
উদ্বোধনী খেলত কলকাতাৰ সন্মুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
কলকাতা, ২১ মাৰ্চঃ শনিবাৰৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক আই পি এল৷ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ উদ্বোধনী মেচখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ৷ অৱশ্যে, বতৰৰ পূৰ্বানুমান অনুসৰি মেচখনত বতৰে বিঘিনি ঘটোৱাৰ সম্ভাৱনা আছে৷ প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে বলত থু ব্যৱহাৰৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছে বি চি চি আয়ে৷ লগতে এইবাৰৰ আই পি এলত কেইবাটাও দলত দেখা যাব নতুন অধিনায়ক৷ ভাৰতৰ হৈ এতিয়াও টি-টুৱেণ্টীত অভিষেক নঘটা ৰজত পাটিদাৰে নেতৃত্ব দিব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক৷ দিল্লী কেপিটেলছৰ দাত্বিতত আছে অক্ষৰ পেটেলে৷ কলকাতা নাইট ৰাইডাৰ্ছৰ নতুন অধিনায়ক অজিংক্য ৰাহানে৷ দলটোৰ প্ৰাক্তন অধিনায়ক শ্ৰেয়স আয়াৰক এইবাৰ দেখা যাব পঞ্জাব কিংছৰ নেতৃত্বত৷ লগতে ৰাজস্থান ৰয়েলছক প্ৰথম তিনিখন মেচত নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে৷
দলৰ নিয়মীয়া অধিনায়ক সঞ্জু ছেমছনক আঙুলিৰ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে আশা কৰাতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছে৷ চেন্নাই ছুপাৰ কিংছৰ বিৰnদ্ধে মুম্বাই ইণ্ডিয়াছৰ প্ৰথম মেচত দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে৷ মন্থৰ অভাৰ ৰেটৰ বাবে এখন মেচৰ পৰা নিলম্বিত হৈ আছে দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া৷ এক নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে সাজু হৈছে ঋষভ পণ্ট৷ আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে পণ্ট৷ খেলুৱৈজনক ২৭ কোটি টকাত ক্ৰয় কৰিছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে৷ আই চি চি চেম্পিয়নছ ট্ৰফীৰ দলত থাকিলেও এখনো মেচত সুযোগ পোৱা নাছিল পণ্টে৷ এতিয়া তেওঁ টি-টুৱেণ্টীত নিজৰ দক্ষতা প্ৰমাণ কৰিব লাগিব৷ শনিবাৰে এক বৰ্ণিল উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ’ব আই পি এল৷ অনুষ্ঠানৰ আকৰ্ষণ হ’ব শ্ৰেয়া ঘোষাল, দিশা পাটানি আদি৷ কিন্তু আই পি এলৰ প্ৰথম খেলৰ ৰোমাঞ্চ ম্লান কৰিব পাৰে বৰষুণে৷