Logo
image

আইপিএলত নতুন ভূমিকাত দেখা যাব উইলিয়ামছনক

নতুন দিল্লী, ২১ মাৰ্চঃ  আই পি এলৰ মেগা নিলামত কোনো দলে ক্ৰয় কৰা নাছিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনক৷ কিন্তু তথাপিও বি চি চি আইৰ টি-টুৱেণ্টী লীগৰ সৈতে যুক্ত আছে নিউজীলেণ্ড এই ক্ৰিকেটাৰ৷ আই পি এলত এক নতুন ভূমিকাত দেখা যাব উইলিয়ামছনক৷ শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা আই পি এলক তেওঁক ধাৰাভাষ্যকাৰ হিচাপে দেখা যাব৷ প্ৰতিযোগিতাৰ সম্প্ৰচাৰকাৰী চেনেলে প্ৰকাশ কৰা ধাৰাভাষ্যকাৰৰ তালিকাত নিউজীলেণ্ডৰ এই প্ৰাক্তন অধিনায়কৰ নাম অন্তৰ্ভুক্ত হৈছে৷ যোৱা বছৰ উইলিয়ামছন আছিল গুজৰাট টাইটানছত৷ এইবাৰ নিলামত অংশ ল’লেও কোনো দলে তেওঁৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিলে৷


আই পি এলৰ সময়ত নিউজীলেণ্ডৰ কোনো গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সূচী নাই৷ সেয়ে উইলিয়ামছনক ধাৰাভাষ্যকাৰ হিচাপে যুক্ত হোৱাৰ প্ৰস্তাৱ দিছিল সম্প্ৰচাৰকাৰী চেনেলে৷ সেই প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰকাজনে৷ টেলিভিছ«নত সহঃবিশে¡ষক হিচাপে উইলিয়ামছনে পাব সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, বীৰেন্দ্ৰ সেৱাগ, অনিল কুম্বলে, হৰভজন সিং, অজয় জাদেজা, নৱজোৎ সিং সিধু, আকাশ চোপ্ৰা, সঞ্জয় মঞ্জৰেকাৰ, মাইকেল ক্লাৰ্ক, মেথিউ হেডেন, মাৰ্ক বাউচাৰ, ৰুদ্ৰপ্ৰতাপ সিং, শিখৰ ধৱন, প্ৰজ্ঞান ওঝা, সুৰেশ ৰাইনা, এবি ডে ভিলিয়াৰ্ছ, এৰন ফিন্স, ৰবীন উত্থাপ্পা, অম্বাতি ৰায়ুডু, মহম্মদ কাঈফ, পীয়ূষ চাওলাক৷