Logo
image

ভিনিচিয়াছৰ অন্তিম মুহূৰ্তৰ গ’লেৰে ব্ৰাজিলৰ জয়

নতুন দিল্লী, ২১  মাৰ্চঃ বিশ্বকাপৰ যোগ্যতাঅৰ্জনকাৰী মেচত ভিনিচিয়াছ জুনিয়ৰে অন্তিম মুহূৰ্তত দিয়া গ’লৰ সহায়ত কলম্বিয়াক পৰাস্ত কৰিছে ব্ৰাজিলে৷ ড্ৰ’ৰ দিশত গতি কৰা খেলখনত ইনজুৰী টাইমৰ নৱম মিনিটত গ’ল কৰি ব্ৰাজিলক চমৎকাৰ জয় উপহাৰ দিয়ে ৰিয়েল মাদ্ৰিদৰ ফৰৱাৰ্ডজনে৷ ঘৰুৱা খেলপথাৰত অংশ লোৱা মেচখনত ব্ৰাজিলে কলম্বিয়াক পৰাস্ত কৰে ২-১ গ’লত৷ আক্ৰ*মণাত্মক আৰম্ভণিৰ পাছত পেনাল্টীৰ সহায়ত গ’ল দি ষষ্ঠ মিনিটত ব্ৰাজিলক অগ্ৰগতি দিয়ে ৰাফিনহাই৷ ব্ৰাজিলে ক্ৰমাগতভাৱে কলম্বিয়াৰ ৰক্ষণ বিভাগত চাপ সৃষ্টি কৰিছিল৷ কিন্তু ৪১ মিনিটত এটা দুৰ্দান্ত গ’লেৰে কলম্বিয়াৰ হৈ সমতা স্থাপন কৰে ডিয়াজে৷


বিৰতিৰ পাছত ব্ৰাজিলে আক্ৰমণ চলাই গৈছিল যদিও গ’লৰ কেইবাটাও সুযোগ নষ্ট কৰিছিল৷ ৭১ মিনিটত আঘাতৰ সন্মুখীন হৈ খেলপথাৰ এৰে ব্ৰাজিলৰ গ’লৰক্ষক এলিছনে৷ তেওঁৰ স্থানত নামে বাণ্টো৷ খেলখন ড্ৰ’ৰ দিশত গতি কৰাৰ সময়ত ভিনিচিয়াছ জুনিয়ৰে গ’ল কৰি ব্ৰাজিলৰ জয় নিশ্চিত কৰে৷ এই জয়ৰ ফলত পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ উত্তৰণ ঘটিল ব্ৰাজিলৰ৷ ১৩ খন মেচত ২১ পইণ্ট লাভ কৰি আছে দলটোৱে৷ ১৯ পইণ্ট লাভ কৰি থকা কলম্বিয়া ষষ্ঠ স্থানলৈ নামি গৈছে৷ ৪মাৰ্চত পৰৱৰ্তী মেচত ব্ৰাজিল আৰ্জেণ্টিনাৰ সন্মুখীন হ’ব৷