীবোৰক৷ চৰকাৰী নিৰ্দেশনাৰ বাবে বহু ঠাইত বাতিল কৰা হৈছে বিহুৰ অনুষ্ঠান৷ বিহু উদ্‌যাপনৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নিৰ্দেশনাৰ অন্যতম হৈছে নিশা ১১ বজাৰ ভিতৰত সকলো অনুষ্ঠান সম্পূৰ্ণ কৰিব লাগিব৷ উদ্যোক্তাসকলৰ ক’ভিড টেষ্ট, মাস্কৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰা হৈছে৷  বিহু অনুষ্ঠান উদ্‌যাপনৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে বান্ধি দিয়া এই নিষেধাজ্ঞাৰ পাছত স্বাভাৱিকতে বহুতৰ মনত প্ৰশ্ন জাগিছে যে ৰাজহুৱা অনুষ্ঠানত এনেবোৰ নিৰ্দেশনা মানি চলাটো সম্ভৱ হ’বনে? দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো চিন্তাজনকভাৱে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ৷ এদিনত পাঁচ শতাধিক লোক সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছে৷ এনে স্থিতিত ৰাজহুৱাকৈ বিহু উদ্‌যাপন কৰাটো কিমান সমীচীন হ’ব? এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে লাখ লাখ লোকৰ উপস্থিতিৰে হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত চাৰিশৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ অসমত নিশা এঘাৰ বজালৈকে বিহুৰ অনুষ্ঠান আয়োজনত অনুমতি দিয়া হৈছে৷ সেই সময়ছোৱাত কৰ’নাৰ সংক্ৰমণ সম্ভৱ নহ’ব নেকি? সংশ্লিষ্ট বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে বিহু অনুষ্ঠান এটাত কিমান লোকৰ সমাগম হ’ব পাৰে, সেই বিষয়ে উদ্যোক্তাসকলে আগতীয়াকৈ জনাব লাগিব৷ ৰাজহুৱা অনুষ্ঠান এটাত এয়া সম্ভৱ কেনেকৈ হ’ব? এইবোৰ বিষয় লৈয়ে বিহু কমিটীবোৰ দোধোৰ-মোধোৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে৷

এইখিনিতে সৰ্বসাধাৰণৰ মনত উদয় হোৱা প্ৰশ্নটো হৈছে যে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ৰাজনৈতিক দলে আয়োজন কৰা কোনো কোনো নিৰ্বাচনী সভাবোৰত লাখৰ ওপৰত লোকৰ সমাগম হৈছিল৷ সেই সময়তো কৰ’নাৰ আশংকা সমানেই আছিল যদিও নিৰ্বাচনী সভাবোৰত নাছিল কোনোধৰণৰ সতৰ্কতামূলক ব্যৱস্থা৷ মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলা নাছিল কোনোৱেই৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল যদিও সেইবোৰ কোনেও মানি চলা দেখা নগ’ল৷ সেই সময়ত অসমত কৰ’নাৰ সংক্ৰমণৰ আশংকা নাছিল৷ কিন্তু নিৰ্বাচনৰ পাছতেই ৰাজ্যখনত দেখা গ’ল কৰ’নাৰ আক্ৰমণ৷ নিৰ্বাচনী সভাবোৰেই অসমত পুনৰবাৰ কৰ’নাৰ সংক্ৰমণৰ অভিকেন্দ্ৰ নাছিল বুলি কোনোবাই গেৰাণ্টী দিব পাৰিবনে? ৰাজ্যত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই থকা অৱস্থাত অসমবাসীৰ মনত আহি পৰিছে আন এটা আশংকা৷ বিহুৰ পাছত সংক্ৰমণ অধিক বৃদ্ধি পালে আকৌ এবাৰ লকডাউনৰ সম্ভাৱনা আহি পৰিব নেকি? যোৱা বছৰৰ মাৰ্চত দেশজুৰি ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত সাধাৰণ লোকৰ কি অৱস্থা হৈছিল তাক দুনাই কোৱাৰ প্ৰয়োজন নাই৷ এনে অৱস্থাৰ যাতে পুনৰাবৃত্তি নহয়, তাক নিশ্চিত কৰিবলৈ সতৰ্কতাই হৈছে সৰ্বোত্তম পন্থা৷ দেশত কৰ’নাৰ ভেকচিন ওলাইছে যদিও ভেকচিন লোৱাৰ পাছতো পুনৰ সংক্ৰমিত হোৱাও দেখা গৈছে৷ কৰ’নাৰ প্ৰথমটো ঢৌৰ তুলনাত দ্বিতীটো ঢৌ অধিক ভয়াৱহ বুলি বিশেষজ্ঞসকলেও মন্তব্য কৰিছে৷ বিশ্ববাসী কেতিয়া সম্পূৰ্ণ কৰ’নামুক্ত হ’ব তাৰ নি(য়তা কোনেও দিব নোৱাৰে৷ সেয়েহে সতৰ্কতাৰে থকাটোৱেই হৈছে কৰ’নাৰে যুঁজ দিয়াৰ সহজ উপায়৷ এনে স্থিতিত জনসমাগম হ’ব পৰা অনুষ্ঠানৰ পৰা আঁতৰি থকাটোৱে সকলোৰে বাবে হ’ব মংগল৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে দীৰ্ঘ সময়ৰ লকডাউনৰ ফলত শিল্পী সমাজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল৷ সেয়েহে এইবাৰ বিহু উদ্‌যাপনৰ সিদ্ধান্তই বহুতৰ মনত আশাৰ সঞ্চাৰ কৰিছিল৷ কিন্তু এটা কথা সকলোৱে উপলব্ধি কৰা উচিত যে সুস্বাস্থ্য সকলোৰে আগত৷ ভাল দিন অহালৈ আৰু কিছু সময় অপেক্ষা কৰিব নোৱাৰিনে? নীতি-নিৰ্দেশনাৰ মাজেৰে চৰকাৰে বিহু উদ্‌যাপনৰ অনুমতি দিছে যদিও বিহু অনুষ্ঠানবোৰত সেই নীতি-নিৰ্দেশনাবোৰ কিমান মানি চলা হ’ব তাত সন্দেহৰ অৱকাশ থাকে৷ এনে পৰিস্থিতিত পৰৱৰ্তী সময়ত ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি যে অধিক অৱনতি নঘটিব তাৰো কোনেও নিশ্চয়তা দিব নোৱাৰিব৷