Logo
image

ছীজনৰ প্ৰথম মেচত মুম্বাইক নেতৃত্ব দিব সূৰ্যকুমাৰে

মুম্বাই, ১৯  মাৰ্চঃ  দলৰ মন্থৰ অভাৰ-ৰেটৰ বাবে আই পি এলৰ যোৱাটো সংস্কৰণত এখন মেচৰ বাবে নিলম্বিত হৈছিল মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া৷ সেয়েহে আই পি এলৰ আসন্ন ছীজনত মুম্বায়ে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অংশ ল’ব লগা দলৰ প্ৰথমখন মেচত খেলিব নোৱাৰিব হাৰ্দিকে৷ তেওঁৰ অনুপস্থিতিত চেন্নাইৰ বিৰুদ্ধে মেচখনত মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে৷ বুধবাৰে এক সংবাদ মেলত হাৰ্দিকে এই কথা নিশ্চিত কৰিছে৷


সংবাদ মেলত হাৰ্দিকৰ সৈতে উপস্থিত আছিল প্ৰশিক্ষক মাহেলা জয়ৱৰ্ধনে৷ হাৰ্দিকে কয়–‘সূৰ্যকুমাৰ যাদৱে ভাৰতীয় দলক নেতৃত্ব দিছে৷ ছীজনৰ প্ৰথম মেচত তেওঁ মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিব৷ মই সৌভাগ্যৱান যে তিনিজন অধিনায়কে মোৰ সৈতে খেলিছে–ৰোহিত [শৰ্মা], সূৰ্য আৰু [যশপ্ৰীত] বুমৰা৷ প্ৰয়োজনৰ সময়ত তেওঁলোক সদায়ে মোৰ সৈতে থাকে৷’ আনহাতে, বুমৰাৰ বিষয়ে হাৰ্দিকে কয় যে ৰাষ্ট˜ীয় ক্ৰিকেট একাডেমীৰ ৰিপৰ্টৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে৷ বুমৰাই সোনকালেই দলত যোগ দিব বুলি হাৰ্দিকে আশা প্ৰকাশ কৰে৷