Logo
image

মুম্বাইত উজলিছে শব্দ অভিযন্তা অসম সন্তান বলয় কুমাৰ দলৈ

আকৌ জিলিকিল আইফা বঁটাত বলয় কুমাৰ দলৈ৷ এইবাৰ ‘কিল’ ছবিৰ বাবে লাভ কৰিলে শ্ৰেষ্ঠ ছাউণ্ড মিক্সিঙৰ বঁটা৷ তিনিজনে যুটীয়াভাৱে লাভ কৰে এই বঁটা৷ বলয়ৰ সৈতে এই বঁটা লাভ কৰিছে সুভাষ চাহু আৰু ৰাহুল কৰ্পে৷ ২০২৩ বৰ্ষতো আইফাত জিলিকিছিল অসম সন্তান বলয় কুমাৰ দলৈ৷ ‘মণিকা অ’ মাই ডাৰ্লিং’ ছবিৰ বাবে লাভ কৰে শ্ৰেষ্ঠ ছাউণ্ড মিক্সিঙৰ বঁটা৷ ১৯ বছৰ ধৰি শব্দ জগতৰ লগত জড়িত হৈ বিভিন্ন ভাষাৰ ছবিত কাম কৰিছে বলয়ে৷ ২০০৬ চনত প্ৰথম সহকাৰী ছাউণ্ড বি ৰেকৰ্ডিষ্ট হিচাপে কাম কৰি ২০১৩ চনত কাম কৰে ‘জলী এল এল বি’ত৷ ফিল্ম মেকিং এণ্ড অডিঅ’ ইঞ্জিনীয়াৰিঙত ডিপ্ল’মা গ্ৰহণ কৰি অসমীয়া, হিন্দীকে ধৰি ইংৰাজী, মাৰাঠী, তামিল, তেলেগু, কংকনী আৰু গুজৰাটী ভাষাত শব্দৰ কাম কৰা বলয় বৰ্তমান এজন ব্যস্ত শিল্পী৷


ছবিৰ লগতে তথ্যচিত্ৰ আৰু বায়’পিকৰ উপৰিও টলীউড আৰু বলিউডৰ বহু পৰিচালকৰ লগত কাম কৰিছে৷ তাৰ ভিতৰত মীৰা নায়াৰ, এছ এছ ৰাজামৌলি, ছামিম শৰীফ আদি৷ ৬১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটাত বলয়ে ছাউণ্ড ৰি ৰেকৰ্ডিং কৰা ছবি ‘জলী এল এল বি’ আৰু জাহ্নু বৰুৱাৰ ‘অজেয়’ ছবিখনে লাভ কৰিছে আঞ্চলিক ভাষাৰ অসমীয়া আৰু হিন্দী শ্ৰেষ্ঠ ছবিৰ সন্মান৷ ইফালে বৰফি, ভাগ মিলখা ভাগ, ডন টু, তালাস, দেঢ় ইছকিয়া, ক্ৰিছ থ্ৰি, বুলেট বাজা, এ বি চি ডি, স্পেচিয়েল, আৰ্টিকল ১৫, মেড ইন চাইনা, ভংগৰা পা লে, ষ্ট্ৰীট ডান্সাৰ থ্ৰি ডি, পাগলাইট, শেৰশ্বাহ, ভেড়িয়া, মিছন মজনো, কঠাল, চেলফি, চোৰ নিকাল কে ভাগা, অ’ মাই গড, কাশ্মীৰ ফাইলছ, দা ভেকচিন ৱাৰ, কিল, বাৰ্লিন, ১২ ফেইল আদি কৰি আৰু বহু ছবিত তেওঁ কাম কৰিছে৷ ২০২৫ চনত তেওঁ কাম কৰিছে অজয় দেৱগণ অভিনীত ‘আজাদ’ ছবিৰ লগতে শ্বাহিদ কাপোৰৰ ‘দেৱা’,  অনিৰ্বাণ বৰঠাকুৰৰ সৈতে মাৰাঠী ছবি ‘সবৰ বন্দা’ত কাম কৰিছে৷