Logo
image

টি-২০ত অভিলেখ পাকিস্তানৰ ফাৰহানৰ

নতুন দিল্লী, ২২  মাৰ্চঃ  পাকিস্তানৰ ক্ৰিকেটত এক নতুন অভিলেখৰ সৃষ্টি হৈছে৷ দেশখনৰ ঘৰুৱা টি-টুৱেণ্টী প্ৰতিযোগিতাত ১৬২ ৰানৰ অপৰাজিত ইনিংছ খেলিছে ছাহিবজাদা ফাৰহানে৷ কুৰি অভাৰৰ ক্ৰিকেটত কোনো পাক বেটাৰৰ এয়া সৰ্বাধিক ব্যক্তিগত ৰানৰ ইনিংছ৷ ২৯ বৰ্ষীয় বেটাৰজনে আঠ বছৰৰ পুৰণি অভিলেখ ভংগ কৰে৷ পাকিস্তানৰ প্ৰাক্তন উইকেটৰক্ষক-বেটাৰ কামৰান আকমলে ২০১৭ চনত ৭১ বলত ১৫০ ৰানৰ ইনিংছ খেলিছিল৷


জাতীয় টি-টুৱেণ্টী কাপৰ সেই ইনিংছেই ইমানদিনে কুৰি অভাৰৰ ক্ৰিকেটত পাকিস্তানৰ কোনো ক্ৰিকেটাৰৰ সবোৰ্চ্ছ ব্যক্তিগত ইনিংছ আছিল৷ শুকুৰবাৰে ফাৰহানে সেই অভিলেখ ভংগ কৰে৷ পেছোৱাৰ ৰিজ’নৰ হৈ কোৱেট্টা ৰিজ’নৰ বিৰুদ্ধে অংশ লোৱা মেচখনত ইনিংছ মুকলি কৰি ফাৰহানে ৭২ বলত ১৬২ ৰানৰ ইনিংছ খেলে৷ তেওঁৰ ইনিংছত আছিল ১৪ টা চাৰি আৰু ১১ টা ছয়৷ টি-টুৱেণ্টী ক্ৰিকেটত সৰ্বোচ্ছ ব্যক্তিগত ৰানৰ অভিলেখ আছে ক্ৰিছ গেইলৰ নামত৷ তেওঁ ২০১৩ চনত আই পি এলত ১৭৫ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল৷ তালিকাত দ্বিতীয় স্থানত আছে এৰ’ন ফিন্সৰ ১৭২ ৰানৰ ইনিংছ৷ তৃতীয় স্থানত আছে তিনিজন৷ হেমিŒI×ন মাছাকদজা, হজৰতুল্লা জাজাই আৰু ফাৰহান৷